--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্কত কেতিয়াবা বহুতো অদ্ভুত ঘটনা পোহৰলৈ আহে। বহু সময়ত দেখা যায় যে প্ৰেমিক-প্ৰেমিকাৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটে। প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিল এগৰাকী প্ৰেমিকাই কিন্তু সেয়াই যেন কাল হ'ল। চিনাকিৰ কিছুদিনৰ পাছতেই প্ৰেমিকাৰ বান্ধৱীৰ সৈতে পলাই গৈ ল'ৰাজনে বেলেগ এঠাইত পাতিলে ঘৰ সংসাৰ। প্ৰেমিকাগৰাকীয়ে কিয় প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিলো বুলি বৰ্তমান অনুশোচনা কৰি আছে। এটা ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাচৰ। প্ৰেমিকাগৰাকীয়ে তেওঁৰ গোটেই কাহিনীটো নিজেই ছ'চিয়েল মিডিয়াত জনাইছে। তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁৰ এটা সিদ্ধান্তই তেওঁৰ গোটেই জীৱন ধ্বংস কৰিছিল। BFC_ ছোৱালীজনীৰ নাম টেইলৰ কেজান। টেইলৰে প্ৰেমিকৰ সৈতে লিভ-ইনত আছিল। টেইলৰৰ প্ৰেমিকে কেইবাদিনো ধৰি তেওঁৰ ওপৰত খং কৰি আছিল, ইয়াৰ মাজতে টেইলৰ কেজানে এগৰাকী বান্ধৱীৰ সৈতে পৰিচয় কৰাই দিছিল প্ৰেমিকক। টেইলৰে কোৱা অনুসৰি বহু বছৰ ধৰি প্ৰেমিকৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ। দুয়ো এটা ঘৰত একেলগে বাস কৰিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু কিছুদিনৰ পৰা দুয়োৰে মাজত অলপ মতভেদ হৈছিল, কথাখিনি চম্ভালিবলৈ টেইলৰে তেওঁৰ এগৰাকী বান্ধৱীক প্ৰেমিকৰ সৈতে পৰিচয় কৰাই দিছিল, যাতে কথাবোৰ ভাললৈ আহে আৰু সিহঁতৰ মাজৰ কাজিয়া শেষ হয়। কিন্তু ভবা মতে একো নহয় সম্পূৰ্ণ ওলোটা ঘটনাহে ঘটিল। বান্ধৱীগৰাকী সিহঁতৰ লগতে একেলগে থাকিবলৈ লৈছিল। লাহে লাহে তেওঁৰ প্ৰেমিক আৰু বান্ধৱী ওচৰ চাপি আহিল। হঠাতে এদিন দুয়ো পলাই গৈছিল আৰু আন ক'ৰবাত থাকিবলৈ আৰম্ভ কৰিছিল। বান্ধৱীক বহুত বিশ্বাস কৰিছিল টেইলৰে কিন্তু সেই বান্ধৱীয়ে বিশ্বাসঘাতকতা কৰিলে টেইলৰক। প্ৰেম আৰু বন্ধুত্বই একেলগে প্ৰতাৰণা কৰাত দুখত ভাগি পৰিছে টেইলৰ। মানুহে যুৱতীগৰাকীৰ কাহিনী শুনি তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে। আৰু পঢ়কঃ এই ৰোগত আক্ৰান্ত নাছিৰুদ্দিন শ্বাহ! ক’লে-“মোৰ শান্তি নোহোৱা হৈছে”

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু