--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  অনুৰাগীৰ কৌতূহলৰ অৱসান ঘটাই সুনীল ছেট্টীৰ জীয়ৰী আথিয়া আৰু ক্ৰিকেটাৰ কে এল ৰাহুল বিয়াৰ দিন খাটাং হৈছে৷ জানুৱাৰী   মাহত বিবাহপাশত আৱদ্ধ হ'বলৈ সাজু হৈছে দুয়োৱে। তেওঁলোকৰ  প্ৰেম আৰু বিবাহকলৈ  কেইমাহমানৰ বাবে বলীউডত নানান কথা ওলাই আছিল৷অৱশেষত তেওঁলোকে  বিবাহপাশত আৱদ্ধ হ'বলৈ চূড়ান্ত সিদ্ধান্ত লৈছে।

সূত্ৰ অনুসৰি ৰাহুল আৰু আথিয়াৰ বিবাহ অনুষ্ঠান ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ তিনিদিন ধৰি  অনুষ্ঠিত হ'ব। বিয়াৰ বাবে  অতিথিসকললৈ ইতিমধ্যে নিমন্ত্ৰণী পত্ৰ  প্ৰেৰণ কৰা আৰম্ভ হৈছে।

আথিয়াৰ পিতৃ  সুনীল ছেট্টীয়ে  স্পষ্ট কৰি দিছে  যে ৰাহুল এতিয়া যথেষ্ট ব্যস্ত৷ সেয়েহে বিয়াৰ বাবে সময় উলিওৱাটো  তেওঁৰ বাবে অতি কঠিন হৈ পৰিছে। আথিয়া আৰু ৰাহুলৰ বিয়াৰ বাবে  পৰিয়ালৰ সদস্যসকলে প্ৰস্তুতি চলোৱা আৰম্ভ কৰিছে বুলি খবৰ ওলাইছে৷ তেওঁলোকৰ পৰিয়ালক বহুতে বজাৰ কৰাও দেখা বুলি দাবী কৰিছে। আনকি বিয়াৰ স্থানো  ঠিক হৈছে ।বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে ৰাহুল-আথিয়াৰ বিয়া ভাৰততে হ’ব, বিদেশত নহয়৷ সূত্ৰ  অনুসৰি  বিবাহ অনুষ্ঠানখন খাণ্ডালাৰ সুনীল ছেট্টীৰ বাংলো জাহানত অনুষ্ঠিত হ'ব।

 পূৰ্বে খবৰ পোৱা গৈছিল যে তেওঁলোকে বান্দ্ৰাত এটা চাৰিটা কোঠাৰ ফ্লেট ভাড়ালৈ লৈছিল। যাৰ মাহিলী ভাড়া হৈছে ১০ লাখ টকা। সেই ফ্লেটৰ  খিৰিকী খুলিলেই আৰৱ সাগৰখন দেখা যায়৷  সুনীল ছেট্টীৰ পৰিয়াল মাংগালুৰুৰ পৰা মুম্বাইলৈ আহিছিল। ৰাহুলৰ পৰিয়ালৰো তাত এটা ঘৰ আছে। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে  বিবাহখন দক্ষিণ ভাৰতীয় পৰম্পৰাত  তেওঁলোকৰ বিয়া হ’ব৷  জানিব পৰা মতে বিয়াৰ পিছতে ৰাহুল-আথিয়াই  নতুনকৈ ভাড়াত লোৱা  ফ্লেটত বাস কৰা আৰম্ভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু