--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত '২৪ৰ লোকসভা নিৰ্বাচন! পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত শিক্ষা লৈ পুনৰ ফিল্ডত নামিছে বিৰোধী ঐক্য৷ভাৰতবৰ্ষৰ প্ৰতিখন লোকসভাৰ আসনতে বিৰোধী ঐক্যই উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ কথা চিন্তা-চৰ্চা কৰিছে৷আজি সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধী ঐক্য,অসমৰ সাধাৰণ সম্পাদক তথা APCCৰ সভাপতি  ভূপেন বৰাই উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ধাৰণাৰ শলাগ লয়৷ ৰাজনীতিত ভূপেন বৰাই পৰাজয়ৰ পৰা গ্ৰহণ কৰা শিক্ষাৰো পোষকতা কৰে৷


তদুপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয় যে, লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈ আছে,কংগ্ৰেছে সকলো প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰিছে আৰু সেয়েহে ভূপেন বৰাই বাকী দলসমূহকো প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷লগতে ভূপেন বৰাই কয় যে ১৫ টা বিৰোধী ঐক্যত থকা দলৰ দহটা দলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে৷ চাৰিটা দলেহে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে আকোৰগোঁজ স্থিতিত আছে৷ভূপেন বৰাই কয় যে ৪ টা বিৰোধী দলৰ লগত মিলাব লাগিব,আৰু ১৬ জানুৱাৰীৰ পাছত কোনে টিকট লাভ কৰিব সেই সম্পৰ্কে সকলোৱে ইংগিত পাই যাব৷উল্লেখ্য যে ভূপেন বৰাৰ মুখত উচ্চাৰিত কোন এই চাৰিটা বিৰোধী ৰাজনৈতিক দল তাক লৈ চৰ্চা আৰম্ভ হৈছে৷বহু ৰাজনৈতিক বিশ্লেষকৰ মতে এই চাৰিটা বিৰোধী দল হ’ল অসম জাতীয় পৰিষদ,চিপিআই(এম),আপ আৰু তৃণমূল কংগ্ৰেছ৷দলকেইটাৰ পৰা কোনো আনুষ্ঠানিক বিবৃত্তি লাভ কৰা নাই যদিও অসমত বিৰোধী ঐক্য কিমান সফল হয় সেয়া ভৱিষ্যত দিনত হ’ব লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক