--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ''মোৰ সৌন্দৰ্যই মোৰ বাবে বিপদ মাতি আনিছে। মই ইমানেই ধুনীয়া যে ৰাস্তাত মানুহে মোক ঘূৰি ঘূৰি চায়। এই কথাই মোক বৰ অশান্তি দিয়ে''- এই দাবী এগৰাকী মডেলৰ। মডেলগৰাকীয়ে কয় যে তেওঁ দেখাত ইমান ধুনীয়া যে মানুহে তেওঁৰ ফালে চাই থাকে। জিম হওক বা বজাৰ হওক, তেওঁ সকলোতে এই সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। সেয়েহে মডেলগৰাকীয়ে এতিয়া এতিয়া লাখ লাখ টকা খৰচ কৰি নিজৰ বাবে দেহৰক্ষী নিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, যাতে তেওঁ শান্তিৰে জীয়াই থাকিব পাৰে। মডেল মণিকা হাল্ডে এই অভিজ্ঞতা ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে।

৩৭ বছৰীয়া মনিকা আমেৰিকাৰ এৰিজোনাৰ বাসিন্দা। জিমত পুৰুষে তেওঁলৈ চাই থকাটো বন্ধ কৰিব নোৱাৰা বাবে তেওঁ দেহৰক্ষী নিয়োগ কৰাৰ কথা ভাবিছে। মণিকাই বিচাৰে যে তেওঁৰ দেহৰক্ষী এনেকুৱা হ’ব লাগে যাতে তেওঁ মানুহক ভয় খুৱাব পাৰে।

সপ্তাহত পাঁচ দিন মণিকা হাল্ডে ৱৰ্কআউট কৰে। জিমত পুৰুষে তেওঁক চাই থাকে। কিছুমান মানুহে তেওঁৰ লগত কথা পাতিবলৈ আগ্ৰহী আৰু কিছুমানে তেওঁক অপ্ৰয়োজনীয়ভাৱে প্ৰশংসা কৰি থাকে। পুৰুষে কিবা নহয় কিবা অজুহাত দেখুৱাই তেওঁৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰে। ইয়াৰ ফলত মণিকা বিচলিত হৈ পৰে আৰু তেওঁ জিমত মনোনিৱেশ কৰিব নোৱাৰে।

মণিকাই কয় যে মই মোৰ বাবে দেহৰক্ষী নিয়োগ কৰিব বিচাৰো। কাম ভালকে কৰা আৰু মানুহক ভয় খুৱাব পৰা দেহৰক্ষীৰ বাবে মই আনন্দৰে মাহে ৩০০০ ডলাৰ (২ লাখ ৪৫ হাজাৰ টকা) খৰচ কৰিম। মনিকা কয়- মোৰ বাবে ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ। কেৱল শাৰীৰিক স্বাস্থ্যৰ বাবেই নহয় মানসিক স্বাস্থ্যৰ বাবেও এই কাম কৰিছো।

মণিকা বিবাহিত আৰু স্বামী জনৰ সৈতে তেওঁ থাকে। ছ’চিয়েল মিডিয়াত তেওঁ অতি সক্ৰিয়। ৩ লাখৰো অধিক লোকে তেওঁক ইনষ্টাগ্ৰামত ফ’ল’ কৰে। 
मॉडल ने सुनाई आपबीती (फोटो- Monica Huldt/Insta)
অৱশ্যে মণিকাই স্বীকাৰ কৰে যে কোনোবাই তাইৰ সৌন্দৰ্য্যৰ প্ৰশংসা কৰিলে ভাল পায় যদিও সকলো সময়তে ভাল নাপায়। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে