--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পিছৰে পৰাই বিতৰ্কৰ চাকনৈয়াত সোমাই পৰা  'আদিপুৰুষ' ছবি খনৰ সংলাপকে ধৰি আন কেতবোৰ দিশে ৰামায়ণৰ চৰিত্ৰসমূহক অপমান কৰা বুলি চৰ্চা চলি আহিছে।  ছবি খনৰ বিৰুদ্ধে বৈ গৈছে  নিন্দা আৰু সমালোচনাৰ ধুমুহা। আইনী মেৰপেছতো সোমাই পৰিছে ছবি খন।  ভাৰতৰ চুবুৰীয়া নেপালৰ পৰাও ছবি খনকলৈ  আপত্তি উত্থাপন কৰা হৈছে। 

বক্স অফিচতো ইয়াৰ প্ৰভাৱ পৰিছে।  ছবিখনৰ সংলাপ হৈছে এই বিতৰ্কৰ এক বিশেষ বিষয়। ছবি খনৰ সংলাপকলৈ সকলো স্তৰৰ পৰা আপত্তি দৰ্শোৱা দেখা গৈছে। দীঘলীয়া বিতৰ্ক, উত্তেজনাৰ পিছত, 'আদিপুৰুষ' ৰ চিত্ৰনাট্যকাৰ মনোজ মুনতাছিৰে ৰামভক্তসকলৰ ওচৰত ক্ষমা বিচাৰিছে।  মনোজ মুন্তাছিৰে টুইট কৰি কয়, "মই জানো যে 'আদিপুৰুষ' চাই বহুতৰে অনুভূতিত আঘাত লাগিছে। মই ক্ষমা বিচাৰিছো। তেওঁ লগতে কয়, "মোৰ সকলো ভাতৃ-ভগ্নী, শ্ৰদ্ধেয় সাধু আৰু শ্ৰী ৰামৰ ভক্তসকলক হাত জোৰ কৰি  চৰ্তহীন ক্ষমা বিচাৰিছো। ভগৱান বজৰংবলীয়ে আমাৰ পবিত্ৰ পৰম্পৰাগত সংস্কৃতি বজাই ৰাখি আমাক দেশৰ সেৱা কৰাৰ শক্তি দিয়ক। "

মনোজ মুন্তাছিৰৰ টুইটটো শনিবাৰে পুৱা ইণ্টাৰনেটত ভাইৰেল হৈ পৰে। নেটিজেনসকলে 'আদিপুৰুষ'ৰ সংলাপ লিখকৰ ক্ষমা প্ৰাৰ্থনাৰ বিষয়েও চৰ্চা কৰি থকা পৰিলক্ষিত হৈছে। প্ৰভাস, কৃতি চানন আৰু চেইফ আলী খান অভিনীত ' আদিপুৰুষ''-এ ১৬ জুনত ছবিগৃহত মুক্তি লাভ কৰিছে। ওম ৰাউতে পৰিচালনা কৰা ছবি খনক  আধুনিক সময়ৰ ৰামায়ণ বুলি কোৱা হৈছে। চলচ্চিত্ৰখন মুক্তি পোৱাৰ লগে লগে ছবি খনকলৈ মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে প্ৰভাসৰ অভিনয় খুব ভাল পাইছে, আনহাতে কিছুমানে ছবিখনৰ ভিএফএক্স আৰু সংলাপ পছন্দ কৰা নাই৷ 

সেয়ে ছ'চিয়েল মিডিয়াত বহুতে  ছবিখনৰ সংলাপকলৈ সমালোচনা কৰিছে। মানুহে আশা কৰিছিল যে ৰামায়ণৰ আধাৰত  নিৰ্মিত চলচ্চিত্ৰখনত শালীন ভাষা ব্যৱহাৰ কৰা হ’ব, কিন্তু তাৰ বিপৰীতে  ছবিখনত'কপড়া তেৰে বাপ কা, আগ তেৰে বাপ কা, তেল তেৰে বাপ কা, জলেগী ভি তেৰে বাপ কা...', 'তেৰি বুৱা কা গাৰ্ডেন হে য়া জয়া খানা’ ৰ দৰে সংলাপসমূহ বহুতে ভাল পোৱা নাই৷  

এনে ভাষা প্ৰয়োগৰ বাবেই বহুতে ছ'চিয়েল মিডিয়াত ছবিখন ট্ৰ'ল কৰা আৰম্ভ কৰিছে।বহুতে ছবি খনক আধুনিক ৰামায়ণ হিচাবে মানি ল’ব বিচৰা নাই। বহুতৰ মতে ছবি খনক  ৰামানন্দ সাগৰৰ ৰামায়ণৰ সৈতে তুলনা কৰিব নোৱাৰি।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক