--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এয়া এক মধুৰ ক্ষণ৷ পৰিণীতি-ৰাঘৱ চাধাৰ আঙুঠি বদলি পৰ্বকলৈ অনুৰাগীসকলৰ মাজত বেছ কৌতূহলে বিৰাজ কৰিছিল৷ সেই পৰ্বত উপস্থিত আছিল মাত্ৰ ১৫০গৰাকী বিশেষ আমন্ত্ৰিত লোক৷  পৰিণীতি চোপ্ৰা আৰু ৰাঘৱ চাধাই দিল্লীৰ কাপুৰথালা হাউচত আঙুঠি বদলি পৰ্ব সমাপন কৰিছে৷ সম্পূৰ্ণ শিখ ধৰ্মীয় ৰীতি-নীতি মানি এই পৰ্ব সম্পাদন কৰা হৈছে৷ 

বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাই অৱশেষত আঙুঠি বিনিময় কৰি এতিয়া বৈবাহিক জীৱনৰ প্ৰথম ঢাপ অতিক্ৰম কৰিলে৷ । দিল্লীৰ কাপুৰথালা হাউচত আত্মীয় আৰু বন্ধুবৰ্গৰ উপস্থিতিত দুয়োগৰাকী তাৰকাই ইজনে সিজনক আঙুঠি পিন্ধায়। ইমান দিন ধৰি তেওঁলোকৰ প্ৰেমক লৈ বেছ চৰ্চা চলি আছিল৷ অৱশ্যে, ইমান দিন ধৰি,তেওঁলোকে কথাবোৰ সিমান বেছি ৰাজহুৱা কৰা নাছিল। 


সেই প্ৰেমৰ কথা ইমান দিনধৰি তেওঁলোকে নিজৰ মাজতে সীমিত ৰাখিছিল শেহতীয়াকৈ  অভিনেত্ৰীগৰাকীয়ে নিজৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত নিজৰ ফটো পোষ্ট কৰিছে।বলীউডৰ অভিনেত্ৰী পৰিণীতি চোপ্ৰাই আম আদমী পাৰ্টিৰ নেতা ৰাঘৱ চাধাৰ সৈতে আঙুঠি বিনিময় কৰাৰ পিছত তেওঁৰ সামাজিক মাধ্যমৰ পৃষ্ঠাত কেইবাখনো ফটো পোষ্ট কৰিছে৷ দম্পতীহালে আঙুঠি বদলি পৰ্বত শুধ বগা পোছাক পিন্ধিছিল।  


যদিও তেওঁলোকক ৰাজহুৱাভাৱে কেইবাবাৰো একেলগে দেখা গৈছে, পৰিণীতি আৰু ৰাঘৱে ইমান দিন ধৰি তেওঁলোকৰ প্ৰেমৰ বিষয়ত মুখ বন্ধ কৰিয়েই ৰাখিছিল৷ ৰেষ্টুৰেণ্টৰ পৰা মুম্বাইৰ বিমানবন্দৰলৈকে বহু  ঠাইতে তেওঁলোকক বহুতেই একেলগে দেখা পাইছিল৷ অৱশ্যে, তেওঁলোকে কেতিয়াও বিয়াৰ  কথা এবাৰো  কোৱা নাছিল। শেহতীয়াকৈ পৰিণীতি আৰু ৰাঘৱ দুয়োজনে ছচিয়েল মিডিয়াৰ পৃষ্ঠাত সকলোৰে সৈতে দ্য গাৰ্ডেনৰ ফটো শ্বেয়াৰ কৰিছে। অনুষ্ঠানটোত প্ৰিয়ংকা চোপ্ৰা, মনীষ মালহোত্ৰা আৰু মায়ানাগৰীৰ অন্যান্য প্ৰখ্যাত তাৰকাসকল উপস্থিত আছিল। আদিত্য ঠাকৰে, পি চিদাম্বৰম, ভগৱন্ত সিং মানৰ দৰে ৰাজনৈতিক ব্যক্তিও সেই অনুষ্ঠানত উপস্থিত আছিল।

আপ নেতা ৰাঘৱ চাধাই ইংলেণ্ডৰ লণ্ডন স্কুল অৱ ইকনমিক্সত অধ্যয়ন কৰিছিল। আনহাতে, পৰিণীতি ইংলেণ্ডৰ মানচেষ্টাৰ বিজনেছ স্কুলৰ প্ৰাক্তন ছাত্ৰী। পৰিণীতিয়ে ২০১১ চনত যশ ৰাজ ফিল্মছৰ বিপণনত বিভাগত  কাম কৰি পিছলৈ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰিছিল। ৰাঘৱ আৰু পৰিণীতিৰ বন্ধুত্ব বিদেশৰ মাটিতেই আৰম্ভ হৈছিল। পিছলৈ সেই  দীৰ্ঘদিনীপ্ৰেয়া বন্ধুত্বই প্ৰেমৰ ৰূপত ধৰা দিয়ে আৰু এতিয়া তেওঁলোকে সংসাৰ কৰিবলৈ অগ্ৰসৰ হৈছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে