--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ হেণ্ডছাম হাংক বুলি কোৱা হয় হৃত্বিক ৰোশনক। অভিনয়ৰ লগতে শাৰীৰিক গঠন আৰু মুখৰ সৌন্দৰ্যৰ বাবে মানুহৰ মাজত হৃত্বিক ৰোশন অতি জনপ্ৰিয়। হৃত্বিক বহু যুৱতীৰ নয়নৰ মণি। হৃত্বিক যেতিয়া ২০০০ চনত চুজেন খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া বহু যুৱতীৰ হিয়া ভাগি চুৰমাৰ হৈছিল। হৃত্বিক ৰোশনক গ্ৰীক দেৱতা বুলিও অভিহিত কৰা হয়। পাছে এটা সময় আছিল হৃত্বিক ৰোশনেও শাৰীৰিক আৰু মানসিক অৱস্থাৰ সৈতে যুঁজিবলগীয়া হৈছিল। সেই কথা তেওঁ নিজে সদৰী কৰিছে এটা সাক্ষাৎকাৰত। 
Hrithik Roshan, Filmography, Movies, Hrithik Roshan News, Videos, Songs,  Images, Box Office, Trailers, Interviews - Bollywood Hungama
হৃত্বিকে কয় যে শৈশৱত তেওঁ কথা কওঁতে বহুত খোনাইছিল যাৰ বাবে স্কুলত তেওঁক সমনীয়াই বহুত জোকাইছিল। হৃত্বিকে কয় যে এটা সময়ত তেওঁ খোনা আছিল বাবে গাৰ্লফ্ৰেণ্ড দূৰৰ কথা তেওঁৰ কোনো বন্ধু-বান্ধৱীও নাছিল। সেই সময়খিনি তেওঁৰ বাবে ইমানেই বেয়া আছিল যে তেওঁ অকলে বহি ঘণ্টাৰ পাছত ঘণ্টা ধৰি কান্দিছিল। অৱশ্যে সময়ৰ লগে লগে হৃত্বিকে নিজৰ ওপৰত আত্মবিশ্বাস গঢ়ি তুলিছিল আৰু হিন্দী চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হৈছিল।
From his real name to the story behind “duggu”, 5 lesser known facts about Hrithik  Roshan | GQ India
ইয়াৰ বাহিৰেও হৃত্বিকে এই সমস্যাবোৰৰ সন্মুখীন হৈ কেনেদৰে আগবাঢ়ি গৈছিল আৰু অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল সেই কথাও কৈছে। তেওঁ ক'লে - ''মোৰ মেৰুদণ্ডত এটা সমস্যা হৈছিল যাৰ বাবে মই নাচিব পৰা নাছিলোঁ। ডাক্তৰে মোক কৈছিল যে মই কেতিয়াও অভিনেতা হ’ব নোৱাৰো।
কেইবামাহো মই হতাশাত থাকিলোঁ যদিও কিছুদিনৰ পাছত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কাম আৰম্ভ কৰিলোঁ আৰু সময়ৰ লগে লগে নিজকে সলনি কৰিবলৈ সক্ষম হ’লোঁ৷ মানুহে কৰিম বুলি ভাবিলে কোনোৱে বাধা দি ৰাখিব নোাৱাৰে।''
Hrithik Roshan will not celebrate his birthday this year; here's why  [Exclusive]সঁচাকৈয়ে মানুহে নিজক গঢ়িম বুলি ভাবিলে কোনোৱে বাধা দি ৰাখিব নোৱাৰে, সেই কথা হৃত্বিকৰ ৰোশনৰ জীৱনলৈ চালেই বুজিব পাৰি। এটা সময়ত সকলোৱে জোকোৱা ল'ৰাজনে এতিয়া কোটি কোটি মানুহৰ হৃদয়ত বাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক