--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমৰবিৰ দলং দুৰ্ঘটনাত আহতৰ খবৰ ল’বলৈ গৈ প্ৰধানমন্ত্ৰী মোদীৰ নামত কিমান কোটি টকা খৰচ হৈছিল তাৰ হিচাব দাঙি ধৰি চৰকাৰৰ ৰোষত পৰা  তৃণমূল কংগ্ৰেছৰ  ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেট গোখলে বৃহস্পতিবাৰে জামিন দিয়া হৈছিল। কিন্তু জামিন পোৱাৰ অলপ পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। টিএমচিৰ এক সূত্ৰই এই  দাবী কৰিছে। 

জামিন পোৱাৰ কেইঘণ্টামানৰ ভিতৰতে টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেট  গোখলেক পুনৰ গ্ৰেপ্তাৰ কৰা কথা  তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰায়েনে নিশ্চিত কৰিছে।ডেৰেক অ'ব্ৰায়েনে  অভিযোগ কৰিছে যে দলৰ নেতাজনক হাৰাশাস্তি কৰাৰ বাবেই তেওঁক পুনৰ গ্ৰেপ্তাৰ  কৰা হৈছে।  গুজৰাটৰ মৰবিত দলং খহি পৰাৰ ওপৰত এটা টুইট পোষ্ট কৰাৰ অভিযোগত মঙলবাৰে নিশা ছাকেটক গ্ৰেপ্তাৰ কৰা হৈছিল। বৃহস্পতিবাৰে গোচৰটোত তৃণমূল নেতাজনক জামিন দিয়া হৈছিল। 

তাৰ পিছতে  তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।  টুইটাৰত ডেৰেকে লিখিছে, "জামিন পোৱাৰ পাছতো গুজৰাট আৰক্ষীয়ে ছাকেট  গোখলে আৰু তৃণমূলক হাৰাশাস্তি অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে নিশা ৮:৪৫ বজাত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। ডেৰেকে লগতে কয় যে যেতিয়া চাকেত আহমেদাবাদৰ চাইবাৰ আৰক্ষী থানাৰ পৰা ওলাই আহিছিল, আৰক্ষীৰ এটা দলে কোনো জাননী আৰু ৱাৰেণ্ট অবিহনে ছাকেটক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁক অজ্ঞাত স্থানলৈ লৈ গৈছিল।" 

অৱশ্যে, ছাকেটক  পুনৰ কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সেয়া স্পষ্ট নহয়। আন এটা টুইটত ডেৰেকে কয় যে টিএমচিৰ সাংসদসকল গুজৰাটলৈ গৈ আছে। দোলা সেন, খালিউৰ ৰহমান, অসিত কুমাৰ মাল, ড০ শান্তনু সেন আৰু সুনীল কুমাৰ মণ্ডল টিএমচিৰ প্ৰতিনিধিৰ  দলটোত থাকিব। তেওঁ লগতে অভিযোগ কৰিছে যে মৰবি দলং দুৰ্যোগ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইয়াৰ বিপৰীতে  ছাকেটৰ বিৰুদ্ধে  কেইবাটাও ভুৱা গোচৰ জাপি দিয়া  হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক