--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: তৃণমূল কংগ্ৰেছৰ সাংসদ কল্যাণ বেনাৰ্জীক লৈ হোৱা বিতৰ্কৰ যেন অন্তই নপৰিব৷ কিয়নো তৃণমূল কংগ্ৰেছৰ নিলম্বিত সাংসদজনে আকৌ এবাৰ ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ৰ মিমিক্ৰি কৰিছে৷ 

যোৱা সপ্তাহত কল্যাণ বেনাৰ্জীয়ে সংসদভৱনৰ প্ৰৱেশদ্বাৰত আন নিলম্বিত সাংসদসকলৰ সৈতে হোৱা প্ৰতিবাদৰ সময়ত উপ-ৰাষ্ট্ৰপতি ধনখড়ক কথনভংগীৰ নকল কৰা দেখা পোৱাৰ পাছত এক বৃহৎ ৰাজনৈতিক বিতৰ্কৰ সৃষ্টি হৈছিল৷ আনহাতে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক তেওঁৰ ফোনত তৃণমূলৰ নেতাজনৰ মিমিক্ৰিৰ ভিডিঅ’গ্ৰাফী কৰা দেখা গৈছিল।

সেই ঘটনাত বিচলিত হৈ জগদীপ ধনখড়ে নিজৰ বেদনা ব্যক্ত কৰি কয় যে ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হিচাপে তেওঁৰ স্থিতিক বিৰোধী সদস্যসকলে অপমান কৰিছে। ধনখড়ে লগতে দাবী কৰিছিল যে এয়া জাট, তেওঁৰ জাতি আৰু কৃষকৰ পৰিয়ালৰ পৰা অহা ব্যক্তি হিচাপে তেওঁৰ পৃষ্ঠভূমিৰ প্ৰতি অপমান।

আনহাতে, শনিবাৰে পশ্চিম বংগৰ চেৰেমপুৰত এক অনুষ্ঠানত ভাষণ দি কল্যাণ বেনাৰ্জীয়ে কয় যে মিমিক্ৰি কলাৰ এটা ৰূপ৷ বেনাৰ্জীয়ে লগতে কয় যে এয়া তেওঁ হাজাৰবাৰ কৰিব আৰু এনে কৰাৰ তেওঁৰ মৌলিক অধিকাৰ আছে৷ 

আনকি, কাৰাগাৰত ৰাখিলেও তেওঁ পিছুৱাই নাহে বুলি দৃঢ়তাৰে দোহাৰে৷

বেনাৰ্জীয়ে দাবী কৰিছিল যে তেওঁ প্ৰথমে সংসদত প্ৰধানমন্ত্ৰীৰ পৰা মিমিক্ৰি শিকিছিল। তাৰ পাছত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ পৰা। আনহাতে, বেনাৰ্জীয়ে ধনখড়ে শিশুৰ দৰে কান্দিছিল বুলিও উপহাস কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক