--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৫০০ বছৰীয়া সপোন এটা যেন বহুতৰে বাবে পূৰণ হ’ল। সোমবাৰে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৰাম লালাৰ মূৰ্তি উন্মোচন কৰাৰ পিছতে মঙলবাৰৰ পৰা ভক্তই মন্দিৰ দৰ্শন কৰিবলৈ আৰম্ভ কৰিছে। ৰাম  মন্দিৰ ২৪ জানুৱাৰীৰ পৰা সকলো  ভক্তৰ বাবে মুকলি কৰাৰ কথা আছিল যদিও ভক্তসকলৰ অনুভূতিৰ কথা বিবেচনা কৰি মঙলবাৰে পুৱাৰে পৰাই মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়।

অযোধ্যাত যোৱা নিশা  দেৱালী উদযাপন কৰা হয়। আলোকসজ্জাৰে সুশোভিত হৈ পৰে নগৰী খন। সৰযূ নদীৰ পাৰ  পোহৰেৰে জিল মিলাই উঠে। সেই  ছবিখন মঙলবাৰে পুৱালৈকে  বেলেগ হৈ পৰে। যোৱা নিশাৰে পৰাই অপেক্ষা কৰি থকা ভক্তসকলে মঙলবাৰে পুৱাৰে পৰাই  ৰাম মন্দিৰৰ সন্মুখত দীঘলীয়া শাৰী পাতে ।মন্দিৰৰ দুৱাৰ পুৱা ৭ বজাত খোলা হয়। আজি দিনৰ ১১:৩০ বজালৈকে খোলা থাকিব মন্দিৰৰ দুৱাৰ। ইয়াৰ পিছত পুনৰ  দিনৰ ২  বজাৰ পৰা সন্ধিয়া ৭ বজালৈ অব্যাহত থাকিব ৰাম লালাৰ দৰ্শন। ৰাম মন্দিৰ আজি পুৱা ৬.৩০  বজাত 'জাগৰণ' (আৰতি) কৰাৰ লগতে সন্ধিয়া ৭.৩০ বজাত সন্ধ্যা ৰতি কৰা হ’ব। অনুৰাগীসকলে এনে অনুষ্ঠান অনলাইনতো চাব পাৰিব।

প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে সোমবাৰে দুপৰীয়া ১২.৩০ বজাত  ৰাম লালাৰ মূৰ্তি মুকলি কৰিছিল। কালিৰ দিনটো দেশৰ ইতিহাসৰ এটা স্মৰণীয় দিন আছিল। ইয়াৰ  এদিন পিছত, ২৩ জানুৱাৰীত ভক্তসকলৰ বাবে ৰাম মন্দিৰৰ দুৱাৰ মুকলি কৰা হয় । 

কিন্তু ভক্তসকলৰ সমাৱেশ আজিৰ দিনটোত অত্যন্ত বেছি হৈছে। ভক্তসকলে পুৱতি নিশা ৩ বজাৰ পৰাই মন্দিৰৰ প্ৰায় সন্মুখত আহি উপস্থিত হয়। তেওঁলোকে মন্দিৰৰ সন্মুখত শাৰী পাতি ৰাম লালাৰ দৰ্শনৰ বাবে শীতৰ মাজতো ঘণ্টাৰ পিছত ঘণ্টা ধৰি অপেক্ষা কৰে। ভিৰ পৰিচালনা কৰিবলৈ ৰাম মন্দিৰৰ সন্মুখত নিৰাপত্তা ব্যৱস্থা কঠোৰ কৰি তোলা হৈছে। যিকোনো অপ্ৰীতিকৰ ঘটনা প্ৰতিৰোধ কৰিবলৈ ৰক্ষীসকল  সতৰ্ক হৈ আছে। মঙলবাৰৰ ভিৰে ইংগিত দিয়ে যে অযোধ্যা অনাগত দিনত ভক্তৰে ভৰি থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু