--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫০০ বছৰীয়া সপোন এটা যেন বহুতৰে বাবে পূৰণ হ’ল। সোমবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম লালাৰ মূৰ্তি উন্মোচন কৰাৰ পিছতে মঙলবাৰৰ পৰা ভক্তই মন্দিৰ দৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। ৰাম  মন্দিৰ ২৪ জানুৱাৰীৰ পৰা সকলো  ভক্তৰ বাবে মুকলি কৰাৰ কথা আছিল যদিও ভক্তসকলৰ অনুভূতিৰ কথা বিবেচনা কৰি মঙলবাৰে পুৱাৰে পৰাই মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়।

অযোধ্যাত যোৱা নিশা  দেৱালী উদযাপন কৰা হয়। আলোকসজ্জাৰে সুশোভিত হৈ পৰে নগৰী খন। সৰযূ নদীৰ পাৰ  পোহৰেৰে জিল মিলাই উঠে। সেই  ছবিখন মঙলবাৰে পুৱালৈকে  বেলেগ হৈ পৰে। যোৱা নিশাৰে পৰাই অপেক্ষা কৰি থকা ভক্তসকলে মঙলবাৰে পুৱাৰে পৰাই  ৰাম মন্দিৰৰ সন্মুখত দীঘলীয়া শাৰী পাতে ।মন্দিৰৰ দুৱাৰ পুৱা ৭ বজাত খোলা হয়। আজি দিনৰ ১১:৩০ বজালৈকে খোলা থাকিব মন্দিৰৰ দুৱাৰ। ইয়াৰ পিছত পুনৰ  দিনৰ ২  বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অব্যাহত থাকিব ৰাম লালাৰ দৰ্শন। ৰাম মন্দিৰ আজি পুৱা ৬.৩০  বজাত 'জাগৰণ' (আৰতি) কৰাৰ লগতে সন্ধিয়া ৭.৩০ বজাত সন্ধ্যা ৰতি কৰা হ’ব। অনুৰাগীসকলে এনে অনুষ্ঠান অনলাইনতো চাব পাৰিব।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দুপৰীয়া ১২.৩০ বজাত  ৰাম লালাৰ মূৰ্তি মুকলি কৰিছিল। কালিৰ দিনটো দেশৰ ইতিহাসৰ এটা স্মৰণীয় দিন আছিল। ইয়াৰ  এদিন পিছত, ২৩ জানুৱাৰীত ভক্তসকলৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । 

কিন্তু ভক্তসকলৰ সমাৱেশ আজিৰ দিনটোত অত্যন্ত বেছি হৈছে। ভক্তসকলে পুৱতি নিশা ৩ বজাৰ পৰাই মন্দিৰৰ প্ৰায় সন্মুখত আহি উপস্থিত হয়। তেওঁলোকে মন্দিৰৰ সন্মুখত শাৰী পাতি ৰাম লালাৰ দৰ্শনৰ বাবে শীতৰ মাজতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰে। ভিৰ পৰিচালনা কৰিবলৈ ৰাম মন্দিৰৰ সন্মুখত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ৰক্ষীসকল  সতৰ্ক হৈ আছে। মঙলবাৰৰ ভিৰে ইংগিত দিয়ে যে অযোধ্যা অনাগত দিনত ভক্তৰে ভৰি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক