--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পিছৰে পৰাই বিতৰ্কৰ চাকনৈয়াত সোমাই পৰা  'আদিপুৰুষ' ছবি খনৰ সংলাপকে ধৰি আন কেতবোৰ দিশে ৰামায়ণৰ চৰিত্ৰসমূহক অপমান কৰা বুলি চৰ্চা চলি আহিছে।  ছবি খনৰ বিৰুদ্ধে বৈ গৈছে  নিন্দা আৰু সমালোচনাৰ ধুমুহা। আইনী মেৰপেছতো সোমাই পৰিছে ছবি খন।  ভাৰতৰ চুবুৰীয়া নেপালৰ পৰাও ছবি খনকলৈ  আপত্তি উত্থাপন কৰা হৈছে। 

বক্স অফিচতো ইয়াৰ প্ৰভাৱ পৰিছে।  ছবিখনৰ সংলাপ হৈছে এই বিতৰ্কৰ এক বিশেষ বিষয়। ছবি খনৰ সংলাপকলৈ সকলো স্তৰৰ পৰা আপত্তি দৰ্শোৱা দেখা গৈছে। দীঘলীয়া বিতৰ্ক, উত্তেজনাৰ পিছত, 'আদিপুৰুষ' ৰ চিত্ৰনাট্যকাৰ মনোজ মুনতাছিৰে ৰামভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে।  মনোজ মুন্তাছিৰে টুইট কৰি কয়, "মই জানো যে 'আদিপুৰুষ' চাই বহুতৰে অনুভূতিত আঘাত লাগিছে। মই ক্ষমা বিচাৰিছো। তেওঁ লগতে কয়, "মোৰ সকলো ভাতৃ-ভগ্নী, শ্ৰদ্ধেয় সাধু আৰু শ্ৰী ৰামৰ ভক্তসকলক হাত জোৰ কৰি  চৰ্তহীন ক্ষমা বিচাৰিছো। ভগৱান বজৰংবলীয়ে আমাৰ পবিত্ৰ পৰম্পৰাগত সংস্কৃতি বজাই ৰাখি আমাক দেশৰ সেৱা কৰাৰ শক্তি দিয়ক। "

মনোজ মুন্তাছিৰৰ টুইটটো শনিবাৰে পুৱা ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। নেটিজেনসকলে 'আদিপুৰুষ'ৰ সংলাপ লিখকৰ ক্ষমা প্ৰাৰ্থনাৰ বিষয়েও চৰ্চা কৰি থকা পৰিলক্ষিত হৈছে। প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক  আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷ 

সেয়ে ছ'চিয়েল মিডিয়াত বহুতে  ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত  নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে  ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷  

এনে ভাষা প্ৰয়োগৰ বাবেই বহুতে ছ'চিয়েল মিডিয়াত ছবিখন ট্ৰ'ল কৰা আৰম্ভ কৰিছে।বহুতে ছবি খনক আধুনিক ৰামায়ণ হিচাবে মানি ল’ব বিচৰা নাই। বহুতৰ মতে ছবি খনক  ৰামানন্দ সাগৰৰ ৰামায়ণৰ সৈতে তুলনা কৰিব নোৱাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু