--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই পুনৰ অধিক প্ৰতিবাদমুখৰ হৈ পৰা মল্লোদ্ধাসকলক দেওবাৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণলৈ আনিছিল। ফলত আহত হৈছিল কেইবাগৰাকীও প্ৰতিবাদকাৰী মল্লযোদ্ধা। কালিৰ প্ৰতিবাদত ভাগ লোৱা  অলিম্পিকপদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ বহুতকে ইতিমধ্যে  আটক কৰা হৈছে ।

দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে সংঘৰ্ষ সৃষ্টিৰ অভিযোগত আজি  এজাহাৰ পঞ্জীয়ন কৰিছে। দেওবাৰে, সংসদ ভৱনৰ উদ্বোধনৰ সময়তে দেশৰ শ্ৰেষ্ঠ মল্লযোদ্ধাসকলক ৰাস্তাত বগৰাই প্ৰহাৰ কৰা হৈছিল। ইয়াৰ পিছতে  কেইবাগৰাকীও মল্লযোদ্ধাৰ বিৰুদ্ধে  এখন এজাহাৰ পঞ্জীয়ন কৰে। অৱশ্যে, প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ হৈ বজৰং পুনিয়াই কয়  যে আৰক্ষীৰ নিৰ্যাতনৰ পিছতো তেওঁলোকে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব। 

উল্লেখ্য মল্লযোদ্ধাসকলে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি তথা বিজেপি নেতা  ব্ৰজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আহিছে। দেশৰ মুখ উজ্জ্বল কৰা পদক বিজয়ী মল্লযোদ্ধাসকলে ন্যায়ৰ দাবীত নিৰন্তৰ  প্ৰতিবাদ কৰি আছে। দেওবাৰে  অভিযুক্ত বিজেপি সাংসদ  ব্ৰজভূষণ শৰণ সিং সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰিবলৈ নতুন সংসদ ভৱনলৈ গৈছিল। তেতিয়াই তেওঁলোকক আৰক্ষীয়ে হাৰাশাস্তি কৰে। দিল্লী আৰক্ষীয়ে মেধাৱী খেলুৱৈসকলক ৰাস্তাত বগৰাই  প্ৰহাৰ কৰাৰ ফটো  এতিয়া ভাইৰেল হৈ পৰিছে।

বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াকে ধৰি বহু কেইগৰাকী  মল্লযোদ্ধাক আৰক্ষীয়ে আটক কৰিছিল । কেইঘণ্টামানৰ ভিতৰতে দিল্লী আৰক্ষীয়ে কৈছিল যে সাতটা ধাৰাৰ অধীনত মল্লযোদ্ধাসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰ ভিতৰত আছেসংঘৰ্ষ সৃষ্টি কৰা, বেআইনী সমাবেশ আৰু চৰকাৰী বিষয়াসকলৰ কামত বাধা দিয়াৰ গুৰুতৰ অভিযোগ।

ইপিনে মল্লযোদ্ধা  বজৰং পুনিয়াই কয়, "নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত যৌন নিৰ্যাতনৰ এজন মুখ্য অভিযুক্ত উপস্থিত থকাটো অতি দুখজনক কথা। ব্ৰজভূষণৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ দিল্লী আৰক্ষীক সাত দিন লাগিছিল। কিন্তু আমাৰ ক্ষেত্ৰত  কেইঘণ্টামানৰ ভিতৰতে এখন এজাহাৰ দাখিল কৰা হৈছে। কিন্তু আমি কোনোপধ্যে  পিছুৱাই নাযাও। মই আন মল্লযোদ্ধাসকলৰ সৈতে আলোচনা কৰিম আৰু পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ  কৰিম।’’ আনহাতে, দিল্লী মহিলা আয়োগে দিল্লী আৰক্ষীক মল্লযোদ্ধাসকলক চলোৱা  নিৰ্যাতন সন্দৰ্ভত জাননী জাৰি কৰিছে। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বৰ সৰ্ববৃহৎ অর্থনীতিসমূহৰ তালিকাত ষষ্ঠ স্থানলৈ অৱনমিত ভাৰত
আভ্যন্তৰীণ সংঘর্ষ-প্রতিবাদে চৰম পর্যায় পাইছে পাকিস্তানত
লোকসভাত শিক্ষা মন্ত্ৰ্যালয়ৰ তথ্যত প্ৰকাশ; এবছৰত দেশৰ ১০ হাজাৰ চৰকাৰী প্ৰাথমিক বিদ্যালয় বন্ধ
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ