--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি তেওঁ এগৰাকী আমোলা। মধ্যপ্ৰদেশৰ খাণ্ডৱা পূৰ্ণিগামৰ প্ৰথমগৰাকী মহিলা আয়ুক্ত। কিন্তু আমোলা হোৱাৰ পথটো ইমান মসৃণ নাছিল সবিতা প্ৰধান গৌড়ৰ।

আজি তেওঁৰ পদৰ বাবে সকলোৱে তেওঁক সন্মান কৰে। কিন্তু এই পদ পাবলৈ কৰা সংগ্ৰামৰ বিষয়ে সংবাদ মাধ্যমৰ এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে সবিতাই।

মধ্যপ্ৰদেশৰ মাণ্ডী জিলাৰ এটা জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সবিতাই। পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। কিন্তু সৰুৰে পৰা পঢ়াৰ প্ৰতি সবিতাৰ প্ৰৱণতা আছিল। গতিকে ঘৰৰ পৰা ৭ কিলোমিটাৰ নিলগৰ এখন স্কুলত পঢ়িবলৈ গৈছিল তেওঁ।

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা গাঁওখনৰ প্ৰথমগৰাকী ছাত্ৰী আছিল সবিতা। ভাল নম্বৰ পোৱাৰ বাবেই স্কুলৰ পৰা বৃত্তি লাভ কৰে। সেই বৃত্তিৰ টকাৰেই পঢ়া-শুনা কৰিছিল। দশম শ্ৰেণী পাছ কৰাৰ পিছত সাত কিলোমিটাৰ দূৰৰ এখন কলেজত নামভৰ্তি কৰিলে। বাছভাড়া আছিল ২ টকা। কিন্তু সেই ভাড়াৰ পইচাও নাছিল তেওঁৰ হাতত।

পঢ়া-শুনা কৰি থাকোঁতেই আৰ্থিক হেঁচাত পৰি সৰুতে মাক-দেউতাকে সবিতাক বিয়া দি দিয়ে। ইয়াৰ পৰাই আন এক সংগ্ৰাম আৰম্ভ হয়। সবিতাই দাবী কৰে যে বিয়াৰ কিছুদিন পিছতে স্বামীৰ অত্যাচাৰ আৰম্ভ হৈছিল। প্ৰায়ে তাইক মাৰপিট কৰিছিল।

শাহুৰেকেও অত্যাচাৰ কৰিছিল। তেওঁৰ ভাষাত, “মই গৰ্ভৱতী হৈছিলোঁ। কিন্তু কোনো ৰেহাই নাছিল। খাদ্যও যথেষ্ট নাছিল। মনে মনে শুকান ৰুটি খাব লগা হৈছিল।"

সবিতাইও মুখ বন্ধ কৰি সকলো ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হৈছিল বুলি জনায়। তেওঁৰ ভাষাত, “মোক গৰ্ভৱতী অৱস্থাত বাথৰুম চাফা কৰিবলৈ বাধ্য কৰাইছিল। শহুৰক তেল মালিচ কৰিব লগা হৈছিল। সকলো কৰাৰ পিছতো তেওঁলোক সন্তুষ্ট নহয়।"

সবিতাই দুটা সন্তান জন্ম দিলে। কিন্তু তাৰ পিছতো অত্যাচাৰ বন্ধ নহ’ল। সবিতাই জনায়- "অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টাও কৰিছিলোঁ। আত্মহত্যাৰ চেষ্টা কৰি থাকোঁতে শাহুৱে চাই আছিল। তেওঁ বাধা দিবলৈ নাহিল। তেতিয়া মই ভাবিলোঁ, মই মৰিলে তেওঁলোকৰ কোনো ক্ষতি নহ’ব। বৰঞ্চ মোৰ সন্তানৰহে ক্ষতি হ’ব। ইয়াৰ পিছত আত্মহত্যাৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিলোঁ।”

সন্তানৰ ভৱিষ্যতৰ কথা ভাবি সবিতাই শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিল। ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ তাই বিউটি পাৰ্লাৰ এখন কৰ্মী হিচাপে কাম কৰে।

তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে। ইন্দোৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতো তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়।

২০১৭ চনত ইউ পি এছ চি পৰীক্ষাত প্ৰথম প্ৰয়াসতে উত্তীৰ্ণ হয় সবিতা। এই বিষয়ে তেওঁ কয়- "হৰাৰ মানসিকতা মোৰ নাছিল। সৰুৰে পৰা সংগ্ৰাম দেখি আহিছো, সহজে হাৰ মানিব পৰা মানুহ নাছিলোঁ। গতিকে আজি মই সফল হৈছো।”

২০২১ চনত সবিতাই খাণ্ডৱা পূৰ্ণিগামৰ প্ৰথম মহিলা আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। তাত থকা পোষ্টিঙৰ পৰাই তেওঁ অঞ্চলটোৰ মাফিয়াসকলক কঠোৰ হাতেৰে দমন কৰি শিৰোনামলৈ আহিছিল।

এইগৰাকী মহিলা আয়ুক্তই নিজৰ কামৰ বাবে সদায় চৰ্চাত থাকে। কেইবছৰমান আগতে তাই চাৰিমহীয়া কেঁচুৱাটো কোলাত লৈয়েই অফিচত যোগদান কৰিছিল।

সঁচাকৈ ক’ব পাৰি যে সবিতা অনন্য। এইগৰাকী বিষয়াৰ সংগ্ৰামে অনুপ্ৰাণিত কৰিব অনেকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ