--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া এক মধুৰ ক্ষণ৷ পৰিণীতি-ৰাঘৱ চাধাৰ আঙুঠি বদলি পৰ্বকলৈ অনুৰাগীসকলৰ মাজত বেছ কৌতূহলে বিৰাজ কৰিছিল৷ সেই পৰ্বত উপস্থিত আছিল মাত্ৰ ১৫০গৰাকী বিশেষ আমন্ত্ৰিত লোক৷  পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই দিল্লীৰ কাপুৰথালা হাউচত আঙুঠি বদলি পৰ্ব সমাপন কৰিছে৷ সম্পূৰ্ণ শিখ ধৰ্মীয় ৰীতি-নীতি মানি এই পৰ্ব সম্পাদন কৰা হৈছে৷ 

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাই অৱশেষত আঙুঠি বিনিময় কৰি এতিয়া বৈবাহিক জীৱনৰ প্ৰথম ঢাপ অতিক্ৰম কৰিলে৷ । দিল্লীৰ কাপুৰথালা হাউচত আত্মীয় আৰু বন্ধুবৰ্গৰ উপস্থিতিত দুয়োগৰাকী তাৰকাই ইজনে সিজনক আঙুঠি পিন্ধায়। ইমান দিন ধৰি তেওঁলোকৰ প্ৰেমক লৈ বেছ চৰ্চা চলি আছিল৷ অৱশ্যে, ইমান দিন ধৰি,তেওঁলোকে কথাবোৰ সিমান বেছি ৰাজহুৱা কৰা নাছিল। 


সেই প্ৰেমৰ কথা ইমান দিনধৰি তেওঁলোকে নিজৰ মাজতে সীমিত ৰাখিছিল শেহতীয়াকৈ  অভিনেত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ ফটো পোষ্ট কৰিছে।বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাৰ সৈতে আঙুঠি বিনিময় কৰাৰ পিছত তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত কেইবাখনো ফটো পোষ্ট কৰিছে৷ দম্পতীহালে আঙুঠি বদলি পৰ্বত শুধ বগা পোছাক পিন্ধিছিল।  


যদিও তেওঁলোকক ৰাজহুৱাভাৱে কেইবাবাৰো একেলগে দেখা গৈছে, পৰিণীতি আৰু ৰাঘৱে ইমান দিন ধৰি তেওঁলোকৰ প্ৰেমৰ বিষয়ত মুখ বন্ধ কৰিয়েই ৰাখিছিল৷ ৰেষ্টুৰেণ্টৰ পৰা মুম্বাইৰ বিমানবন্দৰলৈকে বহু  ঠাইতে তেওঁলোকক বহুতেই একেলগে দেখা পাইছিল৷ অৱশ্যে, তেওঁলোকে কেতিয়াও বিয়াৰ  কথা এবাৰো  কোৱা নাছিল। শেহতীয়াকৈ পৰিণীতি আৰু ৰাঘৱ দুয়োজনে ছচিয়েল মিডিয়াৰ পৃষ্ঠাত সকলোৰে সৈতে দ্য গাৰ্ডেনৰ ফটো শ্বেয়াৰ কৰিছে। অনুষ্ঠানটোত প্ৰিয়ংকা চোপ্ৰা, মনীষ মালহোত্ৰা আৰু মায়ানাগৰীৰ অন্যান্য প্ৰখ্যাত তাৰকাসকল উপস্থিত আছিল। আদিত্য ঠাকৰে, পি চিদাম্বৰম, ভগৱন্ত সিং মানৰ দৰে ৰাজনৈতিক ব্যক্তিও সেই অনুষ্ঠানত উপস্থিত আছিল।

আপ নেতা ৰাঘৱ চাধাই ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল। আনহাতে, পৰিণীতি ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী। পৰিণীতিয়ে ২০১১ চনত যশ ৰাজ ফিল্মছৰ বিপণনত বিভাগত  কাম কৰি পিছলৈ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ৰাঘৱ আৰু পৰিণীতিৰ বন্ধুত্ব বিদেশৰ মাটিতেই আৰম্ভ হৈছিল। পিছলৈ সেই  দীৰ্ঘদিনীপ্ৰেয়া বন্ধুত্বই প্ৰেমৰ ৰূপত ধৰা দিয়ে আৰু এতিয়া তেওঁলোকে সংসাৰ কৰিবলৈ অগ্ৰসৰ হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?