--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিজকে দেশপ্ৰেমী বুলি অভিহিত কৰিছে জাভেদ আখটাৰে। বৃহস্পতিবাৰে তেওঁ কয় যে তেওঁ এজন দেশপ্ৰেমী আৰু কেতিয়াও কোনো দেশবিৰোধী চিন্তা কৰা নাই।

"মই এজন দেশপ্ৰেমী। কেতিয়াও দেশ বিৰোধী আদৰ্শ বা চিন্তা মোৰ নাই।"- জ্যেষ্ঠ নেতা চাগন ভুজবলৰ ৭৫ তম জন্মদিন উপলক্ষে এনচিপিয়ে আয়োজন কৰা এটা অনুষ্ঠানত আখটাৰে এইদৰে কয়।

উল্লেখযোগ্য ভুজবলে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছইল। তেওঁক দলটোৰ অ'বিচি শ্ৰেণীৰ মূল নেতা বুলি জনা যায়। এনচিপিৰ মুৰব্বী শৰদ পাৱাৰ, মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে আৰু জম্মু আৰু কাশ্মীৰ নেচনেল কনফাৰেন্সৰ মুৰব্বী ফাৰুক আব্দুল্লাইও অনুষ্ঠানটোত বক্তব্য ৰাখে।

মঞ্চত থকা সকলো বিৰোধী নেতালৈ আঙুলিয়াই জাভেদ আখটাৰে কয় যে সমগ্ৰ "হিন্দুস্তান" অনুষ্ঠানটোত বহি আছে। “ইয়াত বিভিন্ন দলৰ নেতা আছে। হিন্দুস্তান ইয়াত বহি আছে।"- ৭৭ বছৰীয়া আখটাৰে কয়।

উল্লেখ্য যে প্ৰসিদ্ধ গীতিকাৰগৰাকীক প্ৰায়ে তেওঁৰ কিছু টুইটৰ বাবে ছ'চিয়েল মিডিয়াত "দেশবিৰোধী" বুলি কোৱা হয়। এই টুইটসমূহহৰ দ্বাৰা তেওঁ মোদী চৰকাৰৰ বিৰুদ্ধাচাৰণ কৰি আহিছে।

 মোদী চৰকাৰৰ নীতি-আদৰ্শক সমালোচনা কৰিবলৈ গৈ যোৱা বৰ্ষত আখটাৰে সোঁপন্থী আদৰ্শক "দমনমূলক" বুলিও অভিহিত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক