ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱন উদ্বোধনৰ দিনাই পুনৰ অধিক প্ৰতিবাদমুখৰ হৈ পৰা মল্লোদ্ধাসকলক দেওবাৰে আৰক্ষীয়ে বল প্ৰয়োগ কৰি নিয়ন্ত্ৰণলৈ আনিছিল। ফলত আহত হৈছিল কেইবাগৰাকীও প্ৰতিবাদকাৰী মল্লযোদ্ধা। কালিৰ প্ৰতিবাদত ভাগ লোৱা অলিম্পিকপদক বিজয়ী মহিলা মল্লযোদ্ধাসকলৰ বহুতকে ইতিমধ্যে আটক কৰা হৈছে ।
দিল্লী আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে সংঘৰ্ষ সৃষ্টিৰ অভিযোগত আজি এজাহাৰ পঞ্জীয়ন কৰিছে। দেওবাৰে, সংসদ ভৱনৰ উদ্বোধনৰ সময়তে দেশৰ শ্ৰেষ্ঠ মল্লযোদ্ধাসকলক ৰাস্তাত বগৰাই প্ৰহাৰ কৰা হৈছিল। ইয়াৰ পিছতে কেইবাগৰাকীও মল্লযোদ্ধাৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰে। অৱশ্যে, প্ৰতিবাদকাৰী মল্লযোদ্ধাসকলৰ হৈ বজৰং পুনিয়াই কয় যে আৰক্ষীৰ নিৰ্যাতনৰ পিছতো তেওঁলোকে তেওঁলোকৰ আন্দোলন অব্যাহত ৰাখিব।
উল্লেখ্য মল্লযোদ্ধাসকলে অল ইণ্ডিয়া ৰেছলিং ফেডাৰেচনৰ সভাপতি তথা বিজেপি নেতা ব্ৰজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি আহিছে। দেশৰ মুখ উজ্জ্বল কৰা পদক বিজয়ী মল্লযোদ্ধাসকলে ন্যায়ৰ দাবীত নিৰন্তৰ প্ৰতিবাদ কৰি আছে। দেওবাৰে অভিযুক্ত বিজেপি সাংসদ ব্ৰজভূষণ শৰণ সিং সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিল। মল্লযোদ্ধাসকলে প্ৰতিবাদ কৰিবলৈ নতুন সংসদ ভৱনলৈ গৈছিল। তেতিয়াই তেওঁলোকক আৰক্ষীয়ে হাৰাশাস্তি কৰে। দিল্লী আৰক্ষীয়ে মেধাৱী খেলুৱৈসকলক ৰাস্তাত বগৰাই প্ৰহাৰ কৰাৰ ফটো এতিয়া ভাইৰেল হৈ পৰিছে।
বিনেশ ফোগাট, সাক্ষী মালিক আৰু বজৰং পুনিয়াকে ধৰি বহু কেইগৰাকী মল্লযোদ্ধাক আৰক্ষীয়ে আটক কৰিছিল । কেইঘণ্টামানৰ ভিতৰতে দিল্লী আৰক্ষীয়ে কৈছিল যে সাতটা ধাৰাৰ অধীনত মল্লযোদ্ধাসকলৰ বিৰুদ্ধে এখন এজাহাৰ পঞ্জীয়ন কৰা হৈছে। ইয়াৰ ভিতৰত আছেসংঘৰ্ষ সৃষ্টি কৰা, বেআইনী সমাবেশ আৰু চৰকাৰী বিষয়াসকলৰ কামত বাধা দিয়াৰ গুৰুতৰ অভিযোগ।
ইপিনে মল্লযোদ্ধা বজৰং পুনিয়াই কয়, "নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠানত যৌন নিৰ্যাতনৰ এজন মুখ্য অভিযুক্ত উপস্থিত থকাটো অতি দুখজনক কথা। ব্ৰজভূষণৰ বিৰুদ্ধে এজাহাৰ পঞ্জীয়ন কৰিবলৈ দিল্লী আৰক্ষীক সাত দিন লাগিছিল। কিন্তু আমাৰ ক্ষেত্ৰত কেইঘণ্টামানৰ ভিতৰতে এখন এজাহাৰ দাখিল কৰা হৈছে। কিন্তু আমি কোনোপধ্যে পিছুৱাই নাযাও। মই আন মল্লযোদ্ধাসকলৰ সৈতে আলোচনা কৰিম আৰু পৰৱৰ্তী পদক্ষেপ নিৰ্ধাৰণ কৰিম।’’ আনহাতে, দিল্লী মহিলা আয়োগে দিল্লী আৰক্ষীক মল্লযোদ্ধাসকলক চলোৱা নিৰ্যাতন সন্দৰ্ভত জাননী জাৰি কৰিছে।