--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লী মল্লযুঁজাৰু সংস্থাৰ মুৰব্বী জয় প্ৰকাশে ভাৰতীয় মল্লযুঁজাৰু ফেডাৰেচনৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে। মঙলবাৰে (১ আগষ্ট) ৰিটাৰ্নিং অফিচাৰে প্ৰকাশ কৰিছে চৰকাৰী তালিকা। সেই অনুসৰি জয় প্ৰকাশে ডব্লিউ এফ আইৰ নিৰ্বাচনত সভাপতিকে ধৰি তিনিটা পদৰ বাবে মনোনয়ন দাখিল কৰিছে।

জয় প্ৰকাশৰ বাহিৰেও সভাপতি পদৰ দৌৰত আন তিনিটা নাম আছে। ইয়াৰ ভিতৰত আছে ইউ পি মল্লযুঁজাৰু সংস্থাৰ উপ-সভাপতি সঞ্জয় সিং, জম্মু-কাশ্মীৰৰ এছ এছ পি দুষ্যন্ত শৰ্মা আৰু ২০১০ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ী অনিতা শ্বেওৰাণ। উত্তৰ প্ৰদেশৰ জয় প্ৰকাশ আৰু সঞ্জয় সিং ডব্লিউ এফ আইৰ বিদায়ী সভাপতি ব্রীজ ভূষণ শৰণ সিঙৰ ঘনিষ্ঠ৷ সোমবাৰে অলিম্পিক ভৱনত ডব্লিউ এফ আইৰ সভাপতি পদৰ বাবে মনোনয়ন দাখিল কৰে সঞ্জয় সিঙে।

ব্রীজ ভূষণৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ গোচৰৰ অন্যতম সাক্ষী অনিতা শ্বেওৰাণে ওড়িশাৰ হৈ প্রতিনিধিত্ব কৰিছে৷৩৮ বছৰীয়া শ্বেওৰাণ হাৰিয়ানাৰ। ৰিটাৰ্নিং অফিচাৰ তথা জম্মু-কাশ্মীৰ উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ মহেশ মিট্টাল কুমাৰে মঙলবাৰে ১৫টা পদৰ প্ৰাৰ্থীৰ আনুষ্ঠানিক তালিকা ঘোষণা কৰে। জয় প্ৰকাশে আন দুটা পদৰ বাবেও মনোনয়ন পত্ৰ দাখিল কৰিছে- যি দুটা পদ উপ-সভাপতি আৰু সাধাৰণ সম্পাদকৰ।

মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম তাৰিখ ৭ আগষ্ট। ৩০ জুলাইত দিল্লীত ব্ৰীজ ভূষণে আয়োজন কৰা গুৰুত্বপূৰ্ণ বৈঠকত ভাগ লয় দূষ্যন্ত শর্মাই, য’ত সিঙে ঘোষণা কৰে যে তেওঁ ডব্লিউ এফ আইৰ নির্বাচনৰ বাবে ২৫টা ৰাজ্যিক সংস্থাৰ ভিতৰত ২২টা সংস্থাৰ সমর্থন লাভ কৰিছে৷ কোষাধ্যক্ষ পদৰ বাবেও মনোনয়ন দাখিল কৰিছে দুষ্যন্ত শৰ্মাই।

সাধাৰণ সম্পাদক পদৰ বাবে প্ৰতিদ্বন্দ্বিতাত তিনিজন প্ৰাৰ্থীৰ ভিতৰত দুজন ব্রীজ ভূষণ শিবিৰৰ৷ ইয়াৰ ভিতৰত দৰ্শন লাল আৰু চণ্ডীগড় সন্থাৰ সাধাৰণ সম্পাদক তথা ডব্লিউ এফ আইৰ উপ-সভাপতি জয় প্ৰকাশ। তৃতীয়জন প্ৰাৰ্থী হৈছে ৰেলৱে ক্ৰীড়া নিয়ন্ত্ৰণ ব’ৰ্ডৰ সম্পাদক প্ৰেম চান্দ লোচাব। কোষাধ্যক্ষ পদৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিছে দুই প্ৰাৰ্থী - সত্যপাল সিং দেশৱাল আৰু দুষ্যন্ত শৰ্মাই। দেশৱাল উত্তৰাখণ্ড ইউনিটৰ আৰু  ব্রীজ ভূষণ শিবিৰৰ অনুগামী৷










FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement