--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি তেওঁ এগৰাকী আমোলা। মধ্যপ্ৰদেশৰ খাণ্ডৱা পূৰ্ণিগামৰ প্ৰথমগৰাকী মহিলা আয়ুক্ত। কিন্তু আমোলা হোৱাৰ পথটো ইমান মসৃণ নাছিল সবিতা প্ৰধান গৌড়ৰ।

আজি তেওঁৰ পদৰ বাবে সকলোৱে তেওঁক সন্মান কৰে। কিন্তু এই পদ পাবলৈ কৰা সংগ্ৰামৰ বিষয়ে সংবাদ মাধ্যমৰ এটা সাক্ষাৎকাৰত প্ৰকাশ কৰিছে সবিতাই।

মধ্যপ্ৰদেশৰ মাণ্ডী জিলাৰ এটা জনজাতীয় পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সবিতাই। পৰিয়ালৰ আৰ্থিক অৱস্থা বৰ ভাল নাছিল। কিন্তু সৰুৰে পৰা পঢ়াৰ প্ৰতি সবিতাৰ প্ৰৱণতা আছিল। গতিকে ঘৰৰ পৰা ৭ কিলোমিটাৰ নিলগৰ এখন স্কুলত পঢ়িবলৈ গৈছিল তেওঁ।

দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা গাঁওখনৰ প্ৰথমগৰাকী ছাত্ৰী আছিল সবিতা। ভাল নম্বৰ পোৱাৰ বাবেই স্কুলৰ পৰা বৃত্তি লাভ কৰে। সেই বৃত্তিৰ টকাৰেই পঢ়া-শুনা কৰিছিল। দশম শ্ৰেণী পাছ কৰাৰ পিছত সাত কিলোমিটাৰ দূৰৰ এখন কলেজত নামভৰ্তি কৰিলে। বাছভাড়া আছিল ২ টকা। কিন্তু সেই ভাড়াৰ পইচাও নাছিল তেওঁৰ হাতত।

পঢ়া-শুনা কৰি থাকোঁতেই আৰ্থিক হেঁচাত পৰি সৰুতে মাক-দেউতাকে সবিতাক বিয়া দি দিয়ে। ইয়াৰ পৰাই আন এক সংগ্ৰাম আৰম্ভ হয়। সবিতাই দাবী কৰে যে বিয়াৰ কিছুদিন পিছতে স্বামীৰ অত্যাচাৰ আৰম্ভ হৈছিল। প্ৰায়ে তাইক মাৰপিট কৰিছিল।

শাহুৰেকেও অত্যাচাৰ কৰিছিল। তেওঁৰ ভাষাত, “মই গৰ্ভৱতী হৈছিলোঁ। কিন্তু কোনো ৰেহাই নাছিল। খাদ্যও যথেষ্ট নাছিল। মনে মনে শুকান ৰুটি খাব লগা হৈছিল।"

সবিতাইও মুখ বন্ধ কৰি সকলো ধৰণৰ অত্যাচাৰ সহ্য কৰিব লগা হৈছিল বুলি জনায়। তেওঁৰ ভাষাত, “মোক গৰ্ভৱতী অৱস্থাত বাথৰুম চাফা কৰিবলৈ বাধ্য কৰাইছিল। শহুৰক তেল মালিচ কৰিব লগা হৈছিল। সকলো কৰাৰ পিছতো তেওঁলোক সন্তুষ্ট নহয়।"

সবিতাই দুটা সন্তান জন্ম দিলে। কিন্তু তাৰ পিছতো অত্যাচাৰ বন্ধ নহ’ল। সবিতাই জনায়- "অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ চেষ্টাও কৰিছিলোঁ। আত্মহত্যাৰ চেষ্টা কৰি থাকোঁতে শাহুৱে চাই আছিল। তেওঁ বাধা দিবলৈ নাহিল। তেতিয়া মই ভাবিলোঁ, মই মৰিলে তেওঁলোকৰ কোনো ক্ষতি নহ’ব। বৰঞ্চ মোৰ সন্তানৰহে ক্ষতি হ’ব। ইয়াৰ পিছত আত্মহত্যাৰ সিদ্ধান্তৰ পৰা আঁতৰি আহিলোঁ।”

সন্তানৰ ভৱিষ্যতৰ কথা ভাবি সবিতাই শহুৰেকৰ ঘৰৰ পৰা ওলাই আহিল। ল’ৰা-ছোৱালীক ডাঙৰ-দীঘল কৰিবলৈ তাই বিউটি পাৰ্লাৰ এখন কৰ্মী হিচাপে কাম কৰে।

তেওঁ পুনৰ পঢ়া-শুনা আৰম্ভ কৰিলে। ইন্দোৰ বিশ্ববিদ্যালয়ৰ পৰা ৰাজহুৱা প্ৰশাসন বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছতো তেওঁ ইউ পি এছ চি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়।

২০১৭ চনত ইউ পি এছ চি পৰীক্ষাত প্ৰথম প্ৰয়াসতে উত্তীৰ্ণ হয় সবিতা। এই বিষয়ে তেওঁ কয়- "হৰাৰ মানসিকতা মোৰ নাছিল। সৰুৰে পৰা সংগ্ৰাম দেখি আহিছো, সহজে হাৰ মানিব পৰা মানুহ নাছিলোঁ। গতিকে আজি মই সফল হৈছো।”

২০২১ চনত সবিতাই খাণ্ডৱা পূৰ্ণিগামৰ প্ৰথম মহিলা আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰে। তাত থকা পোষ্টিঙৰ পৰাই তেওঁ অঞ্চলটোৰ মাফিয়াসকলক কঠোৰ হাতেৰে দমন কৰি শিৰোনামলৈ আহিছিল।

এইগৰাকী মহিলা আয়ুক্তই নিজৰ কামৰ বাবে সদায় চৰ্চাত থাকে। কেইবছৰমান আগতে তাই চাৰিমহীয়া কেঁচুৱাটো কোলাত লৈয়েই অফিচত যোগদান কৰিছিল।

সঁচাকৈ ক’ব পাৰি যে সবিতা অনন্য। এইগৰাকী বিষয়াৰ সংগ্ৰামে অনুপ্ৰাণিত কৰিব অনেকৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ