--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত দীৰ্ঘদিনীয়া  প্ৰেমে পূৰ্ণতা লাভ কৰাৰ দিশে।মাত্ৰ অলপ সময়ৰ অপেক্ষা । তাৰ পিছতে চাৰিখন হাত একেলগ হ’ব। ৰাঘৱ চাদ্ধা আৰু পৰিণীতি চোপ্ৰাৰ আজি বিয়া । খবৰ অনুসৰি আপ নেতাজনে আবেলি 'বেণ্ড বাজা বাৰাত'ৰ সৈতে বিবাহস্থলীত উপস্থিত হ'ব। তাৰপিছতেই  জয়মালা অনুষ্ঠান অনুষ্ঠিত হ'ব। 

ৰাঘৱ আৰু পৰিণীতিৰ বিবাহ অনুষ্ঠান কঠোৰ নিৰাপত্তাৰ মাজৰে ৰাজস্থানৰ  উদয়পুৰৰ লীলা প্ৰাসাদত অনুষ্ঠিত হৈছে। প্ৰাসাদৰ  চাৰিওফালে পানী। ফলস্বৰূপে, পাপাৰাজ্জিৰ বাবে সহজে ছবি তোলাটো অসম্ভৱ হৈ পৰিছে। খবৰ পোৱা গৈছে যে ৰাঘনিতিৰ  বিয়াত বজোৱা সংগীত ১০৯০ -ৰ দশকৰ সংগীতৰ  ওপৰত আধাৰিত। 

নৱৰাজ হংসই প্ৰাণ ঢালি গাইছে সেই গীত। অনুষ্ঠানটোত  অন্যান্য খাদ্যৰ সৈতে মেগীও পৰিৱেশন কৰা হৈছে। যি কি নহওক, শনিবাৰৰ গোটেই ৰাতিৰ পাৰ্টিৰ পিছত বিয়াৰ পুৱাটোত সোণালী ৰ'দক আদৰণি জনাইছে অভ্যাগতসকলে।  জানিব পৰা মতে ৰাঘৱৰ 'চেহৰাবন্দী' অনুষ্ঠানৰ পিছত জয়মালা অনুষ্ঠান আবেলি ৩.৩০  বজাত অনুষ্ঠিত হ'ব। 

ৰাঘৱ আৰু পৰিণীতিয়ে এই অনুষ্ঠানতে ইজনে সিজনৰ ডিঙিত মালা পিন্ধাব। দেওবাৰে  নিশা ৮.৩০  বজাত এক বিশাল অভ্যৰ্থনা অনুষ্ঠিত হ'ব। এই অভ্যৰ্থনা অনুষ্ঠানৰ বিষয়বস্তু হৈছে 'এ নাইট অফ আমোৰ'। মন কৰিব যে 'আমোৰ' শব্দটোৰ অৰ্থ হৈছে প্ৰেম।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু