--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ এটা দুটা নহয়, ১৪০ টাকৈ প্ৰজাতিৰ বন্যপ্ৰাণীৰ চোৰাং বেহা ধৰা পেলাবলৈ সক্ষম হৈছে মিজোৰাম আৰক্ষী। শনিবাৰে আৰক্ষীয়ে কৰা এই উদ্ধাৰকাৰ্যত দুষ্প্ৰাপ্য প্ৰজাতিৰ এটা আলবিন’ ৱাল্লাবীও উদ্ধাৰ কৰিছে।

আৰক্ষীসূত্ৰই প্ৰকাশ কৰা মতে, এই সম্পৰ্কত তিনিজনকৈ লোকক আটকো কৰা হৈছে। বন্যজন্তুসমূহ কাষৰীয়া ম্যানমাৰৰ পৰা চোৰাংকৈ অনা হৈছিল বুলি জানিব পৰা গৈছে। সেয়েহে চোৰাং চক্ৰটোত দুয়োখন দেশৰে লোক জড়িত বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

দুখন বলেৰ’ আৰু এখন স্ক’ৰপিঅ’ত বন্যজন্তুসমূহ আনি থকাৰ অৱস্থাত চাম্ফাই আৰক্ষীয়ে সেইসমূহ জব্দ কৰে। বাহন দুখনত বন্যজন্তসমূহ বাকচ আৰু পিঞ্জৰাত ভৰাই অনা হৈছিল।

বন্যজন্তুসমূহৰ ভিতৰত আছে ৩০টা কাছ, দুটা বান্দৰ, ২২ডাল অজগৰ, ৫৫টা ঘঁৰিয়াল আৰু চাৰিটাকৈ বনৰীয়া মেকুৰিকে ধৰি ১৪০ টা প্ৰজাতিৰ জন্তু। আৰক্ষীয়ে সেইসমূহ উদ্ধাৰ কৰি বিভাগীয় কৰ্তৃপক্ষক চমজাই দিয়া হৈছে।

উল্লেখযোগ্য যে যোৱা মাহতো অসমত এনেোধৰণে চোৰাংকৈ কঢ়িয়াই নি থকা অৱস্থাত এটা চোৰাং চক্ৰ ধৰা পেলোৱা হৈছিল। উদ্ধাৰ কৰা হৈছিল কমেও ৪০টাকৈ বন্যজন্তু। বন্যজন্তুসমূহ ম্যানমাৰৰ পৰা ডিমাপুৰলৈ আনি থকা অৱস্থাত জব্দ হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু