--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ হেণ্ডছাম হাংক বুলি কোৱা হয় হৃত্বিক ৰোশনক। অভিনয়ৰ লগতে শাৰীৰিক গঠন আৰু মুখৰ সৌন্দৰ্যৰ বাবে মানুহৰ মাজত হৃত্বিক ৰোশন অতি জনপ্ৰিয়। হৃত্বিক বহু যুৱতীৰ নয়নৰ মণি। হৃত্বিক যেতিয়া ২০০০ চনত চুজেন খানৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল তেতিয়া বহু যুৱতীৰ হিয়া ভাগি চুৰমাৰ হৈছিল। হৃত্বিক ৰোশনক গ্ৰীক দেৱতা বুলিও অভিহিত কৰা হয়। পাছে এটা সময় আছিল হৃত্বিক ৰোশনেও শাৰীৰিক আৰু মানসিক অৱস্থাৰ সৈতে যুঁজিবলগীয়া হৈছিল। সেই কথা তেওঁ নিজে সদৰী কৰিছে এটা সাক্ষাৎকাৰত। 
Hrithik Roshan, Filmography, Movies, Hrithik Roshan News, Videos, Songs,  Images, Box Office, Trailers, Interviews - Bollywood Hungama
হৃত্বিকে কয় যে শৈশৱত তেওঁ কথা কওঁতে বহুত খোনাইছিল যাৰ বাবে স্কুলত তেওঁক সমনীয়াই বহুত জোকাইছিল। হৃত্বিকে কয় যে এটা সময়ত তেওঁ খোনা আছিল বাবে গাৰ্লফ্ৰেণ্ড দূৰৰ কথা তেওঁৰ কোনো বন্ধু-বান্ধৱীও নাছিল। সেই সময়খিনি তেওঁৰ বাবে ইমানেই বেয়া আছিল যে তেওঁ অকলে বহি ঘণ্টাৰ পাছত ঘণ্টা ধৰি কান্দিছিল। অৱশ্যে সময়ৰ লগে লগে হৃত্বিকে নিজৰ ওপৰত আত্মবিশ্বাস গঢ়ি তুলিছিল আৰু হিন্দী চলচ্চিত্ৰ জগতৰ ছুপাৰষ্টাৰ হিচাপে পৰিগণিত হৈছিল।
From his real name to the story behind “duggu”, 5 lesser known facts about Hrithik  Roshan | GQ India
ইয়াৰ বাহিৰেও হৃত্বিকে এই সমস্যাবোৰৰ সন্মুখীন হৈ কেনেদৰে আগবাঢ়ি গৈছিল আৰু অভিনেতা হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল সেই কথাও কৈছে। তেওঁ ক'লে - ''মোৰ মেৰুদণ্ডত এটা সমস্যা হৈছিল যাৰ বাবে মই নাচিব পৰা নাছিলোঁ। ডাক্তৰে মোক কৈছিল যে মই কেতিয়াও অভিনেতা হ’ব নোৱাৰো।
কেইবামাহো মই হতাশাত থাকিলোঁ যদিও কিছুদিনৰ পাছত মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ কাম আৰম্ভ কৰিলোঁ আৰু সময়ৰ লগে লগে নিজকে সলনি কৰিবলৈ সক্ষম হ’লোঁ৷ মানুহে কৰিম বুলি ভাবিলে কোনোৱে বাধা দি ৰাখিব নোাৱাৰে।''
Hrithik Roshan will not celebrate his birthday this year; here's why  [Exclusive]সঁচাকৈয়ে মানুহে নিজক গঢ়িম বুলি ভাবিলে কোনোৱে বাধা দি ৰাখিব নোৱাৰে, সেই কথা হৃত্বিকৰ ৰোশনৰ জীৱনলৈ চালেই বুজিব পাৰি। এটা সময়ত সকলোৱে জোকোৱা ল'ৰাজনে এতিয়া কোটি কোটি মানুহৰ হৃদয়ত বাস কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু