--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমাগত '২৪ৰ লোকসভা নিৰ্বাচন! পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত শিক্ষা লৈ পুনৰ ফিল্ডত নামিছে বিৰোধী ঐক্য৷ভাৰতবৰ্ষৰ প্ৰতিখন লোকসভাৰ আসনতে বিৰোধী ঐক্যই উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ কথা চিন্তা-চৰ্চা কৰিছে৷আজি সংবাদ মাধ্যমক সম্বোধন কৰি বিৰোধী ঐক্য,অসমৰ সাধাৰণ সম্পাদক তথা APCCৰ সভাপতি  ভূপেন বৰাই উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ ধাৰণাৰ শলাগ লয়৷ ৰাজনীতিত ভূপেন বৰাই পৰাজয়ৰ পৰা গ্ৰহণ কৰা শিক্ষাৰো পোষকতা কৰে৷


তদুপৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয় যে, লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ সাজু হৈ আছে,কংগ্ৰেছে সকলো প্ৰাৰ্থীৰ তালিকা ৰাজহুৱা কৰিছে আৰু সেয়েহে ভূপেন বৰাই বাকী দলসমূহকো প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান জনায়৷লগতে ভূপেন বৰাই কয় যে ১৫ টা বিৰোধী ঐক্যত থকা দলৰ দহটা দলে লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নিবিচাৰে৷ চাৰিটা দলেহে নিৰ্বাচনত অৱতীৰ্ণ হ’বৰ বাবে আকোৰগোঁজ স্থিতিত আছে৷ভূপেন বৰাই কয় যে ৪ টা বিৰোধী দলৰ লগত মিলাব লাগিব,আৰু ১৬ জানুৱাৰীৰ পাছত কোনে টিকট লাভ কৰিব সেই সম্পৰ্কে সকলোৱে ইংগিত পাই যাব৷উল্লেখ্য যে ভূপেন বৰাৰ মুখত উচ্চাৰিত কোন এই চাৰিটা বিৰোধী ৰাজনৈতিক দল তাক লৈ চৰ্চা আৰম্ভ হৈছে৷বহু ৰাজনৈতিক বিশ্লেষকৰ মতে এই চাৰিটা বিৰোধী দল হ’ল অসম জাতীয় পৰিষদ,চিপিআই(এম),আপ আৰু তৃণমূল কংগ্ৰেছ৷দলকেইটাৰ পৰা কোনো আনুষ্ঠানিক বিবৃত্তি লাভ কৰা নাই যদিও অসমত বিৰোধী ঐক্য কিমান সফল হয় সেয়া ভৱিষ্যত দিনত হ’ব লক্ষণীয়৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা