--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এতিয়াও নুমুৱা নাই মণিপুৰৰ হিংসাৰ জুই। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ মণিপুৰ ভ্ৰমণৰ এদিন পূৰ্বে দেওবাৰে মণিপুৰৰ কেইবাটাও স্থানত সংঘটিত হোৱা নতুন হিংসাত্মক পৰিস্থিতিত এজন আৰক্ষীসহ কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে ১২ জন লোক আহত হয়। আজি মণিপুৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে অমিত শ্বাহ। আহত নিৰাপত্তাৰক্ষীক চিকিৎসাৰ বাবে ৰাজ মেডিচিটি হাস্পতালত ভৰ্তি কৰোৱা হৈছে।

দেওবাৰে কাকচিং জিলাৰ ছেৰৌ আৰু চুগুনু অঞ্চলত ৰাজ্য চৰকাৰে ‘সন্ত্রাসবাদী’ বুলি অভিযুক্ত কৰা কুকি উগ্ৰপন্থীয়ে বহু ঘৰত অগ্নিসংযোগ কৰাৰ পাছতে ৰাজ্যখনৰ কেইবাটাও অঞ্চলত নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়। এজন আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে পুৱাৰ ভাগত ইম্ফল উপত্যকাৰ আশে-পাশে থকা কেইবাটাও স্থানত সংঘৰ্ষৰ সৃষ্টি হয়।

মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙে কয় যে বিদ্ৰোহ বিৰোধী অভিযানত ঘৰ জ্বলোৱা আৰু সাধাৰণ নাগৰিকৰ ওপৰত গুলীচালনাত জড়িত কমেও ৪০ জন সশস্ত্ৰ উগ্ৰপন্থী নিহত হৈছে।

‘আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। এতিয়ালৈকে আমাৰ হাতত প্ৰায় ৪০ জন সন্ত্ৰাসবাদীক নিৰ্মূল কৰা হৈছে বুলি খবৰ আহিছে।’ এই মন্তব্য মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ।

বৰ্তমান ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ কেইবাহাজাৰো জোৱান ৰাজ্যখনত নিয়োজিত হৈ আছে। এতিয়ালৈকে হাজাৰ হাজাৰ লোকক উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যোৱা হৈছে। অধিকাংশ লোকক চুৰাচান্দপুৰ, মৰে, কাকচিং আৰু কাংপোকপি জিলাৰ পৰা উলিয়াই আনি নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস