--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডাক্তৰে প্ৰেছক্ৰিপচনত ঔষধৰ নামসূহ লিখাৰ পূৰ্বে ‘শ্ৰীহৰি’ লিখা আৰম্ভ কৰক! এই পৰামৰ্শ আগবঢ়াইছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

চৌহানে শনিবাৰে ভূপালস্থিত ভাৰত ভৱনত অনুষ্ঠিত কৰা এটা অনুষ্ঠানত প্ৰশ্ন কৰি কয় যে প্ৰেচক্ৰিপচনত ঔষধৰ নামসমূহ কিয় হিন্দীত লিখিব নোৱাৰি? হিন্দীত লিখাত কিবা সমস্যা আছে নেকি? ঔষধসমূহ লিখাৰ আগত শ্ৰীহৰি লিখা কৰক- চৌহানে কয়।

তেওঁ কয় যে চৰকাৰ ইংৰাজী ভাষাৰ বিৰোধী নহয় কিন্তু ৰাষ্ট্ৰীয় হিচাপে হিন্দীৰ প্ৰয়োজনীয়তাৰ ওপৰতো সচেতন। ইংৰাজী শিক্ষাৰ অবিহনে যিকোনো কাম কৰিব নোৱাৰা বোলাৰ মানসিকতাটো ভুল বুলি কৈ তেওঁ কয় যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাত দুৰ্বল বাবেই মেডিকেল কলেজ ত্যাগ কৰিছে।

দেশীয় ভাষাত জোৰ দি মুখ্যমন্ত্ৰীজনে এইক্ষেত্ৰত ৰাছিয়া, জাপান, জাৰ্মানীৰ কথাও উল্লেখ কৰে। কয় যে এইসমূহ দেশে নিজৰ দেশীয় ভাষাৰেই বিজ্ঞান-প্ৰযুক্তিত আগবাঢ়ি গৈছে।

“ৰাছিয়া, জাপান, জাৰ্মানী আৰু চীনত কোনে ইংৰাজী কয়? আমি দাস হৈ পৰিছো।”- চৌহানে কয়- “যেতিয়া মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিলো, হিন্দীত এটা ভাষণ দিছিলো আৰু ইংৰাজীত ভাষণ দিয়াসকলতকৈ বেছি প্ৰশংসা লাভ কৰিছিলো।

উল্লেখযোগ্য যে ইতিমধ্যে মধ্যপ্ৰদেশত মেডিকেল কলেজৰ পাঠ্যপুথিসমূহ হিন্দীত প্ৰণয়ন কৰিবলৈ মধ্য প্ৰদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী চৌহানে ইয়াক এটা সামাজিক আন্দোলন বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু