--°C
Loading...
Listen to Article
2 min read
80%
নতুন দিল্লীঃমল্লযোদ্ধা বজৰং পুনিয়াৰ পিছত এইবাৰ  মল্লযোদ্ধা বীৰেন্দৰ সিঙে সহযোগী খেলুৱৈ সাক্ষী  মালিকক সমৰ্থন জনাইছে৷ সাক্ষীয়ে  ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বীৰ পদত  ডব্লিউএফআইৰ প্ৰাক্তন সভাপতি  ব্ৰজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ লোক   অধিষ্ঠিত হোৱাৰ পিছত  খেলৰ পৰা অৱসৰ লোৱাৰ কথা  ঘোষণা কৰিছিল।সাক্ষীৰ সিদ্ধান্ত সন্দৰ্ভত মল্লযোদ্ধা বীৰেন্দৰ সিঙে কয়" মই মোৰ ভগ্নী আৰু দেশৰ কন্যাৰ প্ৰতি সমৰ্থন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক  পদ্মশ্ৰী ঘূৰাই দিম, মই মোৰ ভগ্নী সাক্ষী  মালিককলৈ গৌৰৱান্বিত... মই দেশৰ শীৰ্ষ খেলুৱৈসকলকো তেওঁলোকৰ সিদ্ধান্ত দিবলৈ অনুৰোধ কৰিম," ৷ 

বীৰেন্দৰ সিঙে শচীন তেণ্ডুলকাৰ আৰু নীৰজ চোপ্ৰাক টেগ কৰি এক্সত  এই সন্দৰ্ভত এটা পোষ্টত কৰিছে৷ পুনিয়াই কালি কৈছিল  " যেতিয়া মহিলা মল্লযোদ্ধাসকলক উপযুক্ত সন্মান দিয়া হোৱা নাই, মইও এই সন্মানৰ যোগ্য নহয়। আমি ৪০  দিন ধৰি ৰাস্তাত আছিলো, কিন্তু চৰকাৰে দিয়া প্ৰতিশ্ৰুতিবোৰ পূৰণ কৰা  নাই। আমাৰ যুঁজ চৰকাৰৰ বিৰুদ্ধে নহয়, কিন্তু এজন ব্যক্তিৰ বিৰুদ্ধে। মই ন্যায়পালিকাত বিশ্বাস কৰোঁ কিন্তু, যি ঘটিছে, মই ব্যৱস্থাটোৰ ওপৰত বিশ্বাস ৰাখিব পৰা নাই,"   


উল্লেখ্য নিৰ্যাতিতা মল্লযোদ্ধাৰ পক্ষত থাকি  মল্লযুঁজৰ পৰা  অৱসৰ গ্ৰহণ কৰাৰ পিছত শুকুৰবাৰে আন এগৰাকী  মল্লযোদ্ধা বজৰং পুনিয়াই তেওঁক পূৰ্বে প্ৰদান কৰা  পদ্মশ্ৰী ঘূৰাই দিয়ে।বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথা  ৰাজহুৱাভাবে ঘোষণা কৰে। উল্লেখ্য মল্লযোদ্ধা সাক্ষী মালিকে বৃহস্পতিবাৰে অৱসৰ গ্ৰহণ কৰিছিল। কুস্তি ফেডাৰেচনৰ নিৰ্বাচনৰ পিছত দেশৰ প্ৰখ্যাত মল্লযোদ্ধাসকলে পুনৰ  বিদ্ৰোহ আৰম্ভ কৰিছে। অলিম্পিকৰ ব্ৰঞ্জ পদক বিজয়ী মল্লযোদ্ধা বজৰং পুনিয়াই পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ কথাই বহুতকে দুখ দিছে। 

সঞ্জয় সিঙক বুধবাৰে ভাৰতীয় কুস্তি ফেডাৰেচনৰ সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছিল। তেওঁক   ব্ৰজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ বুলি জনা যায়। ইয়াৰ পিছতে  সাক্ষীয়ে প্ৰতিবাদ জনাই  মল্লযুদ্ধ ত্যাগ কৰাৰ সিদ্ধান্ত লয়। অলিম্পিক পদক বিজয়ী মল্লযোদ্ধাগৰাকীয়ে  সিদ্ধান্তটো ঘোষণা কৰাৰ সময়ত কান্দি পেলাইছিল।
 ব্ৰজ ভূষণ শৰণ সিঙৰ ব্যৱসায়িক অংশীদাৰ সঞ্জয় সিঙে ভাৰতীয় কুস্তি ফেডাৰেচনৰ মুৰব্বী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতে সাক্ষী মালিকে মল্লযুদ্ধ ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিল। আৰু এতিয়া বজৰং পুনিয়াই এটা ডাঙৰ পদক্ষেপ লৈছে। তেওঁ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক পদ্মশ্ৰী বঁটা ঘূৰাই দিয়াৰ সিদ্ধান্তৰ কথা অৱগত কৰিছে। তাৰকা মল্লযোদ্ধাগৰাকীয়ে  তেওঁৰ এক্স হেণ্ডেলত এই কথা প্ৰকাশ কৰিছে।   

বজৰঙে তেওঁৰ এক্স হেণ্ডেলত লিখিছে , "আমি সত্যৰ বাবে যুঁজি আছিলো। মই মহিলাৰ মৰ্যাদাৰ বাবে যুঁজি আছিলো। আমি সক্ৰিয় খেলুৱৈ। দেশৰ বাবে পদক জয় কৰাটো আমাৰ প্ৰাথমিকতা। মই নাভাবো যে মহিলাসকলে ন্যায় পাব, কাৰণ ব্যৱস্থাটো তেনেকুৱা নহয়। মহিলাসকলক বিভক্ত কৰিবলৈ চেষ্টা কৰা হৈছিল। আমাৰ এতিয়াও ন্যায়িক ব্যৱস্থাৰ ওপৰত বিশ্বাস আছে। ’’
 
বজৰঙে ২০১৯ চনত পদ্মশ্ৰী লাভ কৰিছিল। তেওঁ তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ পৰা পদ্মশ্ৰী গ্ৰহণ কৰিছিল। তেওঁক অচন্ত শৰৎ কমল, কাবাডী খেলুৱৈ অজয় ঠাকুৰ আৰু দবা খেলুৱৈ দ্ৰোণাৱল্লী হৰিকাৰ সৈতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল। বজৰঙে ২০১৮ ৰ কমনৱেলথ গেমছ আৰু এছিয়ান গেমছত স্বৰ্ণ জয় কৰিছিল। তেওঁ সেই বছৰ ৬৫ কিলোগ্ৰাম শাখাত বিশ্ব ৰেংকিঙত শীৰ্ষস্থান দখল কৰিছিল। তেওঁৰ কৃতিত্বৰ বাবে তেওঁক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ তেওঁ পদ্ম সন্মান ঘূৰাই দিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement