--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৭ বছৰীয়া এজন যুৱকৰ মলদ্বাৰত আৱদ্ধ হৈ আছিল এটা ডিঅ’ড্ৰেণ্টৰ বটল। যুৱকজনৰ শৰীৰৰ এক্স-ৰে কৰি হতভম্ব হৈ পৰে চিকিৎসক। এই অদ্ভুত ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ বৰ্ধমানত। বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে ইয়াৰ পূৰ্বে এনে কোনো ঘটনা প্ৰত্যক্ষ কৰা নাছিল বুলি সদৰী কৰে। 

পেটৰ তলৰ অংশত তীব্ৰ বিষ হোৱাত যুৱকজনক বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। চিকিৎসকে জনোৱা মতে, ডিঅ’ড্ৰেণ্টৰ বটলটো প্ৰায় তিনি সপ্তাহ ধৰি ৰোগীৰ নিতম্বৰ ভিতৰত আবদ্ধ হৈ আছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে ইয়াক বাহিৰ কৰা হৈছে। এই অস্ত্ৰোপচাৰটো একেবাৰে সহজ নাছিল।

চিকিৎসকে এক্স-ৰে কৰি গম পালে যে প্ৰায় সাড়ে সাত ইঞ্চিৰ ডিঅ’ড্ৰেণ্টৰ এটা বটল আবদ্ধ হৈ আছে ৰোগীৰ মলদ্বাৰৰ ওচৰত। যুৱকজনৰ লগত কথা পাতি চিকিৎসকে গম পায় যে চিকিৎসালয়লৈ অহাৰ আগতে ২০ দিন এনে অৱস্থাতে কটায় যুৱকজনে। অৱশেষত তেওঁ বিষত ৰ’ব নোৱাৰি ততাতৈয়াকৈ হস্পিতাললৈ গ’ল। কিন্তু সেই বটলটো কেনেকৈ তেওঁৰ মলদ্বাৰত সোমাই গ’ল, চিকিৎসকে সেই প্ৰশ্ন হাজাৰবাৰ কৰাৰ পাছতো যুৱকজনে একো উত্তৰ নিদিলে।

অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকৰ হাতত বিশেষ ডিঅ’ড্ৰেণ্টৰ বটলটো

চিকিৎসকসকলে বহু কঠিন অস্ত্ৰোপচাৰৰ সম্পন্ন কৰি যুৱকজনৰ দেহৰ পৰা ডিঅ’ড্ৰেণ্টৰ বটলটো বাহিৰ কৰে। অস্ত্ৰোপচাৰৰ দ্বাৰা বটলটো বাহিৰ কৰা হল যদিও ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। চিকিৎসকে জনোৱা মতে, তেওঁৰ খাদ্যনলী আৰু অন্ত্ৰ, দুয়োটা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। চিকিৎসকে কয় যে এই আঘাতৰ বাবে ভৱিষ্যতে আৰু বৃহৎ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু