--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে দেশপ্ৰেমী বুলি অভিহিত কৰিছে জাভেদ আখটাৰে। বৃহস্পতিবাৰে তেওঁ কয় যে তেওঁ এজন দেশপ্ৰেমী আৰু কেতিয়াও কোনো দেশবিৰোধী চিন্তা কৰা নাই।

"মই এজন দেশপ্ৰেমী। কেতিয়াও দেশ বিৰোধী আদৰ্শ বা চিন্তা মোৰ নাই।"- জ্যেষ্ঠ নেতা চাগন ভুজবলৰ ৭৫ তম জন্মদিন উপলক্ষে এনচিপিয়ে আয়োজন কৰা এটা অনুষ্ঠানত আখটাৰে এইদৰে কয়।

উল্লেখযোগ্য ভুজবলে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছইল। তেওঁক দলটোৰ অ'বিচি শ্ৰেণীৰ মূল নেতা বুলি জনা যায়। এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু জম্মু আৰু কাশ্মীৰ নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাইও অনুষ্ঠানটোত বক্তব্য ৰাখে।

মঞ্চত থকা সকলো বিৰোধী নেতালৈ আঙুলিয়াই জাভেদ আখটাৰে কয় যে সমগ্ৰ "হিন্দুস্তান" অনুষ্ঠানটোত বহি আছে। “ইয়াত বিভিন্ন দলৰ নেতা আছে। হিন্দুস্তান ইয়াত বহি আছে।"- ৭৭ বছৰীয়া আখটাৰে কয়।

উল্লেখ্য যে প্ৰসিদ্ধ গীতিকাৰগৰাকীক প্ৰায়ে তেওঁৰ কিছু টুইটৰ বাবে ছ'চিয়েল মিডিয়াত "দেশবিৰোধী" বুলি কোৱা হয়। এই টুইটসমূহহৰ দ্বাৰা তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰি আহিছে।

 মোদী চৰকাৰৰ নীতি-আদৰ্শক সমালোচনা কৰিবলৈ গৈ যোৱা বৰ্ষত আখটাৰে সোঁপন্থী আদৰ্শক "দমনমূলক" বুলিও অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু