--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবাই বৰ্তমান বিশ্বৰ বিত্তশালী শ্ৰেণীৰ অন্যতম প্ৰিয় স্থান। পশ্চিম এছিয়াৰ এই ৰ’দ জ্বলমল চহৰখনত বহুতো লোকে বসতি স্থাপন কৰিছে। এই তালিকাত বেছি পিছ পৰি থকা নাই বাংলাদেশীসকলে। যোৱা ডেৰ বছৰত, বাংলাদেশৰ বাসিন্দাসকলে ডুবাইত সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত নজিৰ স্থাপন কৰিছে।

বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৰ মতে, দেশখনৰ নাগৰিকসকলে ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ডুবাইত ঘৰ আৰু ফ্লেট ক্ৰয় কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। এই সময়ছোৱাত মাটি আৰু ঘৰ ক্ৰয় কৰা লোকৰ তালিকাৰ শীৰ্ষতো বাংলাদেশীসকল আছে।

প্ৰতিবেদন অনুসৰি, বাংলাদেশীসকলে ডেৰ বছৰৰ ব্যৱধানত ডুবাইত ১২২.৩  নিযুত দিৰহাম বিনিয়োগ কৰিছে। যাৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭২ কোটি।

বাংলাদেশৰ ব্যৱসায়ী, ৰাজনৈতিক নেতা আৰু আমোলাসকলে ডুবাইত সম্পত্তি ক্ৰয়ৰ এই তালিকাত আছে। কোভিড মহামাৰী চলি থকাৰ সময়তে তেওঁলোকে ডুবাইত সম্পত্তি ক্ৰয়ত হাত উজান দিয়ে।

অৱশ্যে বাংলাদেশীসকলে ডুবাইৰ আটাইতকৈ ফ্লেট-হাউচ ক্ৰয় কৰিছে বুলি কৰা দাবীৰ সত্যতা সন্দৰ্ভত বহুতে প্ৰশ্ন উত্থাপন কৰি আহিছে।

বৰ্তমান সময়ত ডুবাইৰ অৰ্থ হৈছে এক বিলাসী ঠাই। ইয়াত সকলো ধৰণৰ সুবিধা আছে। ফলস্বৰূপে ধনী লোকসকলৰ বাবে ডুবাই হৈছে পছন্দৰ স্থান। যোৱা কেইবছৰমানৰ পৰা বিভিন্ন দেশৰ ধনী সকলে তাত সম্পত্তি ক্ৰয় কৰি আহিছে।

বিভিন্ন দেশৰ পৰা অবৈধ ধন লৈ ডুবাইত অবৈধ ধন ক্ৰয় কৰা হৈছে নেকি তাক লৈও সন্দেহ প্ৰকাশ কৰিছে বহুতে। ডুবাইৰ ভূমি বিভাগে ঘৰ ক্ৰয় কৰা লোকসকলৰ নাম প্ৰকাশ নকৰে। ফলস্বৰূপে, সন্দেহ আৰু বৃদ্ধি পাইছে।

'প্ৰথম আলো’ৱে দাবী কৰিছে যে বাংলাদেশীসকল ডুবাইত সম্পত্তি ক্ৰয়ৰ তালিকাৰ শীৰ্ষত আছে। তেন্তে বাংলাদেশীসকলে তাত অবৈধ টকাৰে সম্পত্তি ক্ৰয় কৰিছে নেকি? এই লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ