--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এটি শিশুৰ মহানুভৱতাই ছ’চিয়েল মিডিয়াত লাভ কৰিছে চৰ্চা৷ পিতৃ-মাতৃ আৰু ঘৰখনৰ পৰা পোৱা মানৱীয় প্ৰমূল্য আৰু নৈতিকতাৰ পাঠে শিশুমনক কিদৰে প্ৰভাৱিত কৰে, তাৰেই উমান পাব এই প্ৰতিবেদনত৷ 

এগৰাকী মহিলা৷ এখন ঘৰত তেওঁ কাম কৰি, ৰান্ধি-বাঢ়ি পৰিয়াল পোহপাল দিয়ে৷ ঘৰখনত আছে এটি শিশু৷ আৰু শিশুটোৰো তত্ত্বাৱধান কৰে মহিলাগৰাকীয়ে৷ শিশুটিৰ নাম অংকিত৷ 

অংকিতৰ শিশুটিৰ পিতৃয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্ট লিখিছিল। এই পোষ্টটোত তেওঁ এনেকুৱা এটা কথা লিখিছিল, যিটো এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে। এই শিশুটিক সকলো প্ৰকাৰে প্ৰশংসা কৰা হৈছে। প্ৰশংসাৰে ওপচাই দিছে নেটিজেনে৷ 

অংকিতৰ পিতৃ ভি বালাজীয়ে তেওঁৰ পুত্ৰ আৰু তেওঁলোকৰ ঘৰৰ ৰান্ধনীৰ ছবি শ্বেয়াৰ কৰি এই কাহিনীটো চিত্ৰিত কৰিছে।

এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল আৰু ১৩ ডিচেম্বৰত ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা হৈছিল। এই ছবিখন শিশুটিৰ দেউতাকে শ্বেয়াৰ কৰিছিল আৰু তেওঁ লিখিছিল, ‘অংকিতে উইকেণ্ড টুৰ্ণামেণ্ট খেলি থাকোঁতে ৭ হাজাৰ টকা পুৰস্কাৰ হিচাপে লাভ কৰিছিল আৰু আজি সেই টকাৰে তেওঁ আমাৰ ঘৰৰ ৰান্ধনী সৰোজাৰ বাবে ২০০০ টকাৰ মোবাইল এটা কিনিলে। সৰোজাই আমাৰ ল’ৰাটো ছমাহ বয়সৰ পৰাই চোৱা-চিতা কৰি আহিছে।’
 
একাংশ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে শিশুটিয়ে গ্ৰহণ কৰা এনে অৰ্থপূৰ্ণ পদক্ষেপৰ বাবে অভিভাৱকক অভিনন্দন জনাইছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক