--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অপাৰেচনৰ সময়ত মানুহৰ পেটত কেঁচি ৰৈ যোৱা বা কাপোৰ ৰৈ যোৱা কথা আপুনি নিশ্চয় শুনিছে। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ আহিছে এক আচৰিত খবৰ। উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰৰ এজন ৩২ বছৰীয়া যুৱকৰ পেটৰ পৰা অপাৰেচন কৰি উলিওৱা হৈছে ৬৩খন ষ্টীলৰ চামুচ। মানুহে খাদ্য খাওতে ব্যৱহাৰ কৰা ৬৩খনকৈ চামুচ যুৱকজনৰ পেটৰ ভিতৰত সোমাই আছিল। 

মুজাফফৰনগৰত চিকিৎসকে ৩২ বছৰীয়া বিজয়ৰ অস্ত্ৰোপচাৰ কৰি চামুচকেইখন পেটৰ পৰা বাহিৰ কৰে। পেটৰ পৰা চামুচখিনি উলিয়াই আনিবলৈ দুঘণ্টা ধৰি অপাৰেচন কৰা হৈছিল। ইমানখিনি চামুচ দেখি ডাক্তৰসকল আচৰিত হৈ পৰিছিল। ডাঃ ৰাকেশ খুৰানাই জনোৱা মতে, ‘প্ৰায় দুঘণ্টা ধৰি চলা এই অপাৰেচনত বৰ্তমান যুৱকজনক আই চি ইউত ভৰ্তি কৰোৱা হৈছে। যুৱকজনক সেই চামুচবোৰ খাইছে নেকি বুলি সোধাত তেওঁ খাইছো বুলি জনাইছে। যোৱা এবছৰ ধৰি চামুচ খাই আছিল এই যুৱকজনে।

এই ঘটনাটো মনছুৰপুৰ থানা এলেকাৰ বোপাডা গাঁৱৰ। বিজয় ড্ৰাগছৰ প্ৰতি আসক্ত আছিল। যাৰ বাবে বিজয়ৰ পৰিয়ালৰ লোকে তেওঁক ভৰ্তি প্ৰায় ৫ মাহ পূৰ্বে ছামলী জিলাত অৱস্থিত নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰাইছিল। ড্ৰাগছ চেণ্টাৰত যেতিয়া বিজয়ৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল তেতিয়া তেওঁৰ পৰিয়ালে তেওঁক মুজাফ্ফৰনগৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ আহিছিল। চিকিৎসালয়ৰ চিকিৎসকে যেতিয়া তেওঁৰ অস্ত্ৰোপচাৰ কৰে তেতিয়া তেওঁৰ পেটৰ পৰা ৬৩ টা ষ্টীলৰ চামুচ ওলাই আহে। এই দৃশ্যটো আছিল অতি ভয়ংকৰ।

নিচা মুক্তি কেন্দ্ৰৰ কৰ্মচাৰীয়ে বলপূৰ্বকভাৱে চামুচ খুৱাই দিয়াৰ অভিযোগ কৰিছে বিজয়ৰ পৰিয়ালৰ লোকে। 

প্ৰশ্ন উত্থাপন হয় যে ইমান চামুচ কেনেকৈ কাৰোবাৰ পেটত সোমাব পাৰে। খাদ্যৰ লগতে চামুচ খোৱাটো এজন ব্যক্তিৰ বাবে সম্ভৱ নহয়। চিকিৎসকৰ মতে, ৰোগীগৰাকী এতিয়াও আই চি ইউত ভৰ্তি হৈ আছে আৰু তেওঁৰ অৱস্থা সংকটজনক হৈ আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু