--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱতীক বলপূৰ্বকভাৱে চুমা খাই গ্ৰেপ্তাৰ হল এজন জোমেট’ ডেলিভাৰী বয়। ৪০ বছৰীয়া জমেট’ ডেলিভাৰী বয়জনৰ নাম ৰইশ শ্বেখ। ১৯ বছৰীয়া যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত কোন্ধৱা আৰক্ষী থানাত এফ আই আৰ ৰুজু কৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ পুণেত।

যুৱতীগৰাকী এগৰাকী ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আৰু তেওঁ কোন্ধোৱাৰ এখন কলেজত পঢ়ে। ১৭ ছেপ্টেম্বৰৰ নিশা প্ৰায় ৯:৩০ বজাত তেওঁ জমেট’ৰ পৰা খাদ্যৰ অৰ্ডাৰ দিছিল। ডেলিভাৰী বয়জনে খাদ্য লৈ তেওঁৰ এপাৰ্টমেণ্ট পোৱাৰ লগে লগে যুৱতীগৰাকীক এগিলাচ পানী বিচাৰিচিলে।। ছোৱালীজনীয়ে পানী অনাৰ লগে লগে ৰইশ শ্বেখে পৰিয়ালৰ লোকৰ কথা সুধিবলৈ ধৰিলে। তেতিয়া যুৱতীগৰাকীয়ে ক’লে যে তেওঁ দুগৰাকী বান্ধৱীৰ সৈতে এই ফ্লেটটোত থাকে, বান্ধৱী দুগৰাকী নিজৰ ঘৰলৈ গৈছে।

ৰইশ শ্বেখে ছোৱালীজনী ঘৰত অকলশৰীয়া বুলি গম পোৱাৰ লগে লগে তেওঁ পুনৰ এগিলাচ পানী বিচাৰি হাতখন ধৰি নিজৰ ফালে টানি লৈ গ’ল। ধন্যবাদ জনোৱাৰ চলেৰে তেওঁ ছোৱালীজনীৰ গালত দুবাৰকৈ চুমা খালে। যাওঁতে ৰইশ শ্বেখে ছোৱালীজনীক ক’লে যে মই তোমাৰ খুড়াৰ দৰেই। যদি তোমাক কেতিয়াবা যিকোনো ধৰণৰ সহায়ৰ প্ৰয়োজন হয়, তেন্তে তুমি নিঃসংকোচে মোৰ লগত কথা পাতিব পাৰে। ইয়াৰ পাছতে ৰইশ শ্বেখে ছোৱালীজনীক হোৱাটছএপ নম্বৰত মেছেজ কৰিবলৈ আৰম্ভ কৰে। যাৰবাবে ছোৱালীজনীয়ে বৰ ভয় খাইছিল।

ভুক্তভোগী যুৱতীগৰাকীৰ মতে, প্ৰথমতে শ্বেখৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ কুণ্ঠাবোধ কৰিছিল যদিও শ্বেখে বাৰে বাৰে মেছেজ কৰিবলৈ আৰম্ভ কৰাত কন্ধৱা আৰক্ষী থানাত তেওঁ এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি ততাতৈয়াকৈ আটক কৰে অভিযুক্তক। জ্যেষ্ঠ আৰক্ষী পৰিদৰ্শক চৰ্দাৰ পাটিলে জানিবলৈ দিয়া মতে, বিষয়টোৰ ওপৰত অধিক তদন্ত চলি আছে।

পুনেৰ এই ঘটনাই পুনৰবাৰ নিৰাপত্তা সন্দৰ্ভত বহু প্ৰশ্ন উত্থাপন কৰিছে। চহৰসমূহত বৃহৎ পৰিসৰত ফুড ডেলিভাৰী এপৰ জৰিয়তে খাদ্য অৰ্ডাৰ দিয়া হয়। প্ৰশ্ন হয়, ফুড ডেলিভাৰী এপ কোম্পানীবোৰে নিজৰ কৰ্মচাৰীৰ নথি-পত্ৰ পৰীক্ষা কৰেনে? লগতে তেওঁলোকে এই কৰ্মচাৰীসকলৰ পটভূমি আৰু সবিশেষ জানেনে?









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক