--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ডাক্তৰে প্ৰেছক্ৰিপচনত ঔষধৰ নামসূহ লিখাৰ পূৰ্বে ‘শ্ৰীহৰি’ লিখা আৰম্ভ কৰক! এই পৰামৰ্শ আগবঢ়াইছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে।

চৌহানে শনিবাৰে ভূপালস্থিত ভাৰত ভৱনত অনুষ্ঠিত কৰা এটা অনুষ্ঠানত প্ৰশ্ন কৰি কয় যে প্ৰেচক্ৰিপচনত ঔষধৰ নামসমূহ কিয় হিন্দীত লিখিব নোৱাৰি? হিন্দীত লিখাত কিবা সমস্যা আছে নেকি? ঔষধসমূহ লিখাৰ আগত শ্ৰীহৰি লিখা কৰক- চৌহানে কয়।

তেওঁ কয় যে চৰকাৰ ইংৰাজী ভাষাৰ বিৰোধী নহয় কিন্তু ৰাষ্ট্ৰীয় হিচাপে হিন্দীৰ প্ৰয়োজনীয়তাৰ ওপৰতো সচেতন। ইংৰাজী শিক্ষাৰ অবিহনে যিকোনো কাম কৰিব নোৱাৰা বোলাৰ মানসিকতাটো ভুল বুলি কৈ তেওঁ কয় যে বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইংৰাজী ভাষাত দুৰ্বল বাবেই মেডিকেল কলেজ ত্যাগ কৰিছে।

দেশীয় ভাষাত জোৰ দি মুখ্যমন্ত্ৰীজনে এইক্ষেত্ৰত ৰাছিয়া, জাপান, জাৰ্মানীৰ কথাও উল্লেখ কৰে। কয় যে এইসমূহ দেশে নিজৰ দেশীয় ভাষাৰেই বিজ্ঞান-প্ৰযুক্তিত আগবাঢ়ি গৈছে।

ৰাছিয়া, জাপান, জাৰ্মানী আৰু চীনত কোনে ইংৰাজী কয়? আমি দাস হৈ পৰিছো।”- চৌহানে কয়- “যেতিয়া মই আমেৰিকা যুক্তৰাষ্ট্ৰলৈ গৈছিলো, হিন্দীত এটা ভাষণ দিছিলো আৰু ইংৰাজীত ভাষণ দিয়াসকলতকৈ বেছি প্ৰশংসা লাভ কৰিছিলো।

উল্লেখযোগ্য যে ইতিমধ্যে মধ্যপ্ৰদেশত মেডিকেল কলেজৰ পাঠ্যপুথিসমূহ হিন্দীত প্ৰণয়ন কৰিবলৈ মধ্য প্ৰদেশ চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। মুখ্যমন্ত্ৰী চৌহানে ইয়াক এটা সামাজিক আন্দোলন বুলি অভিহিত কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক