--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮৬ বছৰ বয়সত মৃ্ত্যু হ’ল ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে। ইটালীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মিলানৰ ছান ৰাফেল হাস্পতালত তেওঁৰ মৃত্যু হয়। এপ্ৰিল মাহত বাৰ্লুস্কোনিৰ হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসা কৰা হৈছিল। ক্ৰনিক লিউকেমিয়াৰ ৰোগীত আক্ৰান্ত হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

চলিত বৰ্ষৰ আৰম্ভণিতে ছান ৰাফেলৰ চিকিৎসকে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন নেতাগৰাকী তেজৰ কৰ্কট ৰোগৰ এক বিৰল ৰূপ ক্ৰনিক মাইল’ম’ন’চাইট লিউকেমিয়াত আক্ৰান্ত হৈছিল। ২০২০ চনত কভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা বাৰে বাৰে স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল নেতাগৰাকী।

উল্লেখ্য যে উল্লেখ্য যে এজন আড়ম্বৰপূৰ্ণ কোটিপতি বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২০১১ চনলৈকে চাৰিখন চৰকাৰক নেতৃত্ব দিছিল। ইটালীৰ দৰে এখন দেশৰ নেতা হিচাপে দপদপাই থাকিলেও তেওঁৰ জীৱন সহজ নাছিল। ১৯৩৬ চনত মিলানত জন্মগ্ৰহণ কৰা বাৰ্লুস্কোনিয়ে ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ এটা নিৰ্মাণ কোম্পানী স্থাপন কৰিছিল।

তেওঁ ইটালীৰ অন্যতম ধনী ব্যক্তি হিচাপে গণ্য কৰা হয়। কিংবদন্তি ফুটবল ক্লাব এ চি মিলানৰো স্বত্বাধিকাৰ আছিল। মূলতঃ সোঁপন্থী ৰাজনৈতিক ভাৱধাৰাৰ বাৰ্লুস্ক’নী দেশখনৰ চলচিত্ৰ, শিল্প আৰু অন্যান্য ক্ষেত্ৰসমূহৰো প্ৰভাৱশালী ব্যক্তিত্ব আছিল।

ৰাজহুৱা জীৱনৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনো চৰ্চিত হৈ আহিছে। তেওঁ তিনিবাৰকৈ বিয়া কৰাইছিল। শেষবাৰৰ বাবে ২০২২ চনত বিয়া কৰাইছিল তেওঁ।  ৮৫ বছৰ বয়সীয়া বাৰ্লুস্ক’নীৰ স’তে বিয়াত বহিছিল ৩৩ বছৰ বয়সীয়া মাৰ্টা ফেছিনা নামৰ এগৰাকী ৰাজনৈতিক নেত্ৰীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস