--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৮৬ বছৰ বয়সত মৃ্ত্যু হ’ল ইটালীৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ছিলভিঅ’ বাৰ্লুস্কোনিয়ে। ইটালীৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি মিলানৰ ছান ৰাফেল হাস্পতালত তেওঁৰ মৃত্যু হয়। এপ্ৰিল মাহত বাৰ্লুস্কোনিৰ হাওঁফাওঁৰ সংক্ৰমণৰ চিকিৎসা কৰা হৈছিল। ক্ৰনিক লিউকেমিয়াৰ ৰোগীত আক্ৰান্ত হৈ আছিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী।

চলিত বৰ্ষৰ আৰম্ভণিতে ছান ৰাফেলৰ চিকিৎসকে সাংবাদিকৰ আগত কয় যে প্ৰাক্তন নেতাগৰাকী তেজৰ কৰ্কট ৰোগৰ এক বিৰল ৰূপ ক্ৰনিক মাইল’ম’ন’চাইট লিউকেমিয়াত আক্ৰান্ত হৈছিল। ২০২০ চনত কভিডত আক্ৰান্ত হোৱাৰ পিছৰে পৰা বাৰে বাৰে স্বাস্থ্যজনিত সমস্যাত ভুগি আছিল নেতাগৰাকী।

উল্লেখ্য যে উল্লেখ্য যে এজন আড়ম্বৰপূৰ্ণ কোটিপতি বাৰ্লুস্কোনিয়ে প্ৰথমবাৰৰ বাবে ১৯৯৪ চনত কাৰ্যভাৰ গ্ৰহণ কৰিছিল আৰু ২০১১ চনলৈকে চাৰিখন চৰকাৰক নেতৃত্ব দিছিল। ইটালীৰ দৰে এখন দেশৰ নেতা হিচাপে দপদপাই থাকিলেও তেওঁৰ জীৱন সহজ নাছিল। ১৯৩৬ চনত মিলানত জন্মগ্ৰহণ কৰা বাৰ্লুস্কোনিয়ে ভেকুৱাম ক্লিনাৰ বিক্ৰী কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ এটা নিৰ্মাণ কোম্পানী স্থাপন কৰিছিল।

তেওঁ ইটালীৰ অন্যতম ধনী ব্যক্তি হিচাপে গণ্য কৰা হয়। কিংবদন্তি ফুটবল ক্লাব এ চি মিলানৰো স্বত্বাধিকাৰ আছিল। মূলতঃ সোঁপন্থী ৰাজনৈতিক ভাৱধাৰাৰ বাৰ্লুস্ক’নী দেশখনৰ চলচিত্ৰ, শিল্প আৰু অন্যান্য ক্ষেত্ৰসমূহৰো প্ৰভাৱশালী ব্যক্তিত্ব আছিল।

ৰাজহুৱা জীৱনৰ উপৰিও তেওঁৰ ব্যক্তিগত জীৱনো চৰ্চিত হৈ আহিছে। তেওঁ তিনিবাৰকৈ বিয়া কৰাইছিল। শেষবাৰৰ বাবে ২০২২ চনত বিয়া কৰাইছিল তেওঁ।  ৮৫ বছৰ বয়সীয়া বাৰ্লুস্ক’নীৰ স’তে বিয়াত বহিছিল ৩৩ বছৰ বয়সীয়া মাৰ্টা ফেছিনা নামৰ এগৰাকী ৰাজনৈতিক নেত্ৰীক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ
জাঁজীৰ উৰণ সেতুত অংকন জুবিন গাৰ্গৰ প্ৰতিচ্ছবি, পাঁচগৰাকী শিল্পীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দেখুৱালে ব্যতিক্রমী কার্য
কাইলৈৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
জুবিন গাৰ্গৰ ধন আত্মসাতৰ প্ৰমাণ মোৰ হাতত আছেঃ মানস ৰবীন