--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২৭ বছৰীয়া এজন যুৱকৰ মলদ্বাৰত আৱদ্ধ হৈ আছিল এটা ডিঅ’ড্ৰেণ্টৰ বটল। যুৱকজনৰ শৰীৰৰ এক্স-ৰে কৰি হতভম্ব হৈ পৰে চিকিৎসক। এই অদ্ভুত ঘটনাটো সংঘটিত হৈছে পশ্চিম বংগৰ বৰ্ধমানত। বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ দলটোৱে ইয়াৰ পূৰ্বে এনে কোনো ঘটনা প্ৰত্যক্ষ কৰা নাছিল বুলি সদৰী কৰে। 

পেটৰ তলৰ অংশত তীব্ৰ বিষ হোৱাত যুৱকজনক বৰ্ধমান চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰায় পৰিয়ালৰ লোকে। চিকিৎসকে জনোৱা মতে, ডিঅ’ড্ৰেণ্টৰ বটলটো প্ৰায় তিনি সপ্তাহ ধৰি ৰোগীৰ নিতম্বৰ ভিতৰত আবদ্ধ হৈ আছিল। অস্ত্ৰোপচাৰৰ জৰিয়তে ইয়াক বাহিৰ কৰা হৈছে। এই অস্ত্ৰোপচাৰটো একেবাৰে সহজ নাছিল।

চিকিৎসকে এক্স-ৰে কৰি গম পালে যে প্ৰায় সাড়ে সাত ইঞ্চিৰ ডিঅ’ড্ৰেণ্টৰ এটা বটল আবদ্ধ হৈ আছে ৰোগীৰ মলদ্বাৰৰ ওচৰত। যুৱকজনৰ লগত কথা পাতি চিকিৎসকে গম পায় যে চিকিৎসালয়লৈ অহাৰ আগতে ২০ দিন এনে অৱস্থাতে কটায় যুৱকজনে। অৱশেষত তেওঁ বিষত ৰ’ব নোৱাৰি ততাতৈয়াকৈ হস্পিতাললৈ গ’ল। কিন্তু সেই বটলটো কেনেকৈ তেওঁৰ মলদ্বাৰত সোমাই গ’ল, চিকিৎসকে সেই প্ৰশ্ন হাজাৰবাৰ কৰাৰ পাছতো যুৱকজনে একো উত্তৰ নিদিলে।

অস্ত্ৰোপচাৰৰ পাছত চিকিৎসকৰ হাতত বিশেষ ডিঅ’ড্ৰেণ্টৰ বটলটো

চিকিৎসকসকলে বহু কঠিন অস্ত্ৰোপচাৰৰ সম্পন্ন কৰি যুৱকজনৰ দেহৰ পৰা ডিঅ’ড্ৰেণ্টৰ বটলটো বাহিৰ কৰে। অস্ত্ৰোপচাৰৰ দ্বাৰা বটলটো বাহিৰ কৰা হল যদিও ৰোগীজন সম্পূৰ্ণ সুস্থ হৈ উঠা নাই। চিকিৎসকে জনোৱা মতে, তেওঁৰ খাদ্যনলী আৰু অন্ত্ৰ, দুয়োটা যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। চিকিৎসকে কয় যে এই আঘাতৰ বাবে ভৱিষ্যতে আৰু বৃহৎ অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে। ৰোগীৰ অৱস্থা এতিয়াও সংকটজনক। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ