--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীয়ে দাবী কৰিছে যে তেওঁ এবাৰ নহয়, দুবাৰ নহয়, পাঁচবাৰ স্বৰ্গলৈ যাত্ৰা কৰিছে। কোনোবাই বিশ্বাস কৰক বা নকৰক এই কথা সত্য বুলি দাবী কৰিছে যুৱতীগৰাকীয়ে। তেওঁ কয় যে, তেওঁৰ ৫ বাৰকৈ মৃত্যু ঘটিছে আৰু তেওঁ ৫ বাৰেই পুনৰ জী উঠিছে। 

যুৱতীগৰাকীৰ নাম কবালগুনি ৰীনা। এটা ইউটিউব চেনেলত তেওঁ নিজৰ কাহিনী কৈছে। প্ৰথমে গৰুৰ আক্ৰমণত মৃত্যু হোৱা বুলি দাবী কৰে কবালগুনি ৰীনাই। তাৰপাছত তেওঁক সমাধিস্থ কৰি থকা সময়তে তেওঁ জীয়াই উঠিল। দ্বিতীয়বাৰ ৰীনাৰ বাথৰুমত পিছলি পৰি মৃত্যু ঘটিছিল। কিন্তু তেওঁ অলপ পাছতে পুনৰ জীয়াই উঠিছিল। তৃতীয়বাৰ গাড়ী দুৰ্ঘটনাত মৃত্যু ঘটিছিল, এইবাৰো তেওঁ পুনৰ জীয়াই উঠিল। গাড়ী দুৰ্ঘটনাত ৰীনাৰ বাহিৰে সকলোৰে মৃত্যু হয়। দুবাৰ তেওঁ কাৰেণ্ট শ্বক লাগি মৃত্যুৰ দুৱাৰডলি দেখিছিল।

ৰীনাই কয় যে তেওঁ এই পৃথিৱীলৈ ঈশ্বৰৰ কথাবোৰৰ সাক্ষ্য দিবলৈ আহিছে। ৰীনাই কয় যে প্ৰথমবাৰত খঙাল গৰু এটাই তেওঁক তুলি লৈ দলিয়াই দিলে। গৰুটো তেওঁৰ পেটত উঠি গৈছিল। আশে-পাশে উপস্থিত থকা মানুহবোৰে তেওঁক বচোৱাৰ সলনি কেৱল এই দৃশ্যটো চাই আছিল। শিঙেৰে খুন্দা মৰাৰ বাবে তেওঁ শৰীৰত আঘাত পাইছিল। তেওঁ তেতিয়া উশাহ ল’ব পৰা নাছিল। কিন্তু উশাহটো আকৌ ঘূৰি অহালৈকে ৰীনাই এক অনন্য দৃশ্য দেখিবলৈ পাইছিল।

৩০ বছৰীয়া ৰীনাই কয় যে তেওঁ জীৱনত কেতিয়াও দেখা নোপোৱা এখন ধুনীয়া ঠাই এখন দেখিছিল। সেয়া স্বৰ্গ আছিল। স্বৰ্গৰ পৰা তেওঁ আপোন মানুহৰ কান্দোন শুনিবলৈ পাইছিল। কিন্তু যিসময়ত তেওঁক সমাধিস্থ কৰাৰ কথা আছিল, সেইসময়তে হঠাতে তেওঁ জীয়াই উঠিল। 

কবালগুনি ৰীনাই লগতে কয় যে এসময়ত তেওঁৰ হাওঁফাওঁৰ ৰোগ হৈছিল। ডাক্তৰে তেওঁক মাত্ৰ তিনিমাহ জীয়াই থাকিব বুলি কৈছিল। তেওঁ কয় যে আজিও তেওঁ সম্পূৰ্ণ ভাল। 

ৰীনাই কয় যে যদি তোমাৰ যোৱাৰ সময় হোৱা নাই, তেন্তে তোমাৰ যিয়েই নহওক, তুমি ৰক্ষা পৰিবাই।












FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন