--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডই  সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে। এজন এজন  ধৰ্মৰ যুৱকৰ সৈতে বাস কৰিবলৈ ঘৰৰ অমতত  ঘৰ এৰি গুচি গৈছিল শ্ৰদ্ধাই। পিতৃ-মাতৃয়ে বাধা প্ৰদান কৰাত শ্ৰদ্ধাই মাত্ৰ কৈছিল- মই এতিয়া প্ৰাপ্তবয়স্ক। শ্ৰদ্ধা ৱাকাৰৰ পিতৃ বিকাশ ৱাকাৰে শুক্ৰবাৰে  প্ৰথমবাৰৰ বাবে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰে। 

তেওঁ কয় যে " ১৮ বছৰ বয়স হ’লেও সন্তানৰ ওপৰত নিয়ন্ত্ৰণ থাকিব লাগে।কিন্তু সেই নিয়ন্ত্ৰণ আমাৰ ছোৱালীয়ে মানি নল’লে মোৰ ছোৱালীয়ে মোৰ ঘৰৰ পৰা ওলাই যোৱাৰ আগতে তাই মোক কৈছিল, মই এতিয়া প্ৰাপ্তবয়স্ক হৈছো। তাৰ পিছত মই তাইক একো ক'ব নোৱাৰা হৈ পৰিছিলো"। কন্যাৰ হত্যাত শোকত ভাগি পৰা বিকাশ ৱাকাৰে   সংবাদমেলত কয় যে  ১৮  বছৰ বয়সত পোৱা "স্বাধীনতা"ৰ কথাটো আমি সকলোৱে  চিন্তা কৰা উচিত। 

তেওঁ লগতে কিছুমান মোবাইল ফোনৰ অপব্যৱহাৰৰ  বিৰুদ্ধে ব্যৱস্থা লোৱাৰো দাবী জনায় । তেওঁ কয় যে মোবাইল ফোনৰঅপব্যৱহাৰে "সমস্যা সৃষ্টি" কৰি আছে।  উল্লেখ্য ডেটিং এপ বাম্বলৰ যোগেদিয়েই  শ্ৰদ্ধাই আফতাবক লগ পাইছিল। শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ গোচৰৰ তদন্ত কৰি থকা দিল্লী আৰক্ষীয়ে তদন্তত সহায় কৰিবলৈ আফতাবৰ একাউণ্টৰ পৰা বিৱৰণ বিচাৰি বাম্বললৈ পত্ৰ লিখিছে।আৰক্ষীৰ  তদন্ত সন্দৰ্ভত বিকাশ ৱাকাৰে কয় যে তেওঁ এতিয়া তদন্তকলৈ  সন্তুষ্ট। 

কিন্তু  যদি মহাৰাষ্ট্ৰ আৰক্ষীয়ে আগতে কাম কৰিলেহেঁতেন , তেন্তে শ্ৰদ্ধা  এতিয়া জীয়াই থাকিলহেঁতেন।তেওঁ লগতে কয় যে শেষবাৰৰ বাবে তেওঁ  শ্ৰদ্ধাৰ সৈতে ২০২১ চনত বাৰ্তালাপ কৰিছিল। তেওঁ কয় "আমি তাইৰ অৱস্থানৰ বিষয়ে জানিব বিচাৰিছিলো। তাই কৈছিল যে তাই বাংগালুৰুত বাস কৰি আছে। মই ২৬ ছেপ্টেম্বৰত আফতাবৰ সৈতে কথা পাতিছিলো ,কিন্তু তেওঁৰ উত্তৰবোৰ ভাল লগা নাছিল" । 









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক