--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী মল্লযুঁজাৰু সংস্থাৰ মুৰব্বী জয় প্ৰকাশে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। মঙলবাৰে (১ আগষ্ট) ৰিটাৰ্নিং অফিচাৰে প্ৰকাশ কৰিছে চৰকাৰী তালিকা। সেই অনুসৰি জয় প্ৰকাশে ডব্লিউ এফ আইৰ নিৰ্বাচনত সভাপতিকে ধৰি তিনিটা পদৰ বাবে মনোনয়ন দাখিল কৰিছে।

জয় প্ৰকাশৰ বাহিৰেও সভাপতি পদৰ দৌৰত আন তিনিটা নাম আছে। ইয়াৰ ভিতৰত আছে ইউ পি মল্লযুঁজাৰু সংস্থাৰ উপ-সভাপতি সঞ্জয় সিং, জম্মু-কাশ্মীৰৰ এছ এছ পি দুষ্যন্ত শৰ্মা আৰু ২০১০ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেওৰাণ। উত্তৰ প্ৰদেশৰ জয় প্ৰকাশ আৰু সঞ্জয় সিং ডব্লিউ এফ আইৰ বিদায়ী সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ৷ সোমবাৰে অলিম্পিক ভৱনত ডব্লিউ এফ আইৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে সঞ্জয় সিঙে।

ব্রীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ অন্যতম সাক্ষী অনিতা শ্বেওৰাণে ওড়িশাৰ হৈ প্রতিনিধিত্ব কৰিছে৷৩৮ বছৰীয়া শ্বেওৰাণ হাৰিয়ানাৰ। ৰিটাৰ্নিং অফিচাৰ তথা জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মহেশ মিট্টাল কুমাৰে মঙলবাৰে ১৫টা পদৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক তালিকা ঘোষণা কৰে। জয় প্ৰকাশে আন দুটা পদৰ বাবেও মনোনয়ন পত্ৰ দাখিল কৰিছে- যি দুটা পদ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৭ আগষ্ট। ৩০ জুলাইত দিল্লীত ব্ৰীজ ভূষণে আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় দূষ্যন্ত শর্মাই, য’ত সিঙে ঘোষণা কৰে যে তেওঁ ডব্লিউ এফ আইৰ নির্বাচনৰ বাবে ২৫টা ৰাজ্যিক সংস্থাৰ ভিতৰত ২২টা সংস্থাৰ সমর্থন লাভ কৰিছে৷ কোষাধ্যক্ষ পদৰ বাবেও মনোনয়ন দাখিল কৰিছে দুষ্যন্ত শৰ্মাই।

সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত তিনিজন প্ৰাৰ্থীৰ ভিতৰত দুজন ব্রীজ ভূষণ শিবিৰৰ৷ ইয়াৰ ভিতৰত দৰ্শন লাল আৰু চণ্ডীগড় সন্থাৰ সাধাৰণ সম্পাদক তথা ডব্লিউ এফ আইৰ উপ-সভাপতি জয় প্ৰকাশ। তৃতীয়জন প্ৰাৰ্থী হৈছে ৰেলৱে ক্ৰীড়া নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক প্ৰেম চান্দ লোচাব। কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে দুই প্ৰাৰ্থী - সত্যপাল সিং দেশৱাল আৰু দুষ্যন্ত শৰ্মাই। দেশৱাল উত্তৰাখণ্ড ইউনিটৰ আৰু  ব্রীজ ভূষণ শিবিৰৰ অনুগামী৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক