--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বহু ৰহস্যৰে পৰিপূৰ্ণ উত্তৰ পূবৰ প্ৰকৃতিত পুনৰ সন্ধান পোৱা গৈছে আন এক বিৰল প্ৰজাতিৰ প্ৰাণীৰ।  শেহতীয়াকৈ মিজোৰামত সন্ধান পোৱা গৈছে এক ৰহস্যময় প্ৰজাতিৰ সৰীসৃপৰ, যিয়ে উৰিব পাৰে।ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এনে উৰিব পৰা সৰীসৃপৰ ছবিয়ে এতিয়া বহুতকে আচৰিত কৰি তুলিছে।

ভাৰতীয় বন সেৱাৰ বিষয়া পাৰবীন কাছৱানে এনে উৰিব পৰা সৰীসৃপৰ এখন ফটো শ্বেয়াৰ কৰিছে।ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ (আইএফএছ)ৰ বিষয়া পাৰবীন কাছৱানে ১৭ মে'ত তেওঁৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰত এই প্ৰাণী বিধৰ  ফটো শ্বেয়াৰ কৰিছে, যিটো দেখি মানুহ আচৰিত হৈছে। 

পোষ্টটো শ্বেয়াৰ কৰি বিষয়াগৰাকীয়ে শিৰোনামটোত লিখিছে, 'ভাৰতৰ মিজোৰামত 'ফ্লাইং গেকো'ৰ এটা নতুন প্ৰজাতি আৱিষ্কাৰ  হৈছে, যাক ৰাজ্যখনৰ নামেৰে গেক্কো মিজোৰামেনচিছ নাম দিয়া হৈছে।  মিজোৰাম বিশ্ববিদ্যালয়  আৰু মেক্স প্লেংক ইনষ্টিটিউট ফৰ বায়োলজীৰ গৱেষকসকলে এই সৰীসৃপবিধ আৱিষ্কাৰ কৰিছে।"

এই পোষ্টটো এতিয়ালৈকে ৩০  হাজাৰ লোকে চাইছে, আনহাতে ৮০০ৰো অধিক লোকে এই পোষ্টটো লাইক কৰিছে। একে সময়তে, পোষ্টটো দেখা লোকসকলে এই বিষয়ত  বিভিন্ন প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।  অন্যান্য উৰণীয়া গেকোৰ দৰে নতুন প্ৰজাতি বিধ প্ৰায় ২০  চেমি দীঘল আৰু গছত বাস কৰে। এই প্ৰাণীবিধে এজোপা  গছৰ পৰা আনজোপা গছলৈ উৰি যায় আৰু ৰাতি ইহঁতে বেছিকৈ উৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস