--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদত গেছ আক্ৰমণৰ ঘটনাকলৈ আজিও উত্তাল হৈ আছে সংসদ৷  আজিও বহু কেইগৰাকী সাংসদক প্ৰতিবাদ সাৱস্ত্য কৰাৰ বাবেই নিলম্বন কৰাৰ বিষয়কলৈ বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷  লোকসভাৰ অধ্যক্ষ ওম বিৰলাই সোমবাৰে কংগ্ৰেছ আৰু তৃণমূল কংগ্ৰেছকে ধৰি কেইবাটাও দলৰ  ৩১ জন বিৰোধী সাংসদক শীতকালীন অধিবেশনৰ শেষ দিনটোলৈকে  নিলম্বন কৰিছে। 

তালিকাখনত টিএমচিৰ নজন সাংসদ, কংগ্ৰেছ আৰু ডিএমকেৰো কেইবাজনো  সাংসদ আছে। এই  নিলম্বনৰ ঘটনাত বংগৰ মুখ্যমন্ত্ৰী  মমতা বেনাৰ্জীয়ে প্ৰতিক্ৰিয়া  ব্যক্ত কৰিছে৷  মমতাই কয়  "যি চলি আছে সেয়া একেবাৰে বাঞ্ছনীয় নহয়। মই ভাগ্যৱান যে মই এতিয়া সাংসদ হৈ থকা নাই। " 


উল্লেখ্য ১৩ মাৰ্চত দুজন লোকে  লোকসভাত প্ৰৱেশ কৰি গেছ আক্ৰমণ চলাইছিল। আৰক্ষীয়ে এতিয়ালৈকে সাতজন লোকক গ্ৰেপ্তাৰ কৰিছে। নিৰাপত্তা উলংঘনৰ ঘটনাটোৰ  তদন্ত চলি আছে।সংসদৰ  অধিৱেশনৰ সময়তে  সংসদৰ দুয়োখন সদনতে বিষয়টোকলৈ  হুলস্থূল হৈ আছে৷ বিৰোধীয়ে নিৰাপত্তাৰ বিষয়ত গৃহমন্ত্ৰীৰ পৰা বিবৃতি দাবী কৰি আহিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক