--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু ৰহস্যৰে পৰিপূৰ্ণ উত্তৰ পূবৰ প্ৰকৃতিত পুনৰ সন্ধান পোৱা গৈছে আন এক বিৰল প্ৰজাতিৰ প্ৰাণীৰ।  শেহতীয়াকৈ মিজোৰামত সন্ধান পোৱা গৈছে এক ৰহস্যময় প্ৰজাতিৰ সৰীসৃপৰ, যিয়ে উৰিব পাৰে।ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে উৰিব পৰা সৰীসৃপৰ ছবিয়ে এতিয়া বহুতকে আচৰিত কৰি তুলিছে।

ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে এনে উৰিব পৰা সৰীসৃপৰ এখন ফটো শ্বেয়াৰ কৰিছে।ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ (আইএফএছ)ৰ বিষয়া পাৰবীন কাছৱানে ১৭ মে'ত তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত এই প্ৰাণী বিধৰ  ফটো শ্বেয়াৰ কৰিছে, যিটো দেখি মানুহ আচৰিত হৈছে। 

পোষ্টটো শ্বেয়াৰ কৰি বিষয়াগৰাকীয়ে শিৰোনামটোত লিখিছে, 'ভাৰতৰ মিজোৰামত 'ফ্লাইং গেকো'ৰ এটা নতুন প্ৰজাতি আৱিষ্কাৰ  হৈছে, যাক ৰাজ্যখনৰ নামেৰে গেক্কো মিজোৰামেনচিছ নাম দিয়া হৈছে।  মিজোৰাম বিশ্ববিদ্যালয়  আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ বায়োলজীৰ গৱেষকসকলে এই সৰীসৃপবিধ আৱিষ্কাৰ কৰিছে।"

এই পোষ্টটো এতিয়ালৈকে ৩০  হাজাৰ লোকে চাইছে, আনহাতে ৮০০ৰো অধিক লোকে এই পোষ্টটো লাইক কৰিছে। একে সময়তে, পোষ্টটো দেখা লোকসকলে এই বিষয়ত  বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  অন্যান্য উৰণীয়া গেকোৰ দৰে নতুন প্ৰজাতি বিধ প্ৰায় ২০  চেমি দীঘল আৰু গছত বাস কৰে। এই প্ৰাণীবিধে এজোপা  গছৰ পৰা আনজোপা গছলৈ উৰি যায় আৰু ৰাতি ইহঁতে বেছিকৈ উৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ