--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটিং কৰিবলৈ ওলাই আহিল হেৰিছ ৰাউফে। কিন্তু তেওঁৰ মূৰত হেলমেট বা হাতত গ্ল’ভছ নাই। আনকি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পেডো পিন্ধা নাছিল। কেৱল বেটখন লৈহে পেভিলিয়নৰ পৰা বাহিৰ হয়। ৰাউফৰ এই ঘটনাত তেওঁৰ দলৰ ক্ৰিকেটাৰসকলেও হাঁহিলে।

বিগ বেছ লীগত সংঘটিত হৈছে এই ঘটনা। মেলবৰ্ণ ষ্টাৰছ বনাম ছিডনী থাণ্ডাৰৰ খেলখন চলি আছিল। মেলবৰ্ণৰ হৈ খেলি আছিল ৰাউফে। ইনিংছত শেষ অভাৰৰ শেষ বলৰ আগতেই উইকেটটো পৰিল। ফলত ৰাউফে শেষৰ বলটো খেলিবলৈ নামি আহিবলগীয়া হ’ল। সেইটোও নন-ষ্ট্ৰাইকিং এজত।

সেইবাবেই ৰাউফে প্ৰথমে বেটখন লৈহে নামিবলৈ গৈ আছিল। পিছত সতীৰ্থৰ কথাত হেলমেট আৰু গ্ল’ভছ লগত লৈ গ’ল। কিন্তু পেড পিন্ধা নাছিল। সেই অৱস্থাত তেওঁ খেলপথাৰলৈ নামি আহি ক্ৰীজত থিয় হ’ল। তালৈ যোৱাৰ সময়ত তেওঁ গ্ল’ভছ আৰু হেলমেট পিন্ধে। ৰাউফে হয়তো ভাবিছিল যে শেষৰ বলটো ষ্ট্ৰাইকিং এণ্ডত তেওঁৰ সতীৰ্থই বল কৰিব। তেওঁ আৰু বেটিং কৰিব নালাগে। সেইবাবেই তেওঁ পেড পিন্ধা নাছিল। শেষ বলটোও খেলিব নালাগিল। কাৰণ, সেই বলৰ বাবেই ষ্টাৰছৰ উইকেট পৰিল।

কেৱল বিপক্ষই নহয়, নিজৰ দলৰ ক্ৰিকেটাৰসকলেও ৰাউফৰ এই কাৰ্যত হাঁহিছিল। এই দৃশ্যপট সাধাৰণতে ক্ৰিকেটত দেখা নাযায়। বহু সময়ত ক্ৰিকেটাৰে খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত গ্ল’ভছ বা হেলমেট পিন্ধে। কিন্তু পেড অবিহনে কাকো দেখা নাযায়। কিন্তু আম্পায়াৰসকলে তেওঁক বাধা নিদিলে। ৰাউফে খেলিবলৈ অনুমতি দিলে।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু