--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা দুটা নহয়, ১৪০ টাকৈ প্ৰজাতিৰ বন্যপ্ৰাণীৰ চোৰাং বেহা ধৰা পেলাবলৈ সক্ষম হৈছে মিজোৰাম আৰক্ষী। শনিবাৰে আৰক্ষীয়ে কৰা এই উদ্ধাৰকাৰ্যত দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা আলবিন’ ৱাল্লাবীও উদ্ধাৰ কৰিছে।

আৰক্ষীসূত্ৰই প্ৰকাশ কৰা মতে, এই সম্পৰ্কত তিনিজনকৈ লোকক আটকো কৰা হৈছে। বন্যজন্তুসমূহ কাষৰীয়া ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল বুলি জানিব পৰা গৈছে। সেয়েহে চোৰাং চক্ৰটোত দুয়োখন দেশৰে লোক জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

দুখন বলেৰ’ আৰু এখন স্ক’ৰপিঅ’ত বন্যজন্তুসমূহ আনি থকাৰ অৱস্থাত চাম্ফাই আৰক্ষীয়ে সেইসমূহ জব্দ কৰে। বাহন দুখনত বন্যজন্তসমূহ বাকচ আৰু পিঞ্জৰাত ভৰাই অনা হৈছিল।

বন্যজন্তুসমূহৰ ভিতৰত আছে ৩০টা কাছ, দুটা বান্দৰ, ২২ডাল অজগৰ, ৫৫টা ঘঁৰিয়াল আৰু চাৰিটাকৈ বনৰীয়া মেকুৰিকে ধৰি ১৪০ টা প্ৰজাতিৰ জন্তু। আৰক্ষীয়ে সেইসমূহ উদ্ধাৰ কৰি বিভাগীয় কৰ্তৃপক্ষক চমজাই দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা মাহতো অসমত এনেোধৰণে চোৰাংকৈ কঢ়িয়াই নি থকা অৱস্থাত এটা চোৰাং চক্ৰ ধৰা পেলোৱা হৈছিল। উদ্ধাৰ কৰা হৈছিল কমেও ৪০টাকৈ বন্যজন্তু। বন্যজন্তুসমূহ ম্যানমাৰৰ পৰা ডিমাপুৰলৈ আনি থকা অৱস্থাত জব্দ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক