--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক লৈ হোৱা বিতৰ্কৰ যেন অন্তই নপৰিব৷ কিয়নো তৃণমূল কংগ্ৰেছৰ নিলম্বিত সাংসদজনে আকৌ এবাৰ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ মিমিক্ৰি কৰিছে৷ 

যোৱা সপ্তাহত কল্যাণ বেনাৰ্জীয়ে সংসদভৱনৰ প্ৰৱেশদ্বাৰত আন নিলম্বিত সাংসদসকলৰ সৈতে হোৱা প্ৰতিবাদৰ সময়ত উপ-ৰাষ্ট্ৰপতি ধনখড়ক কথনভংগীৰ নকল কৰা দেখা পোৱাৰ পাছত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছিল৷ আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ ফোনত তৃণমূলৰ নেতাজনৰ মিমিক্ৰিৰ ভিডিঅ’গ্ৰাফী কৰা দেখা গৈছিল।

সেই ঘটনাত বিচলিত হৈ জগদীপ ধনখড়ে নিজৰ বেদনা ব্যক্ত কৰি কয় যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ স্থিতিক বিৰোধী সদস্যসকলে অপমান কৰিছে। ধনখড়ে লগতে দাবী কৰিছিল যে এয়া জাট, তেওঁৰ জাতি আৰু কৃষকৰ পৰিয়ালৰ পৰা অহা ব্যক্তি হিচাপে তেওঁৰ পৃষ্ঠভূমিৰ প্ৰতি অপমান।

আনহাতে, শনিবাৰে পশ্চিম বংগৰ চেৰেমপুৰত এক অনুষ্ঠানত ভাষণ দি কল্যাণ বেনাৰ্জীয়ে কয় যে মিমিক্ৰি কলাৰ এটা ৰূপ৷ বেনাৰ্জীয়ে লগতে কয় যে এয়া তেওঁ হাজাৰবাৰ কৰিব আৰু এনে কৰাৰ তেওঁৰ মৌলিক অধিকাৰ আছে৷ 

আনকি, কাৰাগাৰত ৰাখিলেও তেওঁ পিছুৱাই নাহে বুলি দৃঢ়তাৰে দোহাৰে৷

বেনাৰ্জীয়ে দাবী কৰিছিল যে তেওঁ প্ৰথমে সংসদত প্ৰধানমন্ত্ৰীৰ পৰা মিমিক্ৰি শিকিছিল। তাৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা। আনহাতে, বেনাৰ্জীয়ে ধনখড়ে শিশুৰ দৰে কান্দিছিল বুলিও উপহাস কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু