--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত দীৰ্ঘদিনীয়া  প্ৰেমে পূৰ্ণতা লাভ কৰাৰ দিশে।মাত্ৰ অলপ সময়ৰ অপেক্ষা । তাৰ পিছতে চাৰিখন হাত একেলগ হ’ব। ৰাঘৱ চাদ্ধা আৰু পৰিণীতি চোপ্ৰাৰ আজি বিয়া । খবৰ অনুসৰি আপ নেতাজনে আবেলি 'বেণ্ড বাজা বাৰাত'ৰ সৈতে বিবাহস্থলীত উপস্থিত হ'ব। তাৰপিছতেই  জয়মালা অনুষ্ঠান অনুষ্ঠিত হ'ব। 

ৰাঘৱ আৰু পৰিণীতিৰ বিবাহ অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজৰে ৰাজস্থানৰ  উদয়পুৰৰ লীলা প্ৰাসাদত অনুষ্ঠিত হৈছে। প্ৰাসাদৰ  চাৰিওফালে পানী। ফলস্বৰূপে, পাপাৰাজ্জিৰ বাবে সহজে ছবি তোলাটো অসম্ভৱ হৈ পৰিছে। খবৰ পোৱা গৈছে যে ৰাঘনিতিৰ  বিয়াত বজোৱা সংগীত ১০৯০ -ৰ দশকৰ সংগীতৰ  ওপৰত আধাৰিত। 

নৱৰাজ হংসই প্ৰাণ ঢালি গাইছে সেই গীত। অনুষ্ঠানটোত  অন্যান্য খাদ্যৰ সৈতে মেগীও পৰিৱেশন কৰা হৈছে। যি কি নহওক, শনিবাৰৰ গোটেই ৰাতিৰ পাৰ্টিৰ পিছত বিয়াৰ পুৱাটোত সোণালী ৰ'দক আদৰণি জনাইছে অভ্যাগতসকলে।  জানিব পৰা মতে ৰাঘৱৰ 'চেহৰাবন্দী' অনুষ্ঠানৰ পিছত জয়মালা অনুষ্ঠান আবেলি ৩.৩০  বজাত অনুষ্ঠিত হ'ব। 

ৰাঘৱ আৰু পৰিণীতিয়ে এই অনুষ্ঠানতে ইজনে সিজনৰ ডিঙিত মালা পিন্ধাব। দেওবাৰে  নিশা ৮.৩০  বজাত এক বিশাল অভ্যৰ্থনা অনুষ্ঠিত হ'ব। এই অভ্যৰ্থনা অনুষ্ঠানৰ বিষয়বস্তু হৈছে 'এ নাইট অফ আমোৰ'। মন কৰিব যে 'আমোৰ' শব্দটোৰ অৰ্থ হৈছে প্ৰেম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক