--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডুবাই বৰ্তমান বিশ্বৰ বিত্তশালী শ্ৰেণীৰ অন্যতম প্ৰিয় স্থান। পশ্চিম এছিয়াৰ এই ৰ’দ জ্বলমল চহৰখনত বহুতো লোকে বসতি স্থাপন কৰিছে। এই তালিকাত বেছি পিছ পৰি থকা নাই বাংলাদেশীসকলে। যোৱা ডেৰ বছৰত, বাংলাদেশৰ বাসিন্দাসকলে ডুবাইত সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত নজিৰ স্থাপন কৰিছে।

বাংলাদেশৰ সংবাদপত্ৰ প্ৰথম আলোৰ মতে, দেশখনৰ নাগৰিকসকলে ২০২০ চনৰ জানুৱাৰীৰ পৰা ২০২১ চনৰ জুন মাহলৈকে ডুবাইত ঘৰ আৰু ফ্লেট ক্ৰয় কৰিবলৈ বৃহৎ পৰিমাণৰ ধন বিনিয়োগ কৰিছে। এই সময়ছোৱাত মাটি আৰু ঘৰ ক্ৰয় কৰা লোকৰ তালিকাৰ শীৰ্ষতো বাংলাদেশীসকল আছে।

প্ৰতিবেদন অনুসৰি, বাংলাদেশীসকলে ডেৰ বছৰৰ ব্যৱধানত ডুবাইত ১২২.৩  নিযুত দিৰহাম বিনিয়োগ কৰিছে। যাৰ পৰিমাণ ভাৰতীয় মুদ্ৰাত প্ৰায় ২৭২ কোটি।

বাংলাদেশৰ ব্যৱসায়ী, ৰাজনৈতিক নেতা আৰু আমোলাসকলে ডুবাইত সম্পত্তি ক্ৰয়ৰ এই তালিকাত আছে। কোভিড মহামাৰী চলি থকাৰ সময়তে তেওঁলোকে ডুবাইত সম্পত্তি ক্ৰয়ত হাত উজান দিয়ে।

অৱশ্যে বাংলাদেশীসকলে ডুবাইৰ আটাইতকৈ ফ্লেট-হাউচ ক্ৰয় কৰিছে বুলি কৰা দাবীৰ সত্যতা সন্দৰ্ভত বহুতে প্ৰশ্ন উত্থাপন কৰি আহিছে।

বৰ্তমান সময়ত ডুবাইৰ অৰ্থ হৈছে এক বিলাসী ঠাই। ইয়াত সকলো ধৰণৰ সুবিধা আছে। ফলস্বৰূপে ধনী লোকসকলৰ বাবে ডুবাই হৈছে পছন্দৰ স্থান। যোৱা কেইবছৰমানৰ পৰা বিভিন্ন দেশৰ ধনী সকলে তাত সম্পত্তি ক্ৰয় কৰি আহিছে।

বিভিন্ন দেশৰ পৰা অবৈধ ধন লৈ ডুবাইত অবৈধ ধন ক্ৰয় কৰা হৈছে নেকি তাক লৈও সন্দেহ প্ৰকাশ কৰিছে বহুতে। ডুবাইৰ ভূমি বিভাগে ঘৰ ক্ৰয় কৰা লোকসকলৰ নাম প্ৰকাশ নকৰে। ফলস্বৰূপে, সন্দেহ আৰু বৃদ্ধি পাইছে।

'প্ৰথম আলো’ৱে দাবী কৰিছে যে বাংলাদেশীসকল ডুবাইত সম্পত্তি ক্ৰয়ৰ তালিকাৰ শীৰ্ষত আছে। তেন্তে বাংলাদেশীসকলে তাত অবৈধ টকাৰে সম্পত্তি ক্ৰয় কৰিছে নেকি? এই লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে