--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও নুমুৱা নাই মণিপুৰৰ হিংসাৰ জুই। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ এদিন পূৰ্বে দেওবাৰে মণিপুৰৰ কেইবাটাও স্থানত সংঘটিত হোৱা নতুন হিংসাত্মক পৰিস্থিতিত এজন আৰক্ষীসহ কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে ১২ জন লোক আহত হয়। আজি মণিপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে অমিত শ্বাহ। আহত নিৰাপত্তাৰক্ষীক চিকিৎসাৰ বাবে ৰাজ মেডিচিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দেওবাৰে কাকচিং জিলাৰ ছেৰৌ আৰু চুগুনু অঞ্চলত ৰাজ্য চৰকাৰে ‘সন্ত্রাসবাদী’ বুলি অভিযুক্ত কৰা কুকি উগ্ৰপন্থীয়ে বহু ঘৰত অগ্নিসংযোগ কৰাৰ পাছতে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে পুৱাৰ ভাগত ইম্ফল উপত্যকাৰ আশে-পাশে থকা কেইবাটাও স্থানত সংঘৰ্ষৰ সৃষ্টি হয়।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে বিদ্ৰোহ বিৰোধী অভিযানত ঘৰ জ্বলোৱা আৰু সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাত জড়িত কমেও ৪০ জন সশস্ত্ৰ উগ্ৰপন্থী নিহত হৈছে।

‘আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। এতিয়ালৈকে আমাৰ হাতত প্ৰায় ৪০ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে বুলি খবৰ আহিছে।’ এই মন্তব্য মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ।

বৰ্তমান ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ কেইবাহাজাৰো জোৱান ৰাজ্যখনত নিয়োজিত হৈ আছে। এতিয়ালৈকে হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অধিকাংশ লোকক চুৰাচান্দপুৰ, মৰে, কাকচিং আৰু কাংপোকপি জিলাৰ পৰা উলিয়াই আনি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত