--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ কিং শ্বাহৰুখ খানৰ ছবি ‘জৱান’এ বক্স অফিচত আলোড়নৰ সৃষ্টি কৰিছে।একে সময়তে কেৱল দেশতে নহয় সমগ্ৰ বিশ্বতে ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ অনুৰাগীৰ মাজত ছবিখনে সমাদৰ বুটলিবলৈ সক্ষম হৈছে।ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তানতো কিং খানৰ বিশাল অনুৰাগী অনুসৰণ আছে।

পাকিস্তানৰ বিখ্যাত অভিনেত্ৰী হানিয়া আমিৰো কিং খানক লৈ দুৰ্বল। শেহতীয়াকৈ তেওঁ নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে, য’ত তেওঁক ছবিখনৰ গীতটোত নাচি থকা দেখা গৈছে। ভিডিঅ’টোত অভিনেত্ৰীগৰাকীয়ে নৈশ পোছাক পৰিধান কৰি বন্ধু-বান্ধৱীৰ সৈতে ‘চালেয়া’ গীতটিত নৃত্য কৰা দেখা গৈছে। এই ভিডিঅ’টো শ্বেয়াৰ কৰাৰ সময়ত হানিয়াই কেপচনত কেৱল ‘Dirty’ বুলি লিখিছে। তেওঁৰ এই ভিডিঅ'টো ছচিয়েল মিডিয়াত অতি ভাইৰেল হৈ পৰিছে।

উল্লেখযোগ্য যে হানিয়া কিং খানৰ ডাঙৰ অনুৰাগী। ইয়াৰ পূৰ্বেও তেওঁক বহুবাৰ শ্বাহৰুখ খানৰ গীতত নৃত্য কৰা দেখা গৈছে। ছবিখনক লৈ ৰাইজৰ মাজত আচৰিত ধৰণৰ উন্মাদনা দেখা গৈছে। তেওঁৰ ছবিখনৰ গীতত একাংশ লোকে নাচি থকা দেখা গৈছে, আনহাতে বহু লোকে জৱান চিনেমাখনৰ সংলাপৰ ওপৰত ৰিল বনাইছে।

জৱানৰ বক্স অফিচ সংগ্ৰহৰ কথা ক’বলৈ গ’লে ছবিখনে বক্স অফিচত বিপুল ধন উপাৰ্জন কৰিছে। ঘৰুৱা লগতে বিশ্বব্যাপী বক্স অফিচতো নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে ছবিখনে। ছবিখনৰ উপাৰ্জনে পুৰণি ছবিৰ অভিলেখ ভংগ কৰি এতিয়া ১০০০ কোটি টকাৰ ক্লাবত যোগদানৰ ওচৰ চাপিছে। স্মৰ্তব্য যে ‘জৱান’এ ১৬ দিনত বিশ্বজুৰি ৯৫৩.৯৭ কোটি টকা উপাৰ্জন কৰিছে। ছবিখনৰ উপাৰ্জনৰ গতিবেগলৈ চালে অনুমান কৰিব পাৰি যে উইকেণ্ডত ‘জৱান’এ ১০০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু