ডিজিটেল ডেস্ক: সংসদত কিছুমান বিশেষ শব্দক অসাংবিধানিক হিচাপে ঘোষণা কৰাৰ বিষয়ে চৰ্চা চলি থকাৰ সময়তে এইবাৰ প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰী মোদীক আক্ৰমণ কৰিছে দক্ষিণৰ বিখ্যাত অভিনেতা তথা ৰাজনীতিবিদ কমল হাছানে। কমল হাছানৰ মাক্কাল নিধি মাইমে এক বিবৃতিত লোকসভা সচিবালয়ে প্ৰকাশ কৰা 'অসংসদীয়' শব্দৰ নতুন তালিকাক গৰিহণা দি কয় ইয়াৰ দ্বাৰা গণতন্ত্ৰক শ্বাসৰুদ্ধ কৰাৰ চেষ্টা কৰা হৈছে বুলি ক্ষোভ প্ৰকাশ কৰে। বিবৃতিটোত কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তত কঠোৰ আক্ৰমণ কৰি প্ৰধানমন্ত্ৰী মোদীক জাৰ্মানীৰ একনায়কত্ববাদী শাসক হিটলাৰৰ সৈতে তুলনা কৰে।
কমল হাছানৰ পোষ্টাৰ সম্বলিত এই বিবৃতিটোত মোদীক প্ৰত্যক্ষভাৱে সকীয়াই উল্লেখ কৰা হৈছে, "মিষ্টাৰ হিটলাৰ, এয়া জাৰ্মানী নহয়। আপুনি ৰাজতন্ত্ৰ ঘূৰাই আনিব বিচাৰিছে নেকি?"
দলটোৱে কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তক গণতন্ত্ৰ আৰু মত প্ৰকাশৰ স্বাধীনতাক শ্বাসৰুদ্ধ কৰাৰ এক অন্যতম প্ৰচেষ্টা বুলি অভিহিত কৰে। লগতে বিবৃতিটোত কয় যে যিকোনো বিসংগতি দেখুৱাই দিয়াটো গণতন্ত্ৰৰ এক বিশেষাধিকাৰ আৰু যদি বিশেষাধিকাৰ অনুমোদিত নহয়, ইয়াৰ দ্বাৰা দেশৰ সংবিধানক পোনপটীয়াকৈ উপহাস কৰা হ’ব।
বিবৃতিটোত লগতে কোৱা হৈছে যে যদি প্ৰধানমন্ত্ৰী আৰু চৰকাৰৰ মন্ত্ৰীসকলে সমালোচনা বা কোনো মতামত সহ্য কৰিব নোৱাৰে, তাৰ অৰ্থ হ’ব দেশক ৰাজতন্ত্ৰলৈ উভতাই নিয়া। এই ৰাজতন্ত্ৰত ৰজা আৰু তেওঁৰ মন্ত্ৰীসকলক কেৱল প্ৰশংসা কৰা হ'ব।
প্ৰখ্যাত তামিল দাৰ্শনিক থিৰুভাল্লুভাৰৰ প্ৰসঙ্গৰেও কমল হাছানৰ দলটোৱে মোদীক কটু সমালোচনা কৰে। থিৰুভাল্লুভাৰৰ উদ্ধৃতি দিয়া প্ৰধানমন্ত্ৰী মোদীক থিৰুক্কুৰাল পঢ়িবলৈও পৰামৰ্শ দিয়ে দলটোৱে। কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই প্ৰকাশ কৰা বিবৃতিটোত থিৰুক্কুৰালৰ এক নীতিবচন সন্নিৱিষ্ট কৰা হৈছে।
এই নীতি বচনত কোৱা হৈছে যে যদি এজন ৰজাৰ কৰ্মকাণ্ডক আঙুলিয়াই দিবলৈ কোনো নাথাকে, তেন্তে আন কোনেও তেওঁৰ অনিষ্ট নকৰাকৈয়ে ৰজা নিজেই ধ্বংস হ'ব। এই নীতিবচনটো মোদীয়ে অন্তত: পঢ়িব লাগে বুলিও পৰামৰ্শ দিয়ে মাক্কাল নিধি মাইমে।
উল্লেখ্য যে বুধবাৰে লোকসভা সচিবালয়ে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে এখন পুস্তিকা মুকলি কৰিছে। পুস্তিকাখনত এনে কিছুমান শব্দৰ তালিকা অন্তৰ্গত কৰা হৈছে, যিসমূহ শব্দক এতিয়াৰ পৰা দুয়োখন সদনতে 'অসংসদীয়' গণ্য কৰা হ'ব বুলি উল্লেখ কৰা হৈছে।
পুস্তিকাখনৰ মতে জুমলাজীৱী, স্বৈৰাচাৰী, নৈৰাজ্যবাদী, বাল বুদ্ধি, ক’ভিড স্প্ৰেডাৰ, স্নুপগেট, লজ্জিত, অপব্যৱহাৰ, বিশ্বাসঘাতকতা, যৌন নিৰ্যাতন, দুৰ্নীতিগ্ৰস্ত, নাটক, ভণ্ডামি, অক্ষমৰ দৰে শব্দ ব্যৱহাৰ কৰাটো লোকসভা আৰু ৰাজ্যসভাত অসংসদীয় বিবেচিত হ’ব।
পুস্তিকাখনৰ বিষয়ে প্ৰচাৰ হোৱাৰ লগে লগে বিৰোধীয়ে কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰে আৰু এই নিষেধাজ্ঞাক অপ্ৰয়োজনীয় বুলি অভিহিত কৰে। নিজৰ অক্ষমতা ঢাকিবলৈকে বিজেপি চৰকাৰে কিছুমান শব্দক নিষিদ্ধ কৰাৰ চেষ্টা চলাইছে বুলি বিৰোধীয়ে অভিযোগ কৰিছে।
অৱশ্যে ব্যাপক ৰূপত সৃষ্টি হোৱা এনে প্ৰতিক্ৰিয়াৰ পিছতে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই এই বাতৰি অস্বীকাৰ কৰে। বিৰলাৰ ভাষ্য অনুসৰি সংসদৰ সদস্যসকলৰ মত প্ৰকাশৰ স্বাধীনতা আছে। সংসদত কোনো শব্দৰে নিষিদ্ধকৰণৰ ব্যৱস্থা লোৱা নাই বুলি স্পষ্ট কৰি দিয়ে বিৰলাই।