--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীক বলপূৰ্বকভাৱে চুমা খাই গ্ৰেপ্তাৰ হল এজন জোমেট’ ডেলিভাৰী বয়। ৪০ বছৰীয়া জমেট’ ডেলিভাৰী বয়জনৰ নাম ৰইশ শ্বেখ। ১৯ বছৰীয়া যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত কোন্ধৱা আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুণেত।

যুৱতীগৰাকী এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আৰু তেওঁ কোন্ধোৱাৰ এখন কলেজত পঢ়ে। ১৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত তেওঁ জমেট’ৰ পৰা খাদ্যৰ অৰ্ডাৰ দিছিল। ডেলিভাৰী বয়জনে খাদ্য লৈ তেওঁৰ এপাৰ্টমেণ্ট পোৱাৰ লগে লগে যুৱতীগৰাকীক এগিলাচ পানী বিচাৰিচিলে।। ছোৱালীজনীয়ে পানী অনাৰ লগে লগে ৰইশ শ্বেখে পৰিয়ালৰ লোকৰ কথা সুধিবলৈ ধৰিলে। তেতিয়া যুৱতীগৰাকীয়ে ক’লে যে তেওঁ দুগৰাকী বান্ধৱীৰ সৈতে এই ফ্লেটটোত থাকে, বান্ধৱী দুগৰাকী নিজৰ ঘৰলৈ গৈছে।

ৰইশ শ্বেখে ছোৱালীজনী ঘৰত অকলশৰীয়া বুলি গম পোৱাৰ লগে লগে তেওঁ পুনৰ এগিলাচ পানী বিচাৰি হাতখন ধৰি নিজৰ ফালে টানি লৈ গ’ল। ধন্যবাদ জনোৱাৰ চলেৰে তেওঁ ছোৱালীজনীৰ গালত দুবাৰকৈ চুমা খালে। যাওঁতে ৰইশ শ্বেখে ছোৱালীজনীক ক’লে যে মই তোমাৰ খুড়াৰ দৰেই। যদি তোমাক কেতিয়াবা যিকোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে তুমি নিঃসংকোচে মোৰ লগত কথা পাতিব পাৰে। ইয়াৰ পাছতে ৰইশ শ্বেখে ছোৱালীজনীক হোৱাটছএপ নম্বৰত মেছেজ কৰিবলৈ আৰম্ভ কৰে। যাৰবাবে ছোৱালীজনীয়ে বৰ ভয় খাইছিল।

ভুক্তভোগী যুৱতীগৰাকীৰ মতে, প্ৰথমতে শ্বেখৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰিছিল যদিও শ্বেখে বাৰে বাৰে মেছেজ কৰিবলৈ আৰম্ভ কৰাত কন্ধৱা আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ততাতৈয়াকৈ আটক কৰে অভিযুক্তক। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে জানিবলৈ দিয়া মতে, বিষয়টোৰ ওপৰত অধিক তদন্ত চলি আছে।

পুনেৰ এই ঘটনাই পুনৰবাৰ নিৰাপত্তা সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন কৰিছে। চহৰসমূহত বৃহৎ পৰিসৰত ফুড ডেলিভাৰী এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিয়া হয়। প্ৰশ্ন হয়, ফুড ডেলিভাৰী এপ কোম্পানীবোৰে নিজৰ কৰ্মচাৰীৰ নথি-পত্ৰ পৰীক্ষা কৰেনে? লগতে তেওঁলোকে এই কৰ্মচাৰীসকলৰ পটভূমি আৰু সবিশেষ জানেনে?









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু