--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘সিংহাম’ চিৰিজৰ নতুন ছবিখনৰ কাম আৰম্ভ কৰিবলৈ ওলাইছে ৰোহিত শ্বেট্টীয়ে। এই সন্দৰ্ভত তেওঁৰ সন্মুখত তেওঁৰ ছবি সন্দৰ্ভত নেতিবাচক মন্তব্য ওলাইছে। বোম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ গৌতম পেটেলে অনুভৱ কৰে যে ‘সিংহাম’ৰ দৰে ছবিত দেখুওৱা চৰম বাস্তৱতাই সমাজলৈ এক ক্ষতিকাৰক বাৰ্তা প্ৰেৰণ কৰে। তেওঁৰ ৰাজহুৱা মন্তব্যক লৈ জল্পনা-কল্পনাৰ সৃষ্টি হৈছে।

শুকুৰবাৰে ইণ্ডিয়ান পুলিচ ফাউণ্ডেচনে আয়োজন কৰা এক অনুষ্ঠানত গৌতমে আৰক্ষীকেন্দ্ৰিক হিন্দী ছৱি সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, আৰক্ষীক অসৎ বুলি দেখুওৱাটো সঠিক নহয় ন্যায়াধীশ, ৰাজনীতিবিদ বা সাংবাদিকক লৈও এনেকৈ দেখুৱাব পাৰি।

ন্যায়াধীশৰ ভাষাত, "এই কাৰণেই ধৰ্ষণৰ অভিযুক্তক পলাই গৈ থকা অৱস্থাত গুলীয়াই হত্যা কৰা হয়। আৰু দৰ্শকে ভাবে যে সেয়াই হ’ব লাগে। কিন্তু সঁচাকৈয়ে ই শুদ্ধ নে?’’

গৌতম পেটেলে অনুভৱ কৰে যে ভাৰতীয় চিনেমাত এই ধৰণৰ চিন্তা-চৰ্চা বাঢ়িছে। তেওঁৰ ভাষাত "চিনেমাত বিচাৰকসকলৰ লগত আৰক্ষীয়ে অসৎ আচৰণ কৰে। অভিযুক্তক দোষমুক্ত কৰাৰ বাবে আদালতক দোষাৰোপ কৰে। ইয়াৰ পিছত অকল নায়কে আইনখন নিজৰ হাতত লয়!''

একে সময়তে তেওঁ 'ছিংহাম' ছবিখনৰ বিষয়টোও উত্থাপন কৰিলে। ক'লে, "চিনেমাখনৰ শেষত দেখা যায় যে প্ৰকাশ ৰাজক সকলো আৰক্ষীয়ে দমন কৰিছিল। কিন্তু সেয়া সঁচা ন্যায় নেকি?'' তেওঁ ভাবে যে এনে বাৰ্তা সমাজৰ বাবে ক্ষতিকাৰক। তেওঁৰ ভাষাত "ন্যায় ব্যৱস্থা আছে।"

২০১১ চনত মুক্তি লাভ কৰিছিল ৰোহিত শ্বেট্টীৰ পৰিচালিত ‘সিংহাম’। ছবিখনত অজয় ​​দেৱগনে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। তাৰ তিনি বছৰৰ পাছত মুক্তি লাভ কৰে ছিকুৱেল ‘ছিংহাম ৰিটাৰ্নছ’। শেহতীয়াকৈ আৰম্ভ হৈছে ৰোহিতৰ কপ ইউনিভাৰ্ছৰ পঞ্চমখন ছবি ‘ছিংহাম এগেইন’ৰ শ্বুটিং। অজয়ৰ উপৰিও ছবিখনত অভিনয় কৰিছে অক্ষয় কুমাৰ আৰু ৰণবীৰ সিঙে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ