--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে দাবী কৰিছে যে তেওঁ এবাৰ নহয়, দুবাৰ নহয়, পাঁচবাৰ স্বৰ্গলৈ যাত্ৰা কৰিছে। কোনোবাই বিশ্বাস কৰক বা নকৰক এই কথা সত্য বুলি দাবী কৰিছে যুৱতীগৰাকীয়ে। তেওঁ কয় যে, তেওঁৰ ৫ বাৰকৈ মৃত্যু ঘটিছে আৰু তেওঁ ৫ বাৰেই পুনৰ জী উঠিছে। 

যুৱতীগৰাকীৰ নাম কবালগুনি ৰীনা। এটা ইউটিউব চেনেলত তেওঁ নিজৰ কাহিনী কৈছে। প্ৰথমে গৰুৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰে কবালগুনি ৰীনাই। তাৰপাছত তেওঁক সমাধিস্থ কৰি থকা সময়তে তেওঁ জীয়াই উঠিল। দ্বিতীয়বাৰ ৰীনাৰ বাথৰুমত পিছলি পৰি মৃত্যু ঘটিছিল। কিন্তু তেওঁ অলপ পাছতে পুনৰ জীয়াই উঠিছিল। তৃতীয়বাৰ গাড়ী দুৰ্ঘটনাত মৃত্যু ঘটিছিল, এইবাৰো তেওঁ পুনৰ জীয়াই উঠিল। গাড়ী দুৰ্ঘটনাত ৰীনাৰ বাহিৰে সকলোৰে মৃত্যু হয়। দুবাৰ তেওঁ কাৰেণ্ট শ্বক লাগি মৃত্যুৰ দুৱাৰডলি দেখিছিল।

ৰীনাই কয় যে তেওঁ এই পৃথিৱীলৈ ঈশ্বৰৰ কথাবোৰৰ সাক্ষ্য দিবলৈ আহিছে। ৰীনাই কয় যে প্ৰথমবাৰত খঙাল গৰু এটাই তেওঁক তুলি লৈ দলিয়াই দিলে। গৰুটো তেওঁৰ পেটত উঠি গৈছিল। আশে-পাশে উপস্থিত থকা মানুহবোৰে তেওঁক বচোৱাৰ সলনি কেৱল এই দৃশ্যটো চাই আছিল। শিঙেৰে খুন্দা মৰাৰ বাবে তেওঁ শৰীৰত আঘাত পাইছিল। তেওঁ তেতিয়া উশাহ ল’ব পৰা নাছিল। কিন্তু উশাহটো আকৌ ঘূৰি অহালৈকে ৰীনাই এক অনন্য দৃশ্য দেখিবলৈ পাইছিল।

৩০ বছৰীয়া ৰীনাই কয় যে তেওঁ জীৱনত কেতিয়াও দেখা নোপোৱা এখন ধুনীয়া ঠাই এখন দেখিছিল। সেয়া স্বৰ্গ আছিল। স্বৰ্গৰ পৰা তেওঁ আপোন মানুহৰ কান্দোন শুনিবলৈ পাইছিল। কিন্তু যিসময়ত তেওঁক সমাধিস্থ কৰাৰ কথা আছিল, সেইসময়তে হঠাতে তেওঁ জীয়াই উঠিল। 

কবালগুনি ৰীনাই লগতে কয় যে এসময়ত তেওঁৰ হাওঁফাওঁৰ ৰোগ হৈছিল। ডাক্তৰে তেওঁক মাত্ৰ তিনিমাহ জীয়াই থাকিব বুলি কৈছিল। তেওঁ কয় যে আজিও তেওঁ সম্পূৰ্ণ ভাল। 

ৰীনাই কয় যে যদি তোমাৰ যোৱাৰ সময় হোৱা নাই, তেন্তে তোমাৰ যিয়েই নহওক, তুমি ৰক্ষা পৰিবাই।












FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস