--°C
Loading...
Listen to Article
2 min read
80%

ছুমীত আবদ্ধ সাতশ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ

ডিজিটেল ডেস্ক : যুদ্ধৰ আতংক, মৃত্যু ভয়, অনাহাৰ-অনিদ্ৰাৰ মাজত আবদ্ধ হৈ আছিল তেওঁলোক। এই দুঃস্বপ্নৰ মাজৰ পৰা কেতিয়া তেওঁলোকে উদ্ধাৰ পাব তাৰ কোনো নিশ্চয়তা নথকাকৈ আবদ্ধ হৈ থকা শিক্ষাৰ্থীসকলৰ মুখলৈ এতিয়া সামান্য পানী আহিছে। ইমান দিনে তেওঁলোকৰ চৌপাশে আছিল গুলী-বোমাৰ শব্দ। মূৰৰ ওপৰত যুদ্ধ বিমানৰ তাল-আফাল। চকুৰ সন্মুখতে ভাঙি পৰিছিল একোটা বিশাল অট্টালিকা। চৌপাশে মানুহৰ আৰ্তনাদ, দৌৰা-ঢপৰা। এনে এক ভয়াৱহ পৰিস্থিতিৰ মাজত এক দুৰ্বিসহ জীৱন কটোৱাৰ পাছত এতিয়া আশাৰ কিৰণ দেখবলৈ পাইছে ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলে। উচ্চ শিক্ষা গ্ৰহণৰ বাবে ইউক্ৰেইনলৈ যোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰী তেওঁলোক। ইমান দিনে যুদ্ধৰ বিভীষিকাৰ মাজত তেওঁলোক আবদ্ধ হৈ আছিল ছুমীত। ছুমী ষ্টেট ইউনিভাৰ্ছিটীৰ প্ৰায় ৭০০শিক্ষাৰ্থীক এতিয়া উদ্ধাৰ কৰাটো সম্ভৱ হৈছে। ইউক্ৰেইনৰ ছুমীত আৱদ্ধ হৈ থকা প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক স্থানান্তৰ কৰা কাম আৰম্ভ হৈছে। কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে সাংবাদিকক কয় যে, ছুমীত আবদ্ধ হৈ থকা সকলো ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী বাছত পোলটাভালৈ ৰাওনা হৈছে।

কালিলৈ ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী ছুমীত আবদ্ধ হৈ আছিল

এই সম্পৰ্কে সদৰি কৰি তেওঁ কয়, ‘কালি নিশা, মই নিয়ন্ত্ৰণ কক্ষৰ সৈতে কথা পাতি সবিশেষ জানিবলৈ চেষ্টা কৰিছিলোঁ। কালিলৈ ৬৯৪জন ভাৰতীয় শিক্ষাৰ্থী ছুমীত আবদ্ধ হৈ আছিল। আজি, তেওঁলোক সকলোৱে পোলটাভালৈ বাছেৰে ৰাওনা হৈছে’। সংবাদ প্ৰতিষ্ঠান ‘প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়া’ৰ বাতৰি অনুসৰি ছুমী বিশ্ববিদ্যালয়ৰ চিকিৎসা বিজ্ঞানৰ এগৰাকী শিক্ষাৰ্থীয়ে নিশ্চিত কৰিছিল যে, বাছসমূহ আহি পাইছে আৰু শিক্ষাৰ্থীসকলে বাছত উঠিবলৈ আৰম্ভ কৰিছে। শিক্ষাৰ্থীজনে তেওঁলোকৰ নতুন গন্তব্য সম্পৰ্কে প্ৰকাশ কৰি কয়, আমাক কোৱা হৈছে যে আমি পোলটাভালৈ যাম। মই প্ৰাৰ্থনা কৰিছো যাতে আমি এটা সুৰক্ষিত স্থানত উপস্থিত হ’ব পাৰোঁ আৰু এই দুৰ্দশাৰ যেন অন্ত পৰে। শিক্ষাৰ্থীসকলক ছুমী আৰু ইউক্ৰেইনৰ ৰাজধানী কিয়েভৰ ওচৰৰ ইৰপিন চহৰৰ পৰা ‘গ্ৰীণ কৰিডৰ’ৰ জৰিয়তে জৰিয়তে কেন্দ্ৰীয় ইউক্ৰেইনৰ চহৰ পোলটাভালৈ স্থানান্তৰ কৰাটো এতিয়া এটা সকাহৰ কথা হৈ পৰিছে। ইউক্ৰেইনৰ বৈদেশিক মন্ত্ৰাণালয়ে ছুমীৰ নাগৰিকসকলক স্থানান্তৰ কৰাৰ এটা ভিডিঅ' টুইট কৰি কয় যে, "আমি ৰাছিয়াক ইউক্ৰেইনৰ অন্যান্য ‘মানৱীয় ক’ৰিডৰ’ৰ প্ৰস্তাৱত সন্মত হ'বলৈ আহ্বান জনাইছো।’ যুদ্ধৰ বিভীষিকাৰ মাজতে দুয়ো দেশৰ এই মানৱীয় দৃষ্টিভংগীয়ে এতিয়া বিশ্ববাসীক সকাহ দিছে। আনহাতে ইমানদিনে অনাহাৰ-অনিদ্ৰাই দুৰ্বিসহ দিন কটাবলগীয়া হোৱা ভাৰতীয় ছাত্ৰ-ছাত্ৰীসকলৰ এই স্থানান্তৰ দেশৰ বাবেও এটা ডাঙৰ সাফল্য বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু