--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰাত সমকামী সম্পৰ্কৰ এটা গোচৰ পোহৰলৈ আহিছে। গোৰখপুৰৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰে মথুৰাৰ এগৰাকী যুৱতী। মথুৰাৰ যুৱতীগৰাকীয়ে এই কথা ঘৰত জনোৱাত ঘৰখনত হুলস্থূলৰ সৃষ্টি হয়। বিষয়টো গৈ থানা পায়গৈ। ছোৱালীজনীয়ে থানাতে নিজৰ সিদ্ধান্তৰ কথা জনায়। যুৱতীগৰাকীয়ে আন এগৰাকী যুৱতীক বিয়া পাতিব বিচৰা কথাটোত বিচলিত হৈ থানাতে মাতৃ আৰু ভাতৃয়ে আত্মহত্যাৰ চেষ্টা চলায়।

সম্প্ৰতি আৰক্ষীয়ে ছোৱালীজনী আৰু পৰিয়ালৰ লোকক পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক থানালৈ মাতিছিল। থানাতে ছোৱালীজনীয়ে মাতৃ আৰু ভাতৃৰ সন্মুখত কৈছিল যে তেওঁ গোৰখপুৰৰ বাসিন্দা অঞ্জলি নামৰ ছোৱালীজনীক বিয়া কৰাব বিচাৰে আৰু তেওঁৰ লগতে থাকিব বিচাৰে।

এই কথা শুনি মাক আৰু ভায়েক দুখত ভাগি পৰে। থানাতে মাতৃ আৰু ভাতৃয়ে নিজৰ ওপৰত জ্বলনশীল সামগ্ৰী ঢালি আত্মহত্যাৰ চেষ্টা চলায়। নিজকে সমকামী বুলি বৰ্ণনা কৰি ছোৱালীজনীয়ে নিজৰ প্ৰেমৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত অটল আছিল। আৰক্ষীয়ে বিষয়টো বুজি পৰিয়ালৰ লোকক বিষয়টো বুজাবলৈ চেষ্টা কৰি আছে।

ছোৱালীজনীৰ মাতৃয়ে আৰক্ষীক কয় যে গোৰখপুৰৰ সেই ছোৱালীজনীয়ে জীয়েকৰ জীৱন নষ্ট কৰি পেলাব। 

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুজ ৰানাই কয় যে সকলোকে পতিয়ন নিয়াবলৈ প্ৰচেষ্টা চলোৱা হৈছে, যদিহে তেওঁলোকে একমত নহয় তেতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ