--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজনৈতিক উত্তেজনাৰ বাবে ভিয়েটনাম চৰকাৰে এখন হলিউডৰ ছৱিৰ প্ৰদৰ্শন দেশখনত নিষিদ্ধ কৰিছে। ৱাৰ্নাৰ ব্ৰাদাৰ্ছে নিৰ্মাণ কৰা 'বাৰ্বি’ নামৰ চিনেমাখনক ফিলিপাইনছতো নিষিদ্ধ কৰাৰ কথা চিন্তা কৰা হৈছে। এনে পৰিস্থিতিত হলিউডৰ প্ৰডাকচন কোম্পানীটোয়ে ছবিখনৰ সপক্ষে যুক্তি দিছে।

অহা ২১ জুলাইত আমেৰিকা আৰু ভিয়েটনামত মুক্তি পাব ‘বাৰ্বি’। ইতিমধ্যেই ছবিখনৰ এটা দৃশ্যই বিতৰ্কৰ সৃষ্টি কৰিছে। তাত এখন মানচিত্ৰত দেখা যায় দক্ষিণ চীন সাগৰত ‘ন’ ডেচ লাইন’ নামৰ চীনে নিৰ্মাণ কৰা জলসীমা।

সেয়ে ভিয়েটনাম আৰু ফিলিপাইনছৰ দৰে দক্ষিণ-পূব এছিয়াৰ দেশসমূহৰ অভিযোগ যে বেইজিঙে দক্ষিণ চীন সাগৰৰ সীমাৰেখাডাল আচলতে দখল কৰিছে। চীনে নিজৰ ভূখণ্ড বুলি দাবী কৰা অংশটো আচলতে ফিলিপাইনছ আৰু ভিয়েটনামৰ অংশ। চিনেমাখনে চীনৰ দখলদাৰীত্বক স্বীকৃতি দিব বিচাৰিছে।

ৱাৰ্নাৰ ব্রাদার্ছে কয় যে তেওঁলোকৰ ছবিখনত একো দোষ দেখা নাই৷ তেওঁলোকে ক'লে, "ৰঙীন মানচিত্ৰখন শিশুসুলভ ৰূপত অংকন কৰা হৈছে। তাত সীমাৰেখাটো ধেমেলীয়া ৰূপত দেখুওৱা হৈছে। কাকো আঘাত দিবলৈ নহয়।”

ইতিমধ্যে ভিয়েটনামে ছবিখন নিষিদ্ধ কৰিছে যদিও ফিলিপাইনছ চৰকাৰে এতিয়াও চূড়ান্ত সিদ্ধান্ত ঘোষণা কৰা নাই।
উল্লেখ্য যে ২০১৬ চনত ৰাষ্ট্ৰসংঘৰ অনুমোদিত আদালতে বেইজিঙৰ এই সীমা নিৰ্ধাৰণক অবৈধ বুলি খাৰিজ কৰিছিল। আনকি তেওঁলোকে সেই অঞ্চলৰ এক বৃহৎ অঞ্চলক ফিলিপাইনছৰ একচেটিয়া অৰ্থনৈতিক অঞ্চল হিচাপে ঘোষণা কৰে। অৱশ্যে বেইজিঙে এই ৰায় নাকচ কৰে। এতিয়ালৈকে দুয়োখন দেশৰ মাজত বিবাদৰ সমাধান হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক