--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক উত্তেজনাৰ বাবে ভিয়েটনাম চৰকাৰে এখন হলিউডৰ ছৱিৰ প্ৰদৰ্শন দেশখনত নিষিদ্ধ কৰিছে। ৱাৰ্নাৰ ব্ৰাদাৰ্ছে নিৰ্মাণ কৰা 'বাৰ্বি’ নামৰ চিনেমাখনক ফিলিপাইনছতো নিষিদ্ধ কৰাৰ কথা চিন্তা কৰা হৈছে। এনে পৰিস্থিতিত হলিউডৰ প্ৰডাকচন কোম্পানীটোয়ে ছবিখনৰ সপক্ষে যুক্তি দিছে।

অহা ২১ জুলাইত আমেৰিকা আৰু ভিয়েটনামত মুক্তি পাব ‘বাৰ্বি’। ইতিমধ্যেই ছবিখনৰ এটা দৃশ্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তাত এখন মানচিত্ৰত দেখা যায় দক্ষিণ চীন সাগৰত ‘ন’ ডেচ লাইন’ নামৰ চীনে নিৰ্মাণ কৰা জলসীমা।

সেয়ে ভিয়েটনাম আৰু ফিলিপাইনছৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ অভিযোগ যে বেইজিঙে দক্ষিণ চীন সাগৰৰ সীমাৰেখাডাল আচলতে দখল কৰিছে। চীনে নিজৰ ভূখণ্ড বুলি দাবী কৰা অংশটো আচলতে ফিলিপাইনছ আৰু ভিয়েটনামৰ অংশ। চিনেমাখনে চীনৰ দখলদাৰীত্বক স্বীকৃতি দিব বিচাৰিছে।

ৱাৰ্নাৰ ব্রাদার্ছে কয় যে তেওঁলোকৰ ছবিখনত একো দোষ দেখা নাই৷ তেওঁলোকে ক'লে, "ৰঙীন মানচিত্ৰখন শিশুসুলভ ৰূপত অংকন কৰা হৈছে। তাত সীমাৰেখাটো ধেমেলীয়া ৰূপত দেখুওৱা হৈছে। কাকো আঘাত দিবলৈ নহয়।”

ইতিমধ্যে ভিয়েটনামে ছবিখন নিষিদ্ধ কৰিছে যদিও ফিলিপাইনছ চৰকাৰে এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই।
উল্লেখ্য যে ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ অনুমোদিত আদালতে বেইজিঙৰ এই সীমা নিৰ্ধাৰণক অবৈধ বুলি খাৰিজ কৰিছিল। আনকি তেওঁলোকে সেই অঞ্চলৰ এক বৃহৎ অঞ্চলক ফিলিপাইনছৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল হিচাপে ঘোষণা কৰে। অৱশ্যে বেইজিঙে এই ৰায় নাকচ কৰে। এতিয়ালৈকে দুয়োখন দেশৰ মাজত বিবাদৰ সমাধান হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু