--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপাৰেচনৰ সময়ত মানুহৰ পেটত কেঁচি ৰৈ যোৱা বা কাপোৰ ৰৈ যোৱা কথা আপুনি নিশ্চয় শুনিছে। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ আহিছে এক আচৰিত খবৰ। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এজন ৩২ বছৰীয়া যুৱকৰ পেটৰ পৰা অপাৰেচন কৰি উলিওৱা হৈছে ৬৩খন ষ্টীলৰ চামুচ। মানুহে খাদ্য খাওতে ব্যৱহাৰ কৰা ৬৩খনকৈ চামুচ যুৱকজনৰ পেটৰ ভিতৰত সোমাই আছিল। 

মুজাফফৰনগৰত চিকিৎসকে ৩২ বছৰীয়া বিজয়ৰ অস্ত্ৰোপচাৰ কৰি চামুচকেইখন পেটৰ পৰা বাহিৰ কৰে। পেটৰ পৰা চামুচখিনি উলিয়াই আনিবলৈ দুঘণ্টা ধৰি অপাৰেচন কৰা হৈছিল। ইমানখিনি চামুচ দেখি ডাক্তৰসকল আচৰিত হৈ পৰিছিল। ডাঃ ৰাকেশ খুৰানাই জনোৱা মতে, ‘প্ৰায় দুঘণ্টা ধৰি চলা এই অপাৰেচনত বৰ্তমান যুৱকজনক আই চি ইউত ভৰ্তি কৰোৱা হৈছে। যুৱকজনক সেই চামুচবোৰ খাইছে নেকি বুলি সোধাত তেওঁ খাইছো বুলি জনাইছে। যোৱা এবছৰ ধৰি চামুচ খাই আছিল এই যুৱকজনে।

এই ঘটনাটো মনছুৰপুৰ থানা এলেকাৰ বোপাডা গাঁৱৰ। বিজয় ড্ৰাগছৰ প্ৰতি আসক্ত আছিল। যাৰ বাবে বিজয়ৰ পৰিয়ালৰ লোকে তেওঁক ভৰ্তি প্ৰায় ৫ মাহ পূৰ্বে ছামলী জিলাত অৱস্থিত নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল। ড্ৰাগছ চেণ্টাৰত যেতিয়া বিজয়ৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক মুজাফ্ফৰনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ আহিছিল। চিকিৎসালয়ৰ চিকিৎসকে যেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰে তেতিয়া তেওঁৰ পেটৰ পৰা ৬৩ টা ষ্টীলৰ চামুচ ওলাই আহে। এই দৃশ্যটো আছিল অতি ভয়ংকৰ।

নিচা মুক্তি কেন্দ্ৰৰ কৰ্মচাৰীয়ে বলপূৰ্বকভাৱে চামুচ খুৱাই দিয়াৰ অভিযোগ কৰিছে বিজয়ৰ পৰিয়ালৰ লোকে। 

প্ৰশ্ন উত্থাপন হয় যে ইমান চামুচ কেনেকৈ কাৰোবাৰ পেটত সোমাব পাৰে। খাদ্যৰ লগতে চামুচ খোৱাটো এজন ব্যক্তিৰ বাবে সম্ভৱ নহয়। চিকিৎসকৰ মতে, ৰোগীগৰাকী এতিয়াও আই চি ইউত ভৰ্তি হৈ আছে আৰু তেওঁৰ অৱস্থা সংকটজনক হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ