--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেটিং কৰিবলৈ ওলাই আহিল হেৰিছ ৰাউফে। কিন্তু তেওঁৰ মূৰত হেলমেট বা হাতত গ্ল’ভছ নাই। আনকি পাকিস্তানী ক্ৰিকেটাৰগৰাকীয়ে পেডো পিন্ধা নাছিল। কেৱল বেটখন লৈহে পেভিলিয়নৰ পৰা বাহিৰ হয়। ৰাউফৰ এই ঘটনাত তেওঁৰ দলৰ ক্ৰিকেটাৰসকলেও হাঁহিলে।

বিগ বেছ লীগত সংঘটিত হৈছে এই ঘটনা। মেলবৰ্ণ ষ্টাৰছ বনাম ছিডনী থাণ্ডাৰৰ খেলখন চলি আছিল। মেলবৰ্ণৰ হৈ খেলি আছিল ৰাউফে। ইনিংছত শেষ অভাৰৰ শেষ বলৰ আগতেই উইকেটটো পৰিল। ফলত ৰাউফে শেষৰ বলটো খেলিবলৈ নামি আহিবলগীয়া হ’ল। সেইটোও নন-ষ্ট্ৰাইকিং এজত।

সেইবাবেই ৰাউফে প্ৰথমে বেটখন লৈহে নামিবলৈ গৈ আছিল। পিছত সতীৰ্থৰ কথাত হেলমেট আৰু গ্ল’ভছ লগত লৈ গ’ল। কিন্তু পেড পিন্ধা নাছিল। সেই অৱস্থাত তেওঁ খেলপথাৰলৈ নামি আহি ক্ৰীজত থিয় হ’ল। তালৈ যোৱাৰ সময়ত তেওঁ গ্ল’ভছ আৰু হেলমেট পিন্ধে। ৰাউফে হয়তো ভাবিছিল যে শেষৰ বলটো ষ্ট্ৰাইকিং এণ্ডত তেওঁৰ সতীৰ্থই বল কৰিব। তেওঁ আৰু বেটিং কৰিব নালাগে। সেইবাবেই তেওঁ পেড পিন্ধা নাছিল। শেষ বলটোও খেলিব নালাগিল। কাৰণ, সেই বলৰ বাবেই ষ্টাৰছৰ উইকেট পৰিল।

কেৱল বিপক্ষই নহয়, নিজৰ দলৰ ক্ৰিকেটাৰসকলেও ৰাউফৰ এই কাৰ্যত হাঁহিছিল। এই দৃশ্যপট সাধাৰণতে ক্ৰিকেটত দেখা নাযায়। বহু সময়ত ক্ৰিকেটাৰে খেলপথাৰত প্ৰৱেশ কৰাৰ পিছত গ্ল’ভছ বা হেলমেট পিন্ধে। কিন্তু পেড অবিহনে কাকো দেখা নাযায়। কিন্তু আম্পায়াৰসকলে তেওঁক বাধা নিদিলে। ৰাউফে খেলিবলৈ অনুমতি দিলে।\

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক