--°C
Loading...
Listen to Article
2 min read
80%

ছুমীত আবদ্ধ সাতশ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ

ডিজিটেল ডেস্ক : যুদ্ধৰ আতংক, মৃত্যু ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত আবদ্ধ হৈ আছিল তেওঁলোক। এই দুঃস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নথকাকৈ আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ মুখলৈ এতিয়া সামান্য পানী আহিছে। ইমান দিনে তেওঁলোকৰ চৌপাশে আছিল গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। চকুৰ সন্মুখতে ভাঙি পৰিছিল একোটা বিশাল অট্টালিকা। চৌপাশে মানুহৰ আৰ্তনাদ, দৌৰা-ঢপৰা। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজত এক দুৰ্বিসহ জীৱন কটোৱাৰ পাছত এতিয়া আশাৰ কিৰণ দেখবলৈ পাইছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইউক্ৰেইনলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তেওঁলোক। ইমান দিনে যুদ্ধৰ বিভীষিকাৰ মাজত তেওঁলোক আবদ্ধ হৈ আছিল ছুমীত। ছুমী ষ্টেট ইউনিভাৰ্ছিটীৰ প্ৰায় ৭০০শিক্ষাৰ্থীক এতিয়া উদ্ধাৰ কৰাটো সম্ভৱ হৈছে। ইউক্ৰেইনৰ ছুমীত আৱদ্ধ হৈ থকা প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা কাম আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সাংবাদিকক কয় যে, ছুমীত আবদ্ধ হৈ থকা সকলো ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী বাছত পোলটাভালৈ ৰাওনা হৈছে।

কালিলৈ ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী ছুমীত আবদ্ধ হৈ আছিল

এই সম্পৰ্কে সদৰি কৰি তেওঁ কয়, ‘কালি নিশা, মই নিয়ন্ত্ৰণ কক্ষৰ সৈতে কথা পাতি সবিশেষ জানিবলৈ চেষ্টা কৰিছিলোঁ। কালিলৈ ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী ছুমীত আবদ্ধ হৈ আছিল। আজি, তেওঁলোক সকলোৱে পোলটাভালৈ বাছেৰে ৰাওনা হৈছে’। সংবাদ প্ৰতিষ্ঠান ‘প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া’ৰ বাতৰি অনুসৰি ছুমী বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী শিক্ষাৰ্থীয়ে নিশ্চিত কৰিছিল যে, বাছসমূহ আহি পাইছে আৰু শিক্ষাৰ্থীসকলে বাছত উঠিবলৈ আৰম্ভ কৰিছে। শিক্ষাৰ্থীজনে তেওঁলোকৰ নতুন গন্তব্য সম্পৰ্কে প্ৰকাশ কৰি কয়, আমাক কোৱা হৈছে যে আমি পোলটাভালৈ যাম। মই প্ৰাৰ্থনা কৰিছো যাতে আমি এটা সুৰক্ষিত স্থানত উপস্থিত হ’ব পাৰোঁ আৰু এই দুৰ্দশাৰ যেন অন্ত পৰে। শিক্ষাৰ্থীসকলক ছুমী আৰু ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰৰ ইৰপিন চহৰৰ পৰা ‘গ্ৰীণ কৰিডৰ’ৰ জৰিয়তে জৰিয়তে কেন্দ্ৰীয় ইউক্ৰেইনৰ চহৰ পোলটাভালৈ স্থানান্তৰ কৰাটো এতিয়া এটা সকাহৰ কথা হৈ পৰিছে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰাণালয়ে ছুমীৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ এটা ভিডিঅ' টুইট কৰি কয় যে, "আমি ৰাছিয়াক ইউক্ৰেইনৰ অন্যান্য ‘মানৱীয় ক’ৰিডৰ’ৰ প্ৰস্তাৱত সন্মত হ'বলৈ আহ্বান জনাইছো।’ যুদ্ধৰ বিভীষিকাৰ মাজতে দুয়ো দেশৰ এই মানৱীয় দৃষ্টিভংগীয়ে এতিয়া বিশ্ববাসীক সকাহ দিছে। আনহাতে ইমানদিনে অনাহাৰ-অনিদ্ৰাই দুৰ্বিসহ দিন কটাবলগীয়া হোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ এই স্থানান্তৰ দেশৰ বাবেও এটা ডাঙৰ সাফল্য বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু