--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘সিংহাম’ চিৰিজৰ নতুন ছবিখনৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে ৰোহিত শ্বেট্টীয়ে। এই সন্দৰ্ভত তেওঁৰ সন্মুখত তেওঁৰ ছবি সন্দৰ্ভত নেতিবাচক মন্তব্য ওলাইছে। বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৌতম পেটেলে অনুভৱ কৰে যে ‘সিংহাম’ৰ দৰে ছবিত দেখুওৱা চৰম বাস্তৱতাই সমাজলৈ এক ক্ষতিকাৰক বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ ৰাজহুৱা মন্তব্যক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

শুকুৰবাৰে ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে আয়োজন কৰা এক অনুষ্ঠানত গৌতমে আৰক্ষীকেন্দ্ৰিক হিন্দী ছৱি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, আৰক্ষীক অসৎ বুলি দেখুওৱাটো সঠিক নহয় ন্যায়াধীশ, ৰাজনীতিবিদ বা সাংবাদিকক লৈও এনেকৈ দেখুৱাব পাৰি।

ন্যায়াধীশৰ ভাষাত, "এই কাৰণেই ধৰ্ষণৰ অভিযুক্তক পলাই গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰা হয়। আৰু দৰ্শকে ভাবে যে সেয়াই হ’ব লাগে। কিন্তু সঁচাকৈয়ে ই শুদ্ধ নে?’’

গৌতম পেটেলে অনুভৱ কৰে যে ভাৰতীয় চিনেমাত এই ধৰণৰ চিন্তা-চৰ্চা বাঢ়িছে। তেওঁৰ ভাষাত "চিনেমাত বিচাৰকসকলৰ লগত আৰক্ষীয়ে অসৎ আচৰণ কৰে। অভিযুক্তক দোষমুক্ত কৰাৰ বাবে আদালতক দোষাৰোপ কৰে। ইয়াৰ পিছত অকল নায়কে আইনখন নিজৰ হাতত লয়!''

একে সময়তে তেওঁ 'ছিংহাম' ছবিখনৰ বিষয়টোও উত্থাপন কৰিলে। ক'লে, "চিনেমাখনৰ শেষত দেখা যায় যে প্ৰকাশ ৰাজক সকলো আৰক্ষীয়ে দমন কৰিছিল। কিন্তু সেয়া সঁচা ন্যায় নেকি?'' তেওঁ ভাবে যে এনে বাৰ্তা সমাজৰ বাবে ক্ষতিকাৰক। তেওঁৰ ভাষাত "ন্যায় ব্যৱস্থা আছে।"

২০১১ চনত মুক্তি লাভ কৰিছিল ৰোহিত শ্বেট্টীৰ পৰিচালিত ‘সিংহাম’। ছবিখনত অজয় ​​দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তাৰ তিনি বছৰৰ পাছত মুক্তি লাভ কৰে ছিকুৱেল ‘ছিংহাম ৰিটাৰ্নছ’। শেহতীয়াকৈ আৰম্ভ হৈছে ৰোহিতৰ কপ ইউনিভাৰ্ছৰ পঞ্চমখন ছবি ‘ছিংহাম এগেইন’ৰ শ্বুটিং। অজয়ৰ উপৰিও ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ৰণবীৰ সিঙে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক