--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজে ঘোষণা কৰিলে টি-২০ ছিৰিজৰ দল। দলটো বাছনি কৰাৰ পিছত মুখ্য নিৰ্বাচকগৰাকীয়ে জনাইছে যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি দলটো নিৰ্বাচিত কৰা হৈছে। ৱেষ্ট ইণ্ডিজে ১৫ জনীয়া এটা দল বাছি লৈছে। দললৈ ঘূৰি আহিছে নিকোলাছ পুৰাণ। লগতে ঘূৰাই অনা হৈছে চাই হোপ আৰু অ’চেন থমাছক।

কেৰিবিয়ান দলৰ অধিনায়ক হৈছে ৰভমেন পাৱেল। উইকেটকীপাৰ হোপক দলত লোৱা হৈছে। তেওঁ এদিনীয়া দলৰ অধিনায়ক। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ মেচ খেলা নাই হোপে। পেচাৰ থমাছেও দললৈ উভতি আহিছে। প্ৰায় দুবছৰৰ অন্তত পুনৰ টি-২০ দললৈ উভতি আহিছে।

অধিনায়ক পাৱেলৰ সহায়ক হিচাপে থাকিব অ’পেনাৰ কাইল মেয়াৰ্ছ। মুখ্য নিৰ্বাচক ডেচমণ্ড হেইনছে কয়, ‘অহা বছৰৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি দলটো গঢ়ি তোলা হৈছে। আমাৰ বিভিন্ন পৰিকল্পনা আছে। আমি শ্ৰেষ্ঠ একাদশক বাছি ল’বলৈ চেষ্টা কৰিম। দলটোত মেচ বিজয়ী লোক আছে। মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছো। মই এনে এটা দল গঢ়ি তুলিব বিচাৰো যিয়ে অহা বছৰ বিশ্ব মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।’

ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ খেলিব। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই ধাৰাবাহিকখন। অহা ৩ আগষ্টৰ পাছত ৬, ৮, ১২ আৰু ১৩ আগষ্টৰ খেল অনুষ্ঠিত হ’ব। ট্ৰিনিদাদত প্ৰথম টি-২০। পৰৱৰ্তী দুটা হ’ব গায়ানাত। শেষৰ দুখন মেচ আমেৰিকাৰ ফ্ল’ৰিডাত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অহা বছৰ কেৰিবিয়ান দ্বীপপুঞ্জ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে ৱেষ্ট ইণ্ডিজে নিজৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ সৈতে এই চিৰিজৰ পৰিকল্পনা কৰিছে।

ঘোষিত ৱেষ্ট ইণ্ডিজ দলটো: ৰভমেন পাৱেল (অধিনায়ক), কাইল মেয়াৰ্ছ (ভাইচ-অধিনায়ক), জনছন চাৰ্লছ, ৰষ্টন চেজ, শ্বিমৰন হেটমায়াৰ, জেছন হোল্ডাৰ, চাই হোপ, আকিল হুছেইন, আলজাৰী জোচেফ, ব্ৰেণ্ডন কিং, ওবেদ মেককয়, নিকোলাছ পুৰাণ, ৰোমাৰিয়া শ্বেফাৰ্ড , অডিন স্মিথ আৰু অ’চেন থমাছ।













FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক