--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেমৰ সম্পৰ্কত কেতিয়াবা বহুতো অদ্ভুত ঘটনা পোহৰলৈ আহে। বহু সময়ত দেখা যায় যে প্ৰেমিক-প্ৰেমিকাৰ মাজত তৃতীয় ব্যক্তিৰ প্ৰৱেশ ঘটে। প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিল এগৰাকী প্ৰেমিকাই কিন্তু সেয়াই যেন কাল হ'ল। চিনাকিৰ কিছুদিনৰ পাছতেই প্ৰেমিকাৰ বান্ধৱীৰ সৈতে পলাই গৈ ল'ৰাজনে বেলেগ এঠাইত পাতিলে ঘৰ সংসাৰ। প্ৰেমিকাগৰাকীয়ে কিয় প্ৰেমিকৰ সৈতে বান্ধৱীক চিনাকি কৰাই দিছিলো বুলি বৰ্তমান অনুশোচনা কৰি আছে। এটা ঘটনা আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাচৰ। প্ৰেমিকাগৰাকীয়ে তেওঁৰ গোটেই কাহিনীটো নিজেই ছ'চিয়েল মিডিয়াত জনাইছে। তেওঁ বৰ্ণনা কৰিছিল যে কেনেকৈ তেওঁৰ এটা সিদ্ধান্তই তেওঁৰ গোটেই জীৱন ধ্বংস কৰিছিল। BFC_ ছোৱালীজনীৰ নাম টেইলৰ কেজান। টেইলৰে প্ৰেমিকৰ সৈতে লিভ-ইনত আছিল। টেইলৰৰ প্ৰেমিকে কেইবাদিনো ধৰি তেওঁৰ ওপৰত খং কৰি আছিল, ইয়াৰ মাজতে টেইলৰ কেজানে এগৰাকী বান্ধৱীৰ সৈতে পৰিচয় কৰাই দিছিল প্ৰেমিকক। টেইলৰে কোৱা অনুসৰি বহু বছৰ ধৰি প্ৰেমিকৰ সৈতে সম্পৰ্ক আছিল তেওঁৰ। দুয়ো এটা ঘৰত একেলগে বাস কৰিছিল। সকলো ঠিকেই চলি আছিল, কিন্তু কিছুদিনৰ পৰা দুয়োৰে মাজত অলপ মতভেদ হৈছিল, কথাখিনি চম্ভালিবলৈ টেইলৰে তেওঁৰ এগৰাকী বান্ধৱীক প্ৰেমিকৰ সৈতে পৰিচয় কৰাই দিছিল, যাতে কথাবোৰ ভাললৈ আহে আৰু সিহঁতৰ মাজৰ কাজিয়া শেষ হয়। কিন্তু ভবা মতে একো নহয় সম্পূৰ্ণ ওলোটা ঘটনাহে ঘটিল। বান্ধৱীগৰাকী সিহঁতৰ লগতে একেলগে থাকিবলৈ লৈছিল। লাহে লাহে তেওঁৰ প্ৰেমিক আৰু বান্ধৱী ওচৰ চাপি আহিল। হঠাতে এদিন দুয়ো পলাই গৈছিল আৰু আন ক'ৰবাত থাকিবলৈ আৰম্ভ কৰিছিল। বান্ধৱীক বহুত বিশ্বাস কৰিছিল টেইলৰে কিন্তু সেই বান্ধৱীয়ে বিশ্বাসঘাতকতা কৰিলে টেইলৰক। প্ৰেম আৰু বন্ধুত্বই একেলগে প্ৰতাৰণা কৰাত দুখত ভাগি পৰিছে টেইলৰ। মানুহে যুৱতীগৰাকীৰ কাহিনী শুনি তেওঁৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰিছে। আৰু পঢ়কঃ এই ৰোগত আক্ৰান্ত নাছিৰুদ্দিন শ্বাহ! ক’লে-“মোৰ শান্তি নোহোৱা হৈছে”

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু