--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : জোনাক গলা জাৰৰ নিশা/ মূৰ থৈ শেঁতা শেতেলিত/ মই ভাগৰা নাই, জীৱন হেৰোৱা নাই…’ জুবিনৰ এই যুগমীয়া গীতৰ এটি মাথোঁ কলি হ’লেও আপুনি নিশ্চয় আওঁৰাইছে। জুবিন গাৰ্গৰ দৰে এগৰাকী অসাধাৰণ প্ৰতিভাশালী শিল্পীৰ কণ্ঠ নিসৃত এই গীতে ভাগৰুৱা সময় একোটাত আপোনাক হয়তো কেতিয়াবা সাহস আৰু প্ৰেৰণাও দিছে। হাৰি যাব খোজা এখন যুঁজত পুনৰ জঁপিয়াই পৰাৰ প্ৰেৰণাও দিছে এই গীতৰ সুৰ আৰু কথাই। কিন্তু এইবাৰ এই গীতৰে প্ৰতিধ্বনি যেন শুনিবলৈ পোৱা গ’ল বিদেশী ৰাষ্ট্ৰ এখনৰ এগৰাকী ৰাষ্ট্ৰপ্ৰধানৰ কণ্ঠতো। তেওঁ ভ’ল’ডিমিৰ জেলেনস্কি। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিৰ বাবে এতিয়াৰ সময়খিনি বৰ কঠিন। বিশাল ৰুছ বাহিনীয়ে তেওঁৰ আপোন দেশ এফালৰ পৰা তচনচ কৰি গৈছে। দেশখনৰ মেৰুদণ্ড ভাঙি পেলাবলৈ অহৰহ চেষ্টা কৰিছে ৰুছ সৈন্যই। ব্যাপক পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত ৰুছ বাহিনীক বাধা দিবলৈ গৈ ভাৰাক্ৰান্ত হৈ পৰিছে জেলেনস্কিৰ ক্ষুদ্ৰ আৰু সীমিত সা-সুবিধা থকা সৈন্যবাহিনী। দেশ ৰক্ষাৰ পণ লৈ সেই পণত অটল হৈ থকা জেলেনস্কি কিন্তু এতিয়া কিছু হ’লেও ভাৰাক্ৰান্ত হৈ পৰিছে। আপোন দেশখন এফালৰ পৰা ধ্বংস হৈ যোৱাৰ দৃশ্য চাই চাই তেওঁ ভাগৰুৱা হৈ পৰিছে। তেওঁৰ শেহতীয়া ভিডিঅ’বোৰত সেই অস্থিৰ অসহায়তা আৰু ভাগৰ প্ৰতিফলিত হৈছে। কিন্তু তাৰ পাছতো তেওঁ হাৰ মানিবলৈ প্ৰস্তুত নহয়। তেওঁ আত্মসমৰ্পন কৰাৰ চিন্তা যেন ঘূণাক্ষৰেও মনলৈ আহিবলৈ দিয়া নাই। ৰাছিয়াই বাৰম্বাৰ দাবী কৰিছে জেলেনল্কি পলাবলৈ সাজু হৈছে। তেওঁ দেশ এৰাৰ পৰিকল্পনা কৰিছে। আমেৰিকাই তেওঁক পলাই যোৱাত সহায় কৰিবলৈ ইউক্ৰেইন সীমান্তলৈ পঠিয়াইছে বিমান। কিন্তু নিজৰ স্থিতিৰ পৰা অকণো লৰচৰ হ’বলৈ নাৰাজ জেলেনস্কি। যেতিয়াই তেওঁ পলাই যোৱাৰ গুজৱ ওলাইছে, বা যেতিয়াই প্ৰচাৰ চলিছে যে তেওঁ আত্মগোপন কৰিছে তেতিয়াই তেওঁ দুগুণ প্ৰত্যাহ্বানেৰে সকলোৰে সন্মুখলৈ আহিছে আৰু কৈছ, মই ইয়াতেই আছোঁ। কিয়েভৰ ৰাজপথত থিয় দি আছোঁ। মই কালৈকো ভয় কৰা নাই। যেন জুবিনৰ সেই গীতৰ প্ৰতিধ্বনিহে শুনা গৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ ডেলেনস্কিৰ কণ্ঠতো। মই ভাগৰা নাই…জীৱন হেৰোৱা নাই… ইমান প্ৰত্যাহ্বানৰ পাছতো জেলেনস্কিয়ে হেৰুওৱা নাই আশাও। সমগ্ৰ বিশ্বই যুদ্ধৰ দাবানলত দহি থকা তেওঁৰ দেশখনক সহায় কৰিবলৈ আগবাঢ়ি নহাৰ পাছতো তেওঁ বিচলিত হোৱা নাই। ইজনৰ পাছত সিজন শক্তিশালী ৰাষ্ট্ৰনেতাক সহায়ৰ বাবে ফোন কৰি বিমুখ হোৱাৰ পাছতো তেওঁ আত্মসমৰ্পন কৰাৰ কথা ভবা নাই। নিজ দেশৰ স্বাধীনতা আৰু সাৰ্বভৌমত্ব ৰক্ষাৰ সপোন বুকুত বান্ধি তেওঁ চলাই গৈছে সংগ্ৰাম। মঙলবাৰে তেওঁ প্ৰচাৰ কৰা এটা ভিডিঅ’ত তেওঁ কৰা মন্তব্যই এতিয়া বহুতকে অনুপ্ৰাণিত কৰিছে। জেলেনস্কিয়ে আজি মন্তব্য কৰে যে, তেওঁ কিয়েভত আছে আৰু তেওঁ কালৈকো ভয় নকৰে। ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ কেইবাখনো চহৰত গোলাবৰ্ষণ তীব্ৰ কৰাৰ মাজতে তেওঁৰ এই ভিডিঅ’ বাৰ্তাটো প্ৰকাশ পাইছে। ভিডিঅ’ বাৰ্তাটোত তেওঁ কৈছে,‘মই কিয়েভতে আছোঁ। বাঙ্কোভা ষ্ট্ৰীটত। মই লুকাই থকা নাই। আৰু মই কাকো ভয় নকৰোঁ," জেলেনস্কিয়ে তেওঁৰ অফিচিয়েল ইনষ্টাগ্ৰামত এই ভিডিঅ’ শ্বেয়াৰ কৰিছে। এই ভিডিঅ’ত তেওঁ লগতে কয় যে তেওঁ এই দেশপ্ৰেমৰ যুঁজখনত জয়ী হ’বলৈ যিমানখিনি কৰিবলগীয়া হয় সিমান তেওঁ কৰি যাব। শক্তিমান ৰাছিয়াৰ সন্মুখত ইউক্ৰেইনৰ প্ৰতিৰোধ কিমান দিনলৈ তিষ্ঠি থাকিব সেয়া এতিয়াই ক’ব পৰা বিষয় নহয়। জেলেনস্কিৰ পৰিণতি কিমান সুখকৰ হ’ব সেয়াও এক প্ৰশ্নচিহ্ন হৈ পৰিছে। তথাপি বিগত প্ৰায় দুসপ্তাহজোৰা যুদ্ধত জেলেনস্কিয়ে যি সাহস, ধৈৰ্য আৰু দেশপ্ৰেমৰ নিদৰ্শন দাঙি ধৰিছে তাৰ উপমা সদায় থাকি যাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু