--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃমৰবিৰ দলং দুৰ্ঘটনাত আহতৰ খবৰ ল’বলৈ গৈ প্ৰধানমন্ত্ৰী মোদীৰ নামত কিমান কোটি টকা খৰচ হৈছিল তাৰ হিচাব দাঙি ধৰি চৰকাৰৰ ৰোষত পৰা  তৃণমূল কংগ্ৰেছৰ  ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেট গোখলে বৃহস্পতিবাৰে জামিন দিয়া হৈছিল। কিন্তু জামিন পোৱাৰ অলপ পিছতে তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়। টিএমচিৰ এক সূত্ৰই এই  দাবী কৰিছে। 

জামিন পোৱাৰ কেইঘণ্টামানৰ ভিতৰতে টিএমচিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ছাকেট  গোখলেক পুনৰ গ্ৰেপ্তাৰ কৰা কথা  তৃণমূল কংগ্ৰেছৰ নেতা ডেৰেক অ'ব্ৰায়েনে নিশ্চিত কৰিছে।ডেৰেক অ'ব্ৰায়েনে  অভিযোগ কৰিছে যে দলৰ নেতাজনক হাৰাশাস্তি কৰাৰ বাবেই তেওঁক পুনৰ গ্ৰেপ্তাৰ  কৰা হৈছে।  গুজৰাটৰ মৰবিত দলং খহি পৰাৰ ওপৰত এটা টুইট পোষ্ট কৰাৰ অভিযোগত মঙলবাৰে নিশা ছাকেটক গ্ৰেপ্তাৰ কৰা হৈছিল। বৃহস্পতিবাৰে গোচৰটোত তৃণমূল নেতাজনক জামিন দিয়া হৈছিল। 

তাৰ পিছতে  তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হয়।  টুইটাৰত ডেৰেকে লিখিছে, "জামিন পোৱাৰ পাছতো গুজৰাট আৰক্ষীয়ে ছাকেট  গোখলে আৰু তৃণমূলক হাৰাশাস্তি অব্যাহত ৰাখিছে। বৃহস্পতিবাৰে নিশা ৮:৪৫ বজাত তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰা হৈছে। ডেৰেকে লগতে কয় যে যেতিয়া চাকেত আহমেদাবাদৰ চাইবাৰ আৰক্ষী থানাৰ পৰা ওলাই আহিছিল, আৰক্ষীৰ এটা দলে কোনো জাননী আৰু ৱাৰেণ্ট অবিহনে ছাকেটক গ্ৰেপ্তাৰ কৰিছিল আৰু তেওঁক অজ্ঞাত স্থানলৈ লৈ গৈছিল।" 

অৱশ্যে, ছাকেটক  পুনৰ কি অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে সেয়া স্পষ্ট নহয়। আন এটা টুইটত ডেৰেকে কয় যে টিএমচিৰ সাংসদসকল গুজৰাটলৈ গৈ আছে। দোলা সেন, খালিউৰ ৰহমান, অসিত কুমাৰ মাল, ড০ শান্তনু সেন আৰু সুনীল কুমাৰ মণ্ডল টিএমচিৰ প্ৰতিনিধিৰ  দলটোত থাকিব। তেওঁ লগতে অভিযোগ কৰিছে যে মৰবি দলং দুৰ্যোগ সন্দৰ্ভত এতিয়ালৈকে কাকো গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইয়াৰ বিপৰীতে  ছাকেটৰ বিৰুদ্ধে  কেইবাটাও ভুৱা গোচৰ জাপি দিয়া  হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু