--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডই  সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে। এজন এজন  ধৰ্মৰ যুৱকৰ সৈতে বাস কৰিবলৈ ঘৰৰ অমতত  ঘৰ এৰি গুচি গৈছিল শ্ৰদ্ধাই। পিতৃ-মাতৃয়ে বাধা প্ৰদান কৰাত শ্ৰদ্ধাই মাত্ৰ কৈছিল- মই এতিয়া প্ৰাপ্তবয়স্ক। শ্ৰদ্ধা ৱাকাৰৰ পিতৃ বিকাশ ৱাকাৰে শুক্ৰবাৰে  প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। 

তেওঁ কয় যে " ১৮ বছৰ বয়স হ’লেও সন্তানৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগে।কিন্তু সেই নিয়ন্ত্ৰণ আমাৰ ছোৱালীয়ে মানি নল’লে মোৰ ছোৱালীয়ে মোৰ ঘৰৰ পৰা ওলাই যোৱাৰ আগতে তাই মোক কৈছিল, মই এতিয়া প্ৰাপ্তবয়স্ক হৈছো। তাৰ পিছত মই তাইক একো ক'ব নোৱাৰা হৈ পৰিছিলো"। কন্যাৰ হত্যাত শোকত ভাগি পৰা বিকাশ ৱাকাৰে   সংবাদমেলত কয় যে  ১৮  বছৰ বয়সত পোৱা "স্বাধীনতা"ৰ কথাটো আমি সকলোৱে  চিন্তা কৰা উচিত। 

তেওঁ লগতে কিছুমান মোবাইল ফোনৰ অপব্যৱহাৰৰ  বিৰুদ্ধে ব্যৱস্থা লোৱাৰো দাবী জনায় । তেওঁ কয় যে মোবাইল ফোনৰঅপব্যৱহাৰে "সমস্যা সৃষ্টি" কৰি আছে।  উল্লেখ্য ডেটিং এপ বাম্বলৰ যোগেদিয়েই  শ্ৰদ্ধাই আফতাবক লগ পাইছিল। শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি থকা দিল্লী আৰক্ষীয়ে তদন্তত সহায় কৰিবলৈ আফতাবৰ একাউণ্টৰ পৰা বিৱৰণ বিচাৰি বাম্বললৈ পত্ৰ লিখিছে।আৰক্ষীৰ  তদন্ত সন্দৰ্ভত বিকাশ ৱাকাৰে কয় যে তেওঁ এতিয়া তদন্তকলৈ  সন্তুষ্ট। 

কিন্তু  যদি মহাৰাষ্ট্ৰ আৰক্ষীয়ে আগতে কাম কৰিলেহেঁতেন , তেন্তে শ্ৰদ্ধা  এতিয়া জীয়াই থাকিলহেঁতেন।তেওঁ লগতে কয় যে শেষবাৰৰ বাবে তেওঁ  শ্ৰদ্ধাৰ সৈতে ২০২১ চনত বাৰ্তালাপ কৰিছিল। তেওঁ কয় "আমি তাইৰ অৱস্থানৰ বিষয়ে জানিব বিচাৰিছিলো। তাই কৈছিল যে তাই বাংগালুৰুত বাস কৰি আছে। মই ২৬ ছেপ্টেম্বৰত আফতাবৰ সৈতে কথা পাতিছিলো ,কিন্তু তেওঁৰ উত্তৰবোৰ ভাল লগা নাছিল" । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু