--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিং শ্বাহৰুখ খানৰ ছবি ‘জৱান’এ বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে।একে সময়তে কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অনুৰাগীৰ মাজত ছবিখনে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানতো কিং খানৰ বিশাল অনুৰাগী অনুসৰণ আছে।

পাকিস্তানৰ বিখ্যাত অভিনেত্ৰী হানিয়া আমিৰো কিং খানক লৈ দুৰ্বল। শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক ছবিখনৰ গীতটোত নাচি থকা দেখা গৈছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে নৈশ পোছাক পৰিধান কৰি বন্ধু-বান্ধৱীৰ সৈতে ‘চালেয়া’ গীতটিত নৃত্য কৰা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত হানিয়াই কেপচনত কেৱল ‘Dirty’ বুলি লিখিছে। তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে হানিয়া কিং খানৰ ডাঙৰ অনুৰাগী। ইয়াৰ পূৰ্বেও তেওঁক বহুবাৰ শ্বাহৰুখ খানৰ গীতত নৃত্য কৰা দেখা গৈছে। ছবিখনক লৈ ৰাইজৰ মাজত আচৰিত ধৰণৰ উন্মাদনা দেখা গৈছে। তেওঁৰ ছবিখনৰ গীতত একাংশ লোকে নাচি থকা দেখা গৈছে, আনহাতে বহু লোকে জৱান চিনেমাখনৰ সংলাপৰ ওপৰত ৰিল বনাইছে।

জৱানৰ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। ঘৰুৱা লগতে বিশ্বব্যাপী বক্স অফিচতো নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে। ছবিখনৰ উপাৰ্জনে পুৰণি ছবিৰ অভিলেখ ভংগ কৰি এতিয়া ১০০০ কোটি টকাৰ ক্লাবত যোগদানৰ ওচৰ চাপিছে। স্মৰ্তব্য যে ‘জৱান’এ ১৬ দিনত বিশ্বজুৰি ৯৫৩.৯৭ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনৰ উপাৰ্জনৰ গতিবেগলৈ চালে অনুমান কৰিব পাৰি যে উইকেণ্ডত ‘জৱান’এ ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক