--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ মথুৰাত সমকামী সম্পৰ্কৰ এটা গোচৰ পোহৰলৈ আহিছে। গোৰখপুৰৰ এগৰাকী যুৱতীৰ প্ৰেমত পৰে মথুৰাৰ এগৰাকী যুৱতী। মথুৰাৰ যুৱতীগৰাকীয়ে এই কথা ঘৰত জনোৱাত ঘৰখনত হুলস্থূলৰ সৃষ্টি হয়। বিষয়টো গৈ থানা পায়গৈ। ছোৱালীজনীয়ে থানাতে নিজৰ সিদ্ধান্তৰ কথা জনায়। যুৱতীগৰাকীয়ে আন এগৰাকী যুৱতীক বিয়া পাতিব বিচৰা কথাটোত বিচলিত হৈ থানাতে মাতৃ আৰু ভাতৃয়ে আত্মহত্যাৰ চেষ্টা চলায়।

সম্প্ৰতি আৰক্ষীয়ে ছোৱালীজনী আৰু পৰিয়ালৰ লোকক পতিয়ন নিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে। মঙলবাৰে যুৱতীগৰাকী আৰু তেওঁৰ পৰিয়ালক থানালৈ মাতিছিল। থানাতে ছোৱালীজনীয়ে মাতৃ আৰু ভাতৃৰ সন্মুখত কৈছিল যে তেওঁ গোৰখপুৰৰ বাসিন্দা অঞ্জলি নামৰ ছোৱালীজনীক বিয়া কৰাব বিচাৰে আৰু তেওঁৰ লগতে থাকিব বিচাৰে।

এই কথা শুনি মাক আৰু ভায়েক দুখত ভাগি পৰে। থানাতে মাতৃ আৰু ভাতৃয়ে নিজৰ ওপৰত জ্বলনশীল সামগ্ৰী ঢালি আত্মহত্যাৰ চেষ্টা চলায়। নিজকে সমকামী বুলি বৰ্ণনা কৰি ছোৱালীজনীয়ে নিজৰ প্ৰেমৰ ওচৰলৈ যোৱাৰ ক্ষেত্ৰত অটল আছিল। আৰক্ষীয়ে বিষয়টো বুজি পৰিয়ালৰ লোকক বিষয়টো বুজাবলৈ চেষ্টা কৰি আছে।

ছোৱালীজনীৰ মাতৃয়ে আৰক্ষীক কয় যে গোৰখপুৰৰ সেই ছোৱালীজনীয়ে জীয়েকৰ জীৱন নষ্ট কৰি পেলাব। 

থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুজ ৰানাই কয় যে সকলোকে পতিয়ন নিয়াবলৈ প্ৰচেষ্টা চলোৱা হৈছে, যদিহে তেওঁলোকে একমত নহয় তেতিয়া আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু