--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযোদ্ধাৰ প্ৰতিবাদে যেন কাম দিছে। ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সভাপতি নিৰ্বাচনকলৈ আপত্তি দৰ্শাই আহিছে প্ৰতিবাদী মল্লযোদ্ধাসকলে। একাংশ মল্লযোদ্ধা যৌন উৎপীড়ণৰ বলি হোৱা বুলি অভিযোগ কৰি অহা প্ৰতিবাদী মল্লযোদ্ধাসকলে  ভাৰতীয় কুস্তি ফেডাৰেচনৰ নতুন সমিতিখন কোনোপধ্যে মানি ল’ব বিচৰা নাই। নতুন সমিতি খনৰ সভাপতিগৰাকীৰ বিৰুদ্ধে ক্ষোভ উজাৰি সাক্ষী মালিকে মল্লযুঁজৰ পৰাই অৱসৰ লৈছে, একাধিক মল্লযোদ্ধাই তেওঁলোকৰ পদ্মশ্ৰী সন্মান ওভতাই দিছে। 

এনে পৰিস্থিতিত মল্লযোদ্ধাসকলৰ প্ৰতিবাদত সেও মানি অৱশেষত দেওবাৰে   ক্ৰীড়া মন্ত্ৰালয়ে নৱ নিৰ্বাচিত সভাপতি সঞ্জয় সিঙকে ধৰি ভাৰতীয় কুস্তি ফেডাৰেচনৰ সমগ্ৰ সমিতিখনকে নিলম্বিত কৰাৰ কথা ঘোষণা কৰে।  ক্ৰীড়া মন্ত্ৰালয়ে কৈছে যে কুস্তি ফেডাৰেচনে সংবিধান উলংঘা কৰি কাম কৰি আছে। সেইবাবেই  নতুন সমিতি খনক  নিলম্বিত কৰা হৈছিল। অৱশ্যে সমিতিখন সম্পূৰ্ণৰূপে ভাঙি দিয়া হোৱা নাই। ক্ৰীড়া মন্ত্ৰালয়ে আপাততঃ কাম চলাবলৈ এখন অস্থায়ী উপ-সমিতি গঠন কৰিবলৈ   অলিম্পিক সন্থাক নিৰ্দেশ দিছে। 

ব্ৰজ ভূষণ শৰণ সিঙৰ  এজন ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে বৃহস্পতিবাৰে কুস্তি ফেডাৰেচনৰ সভাপতি হিচাবে নিৰ্বাচনত জয়ী হৈছিল। ফেডাৰেচনে ব্ৰজ ভূষণক নিষিদ্ধ কৰাৰ পিছত তেওঁ তেওঁৰ ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙক সমিতি খনত চলে-বলে কৌশলে বহুওৱা বুলি অভিযোগ উঠিছিল। অভিযোগ অনুসৰি নতুন সমিতি খন গঠনৰ ক্ষেত্ৰত আনকি প্ৰধানমন্ত্ৰী মোদীকো সম্পূৰ্ণ আন্ধাৰত ৰখা হৈছিল। নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পিছত দেখা গৈছিল যে মুঠ ৪৭  টা ভোটৰ ভিতৰত ৪০ টা ভোটেই  ব্ৰজ ভূষণ শৰণ সিঙৰ  এজন ঘনিষ্ঠ সহযোগী সঞ্জয় সিঙে লাভ কৰিছে। প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলক সমৰ্থন কৰা অনিতা শ্বেওৰানে মাত্ৰ ৭ টা ভোটহে পোৱা বুলি কোৱা হৈছিল।  এক কথাত  ফেডাৰেচনৰ কোনো পদত ব্ৰজ ভূষণে অধিষ্ঠিত হোৱা নাছিল, কিন্তু কুস্তি ফেডাৰেচনৰ সকলো ক্ষমতা আওপাকে ব্ৰজ ভূষণৰ ওচৰলৈ গৈছিল।
 
মল্লযোদ্ধাসকলৰ তৰফৰ পৰা প্ৰতিবাদ আৰম্ভ হৈছিল। অলিম্পিক পদক বিজয়ী সাক্ষী মালিকে সঞ্জয় সিঙক ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী হিচাপে নিযুক্তি দিয়াৰ প্ৰতিবাদত মল্লযুঁজেই  ত্যাগ কৰিছিল। অলিম্পিক পদক বিজয়ী বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়ে ।  মল্লযোদ্ধা বীৰেন্দ্ৰ সিং যাদৱেও পদ্মশ্ৰী বঁটা প্ৰত্যাখ্যান কৰাৰ সিদ্ধান্ত লয়। এনে  প্ৰতিবাদৰ মাজতে ক্ৰীড়া মন্ত্ৰালয়ে দেওবাৰে কুস্তি ফেডাৰেচনৰ সমিতিখনক  নিলম্বন কৰে।

বৃহস্পতিবাৰে নিৰ্বাচিত হোৱাৰ পিছতে সভাপতি সঞ্জয় সিঙে ৰাষ্ট্ৰীয় অনুৰ্ধ-১৫ আৰু অনুৰ্ধ-২০ পৰ্যায়ৰ প্ৰতিযোগিতাৰ কথা ঘোষণা কৰে। কিন্তু সেই ঘোষণাৰ আগতে ফেডাৰেচনৰ কোনো বৈঠক আহ্বান কৰা হোৱা নাছিল। কাৰ্যবাহী সমিতিৰ সদস্যসকলক জাননী দিয়া হোৱা নাছিল। ক্ৰীড়া মন্ত্ৰালয়ে সেই অজুহাততে সমিতিখন নিলম্বন  কৰিছে। অৱশ্যে বহুতে ধাৰণা কৰিছে  যে সমিতিখন নিলম্বন  কৰাৰ আঁৰত মল্লযোদ্ধাসকলৰ প্ৰতিবাদেই মূলকথা। সাক্ষী মালিকে কয়, "মই চৰকাৰৰ কথাত বিশ্বাস নকৰো। চৰকাৰে এতিয়ালৈকে লিখিতভাৱে একো কোৱা নাই। আমাৰ যুঁজ ভৱিষ্যতৰ মল্লযোদ্ধাসকলৰ বাবে। মই আশা কৰোঁ নিৰ্যাতিতাসকলে ন্যায় পাব "।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক