--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনুৰাগীৰ কৌতূহলৰ অৱসান ঘটাই সুনীল ছেট্টীৰ জীয়ৰী আথিয়া আৰু ক্ৰিকেটাৰ কে এল ৰাহুল বিয়াৰ দিন খাটাং হৈছে৷ জানুৱাৰী   মাহত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে দুয়োৱে। তেওঁলোকৰ  প্ৰেম আৰু বিবাহকলৈ  কেইমাহমানৰ বাবে বলীউডত নানান কথা ওলাই আছিল৷অৱশেষত তেওঁলোকে  বিবাহপাশত আৱদ্ধ হ'বলৈ চূড়ান্ত সিদ্ধান্ত লৈছে।

সূত্ৰ অনুসৰি ৰাহুল আৰু আথিয়াৰ বিবাহ অনুষ্ঠান ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিন ধৰি  অনুষ্ঠিত হ'ব। বিয়াৰ বাবে  অতিথিসকললৈ ইতিমধ্যে নিমন্ত্ৰণী পত্ৰ  প্ৰেৰণ কৰা আৰম্ভ হৈছে।

আথিয়াৰ পিতৃ  সুনীল ছেট্টীয়ে  স্পষ্ট কৰি দিছে  যে ৰাহুল এতিয়া যথেষ্ট ব্যস্ত৷ সেয়েহে বিয়াৰ বাবে সময় উলিওৱাটো  তেওঁৰ বাবে অতি কঠিন হৈ পৰিছে। আথিয়া আৰু ৰাহুলৰ বিয়াৰ বাবে  পৰিয়ালৰ সদস্যসকলে প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে বুলি খবৰ ওলাইছে৷ তেওঁলোকৰ পৰিয়ালক বহুতে বজাৰ কৰাও দেখা বুলি দাবী কৰিছে। আনকি বিয়াৰ স্থানো  ঠিক হৈছে ।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল-আথিয়াৰ বিয়া ভাৰততে হ’ব, বিদেশত নহয়৷ সূত্ৰ  অনুসৰি  বিবাহ অনুষ্ঠানখন খাণ্ডালাৰ সুনীল ছেট্টীৰ বাংলো জাহানত অনুষ্ঠিত হ'ব।

 পূৰ্বে খবৰ পোৱা গৈছিল যে তেওঁলোকে বান্দ্ৰাত এটা চাৰিটা কোঠাৰ ফ্লেট ভাড়ালৈ লৈছিল। যাৰ মাহিলী ভাড়া হৈছে ১০ লাখ টকা। সেই ফ্লেটৰ  খিৰিকী খুলিলেই আৰৱ সাগৰখন দেখা যায়৷  সুনীল ছেট্টীৰ পৰিয়াল মাংগালুৰুৰ পৰা মুম্বাইলৈ আহিছিল। ৰাহুলৰ পৰিয়ালৰো তাত এটা ঘৰ আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  বিবাহখন দক্ষিণ ভাৰতীয় পৰম্পৰাত  তেওঁলোকৰ বিয়া হ’ব৷  জানিব পৰা মতে বিয়াৰ পিছতে ৰাহুল-আথিয়াই  নতুনকৈ ভাড়াত লোৱা  ফ্লেটত বাস কৰা আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক