--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজে ঘোষণা কৰিলে টি-২০ ছিৰিজৰ দল। দলটো বাছনি কৰাৰ পিছত মুখ্য নিৰ্বাচকগৰাকীয়ে জনাইছে যে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি দলটো নিৰ্বাচিত কৰা হৈছে। ৱেষ্ট ইণ্ডিজে ১৫ জনীয়া এটা দল বাছি লৈছে। দললৈ ঘূৰি আহিছে নিকোলাছ পুৰাণ। লগতে ঘূৰাই অনা হৈছে চাই হোপ আৰু অ’চেন থমাছক।

কেৰিবিয়ান দলৰ অধিনায়ক হৈছে ৰভমেন পাৱেল। উইকেটকীপাৰ হোপক দলত লোৱা হৈছে। তেওঁ এদিনীয়া দলৰ অধিনায়ক। যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা ৱেষ্ট ইণ্ডিজৰ হৈ টি-২০ মেচ খেলা নাই হোপে। পেচাৰ থমাছেও দললৈ উভতি আহিছে। প্ৰায় দুবছৰৰ অন্তত পুনৰ টি-২০ দললৈ উভতি আহিছে।

অধিনায়ক পাৱেলৰ সহায়ক হিচাপে থাকিব অ’পেনাৰ কাইল মেয়াৰ্ছ। মুখ্য নিৰ্বাচক ডেচমণ্ড হেইনছে কয়, ‘অহা বছৰৰ টি-২০ বিশ্বকাপৰ কথা মনত ৰাখি দলটো গঢ়ি তোলা হৈছে। আমাৰ বিভিন্ন পৰিকল্পনা আছে। আমি শ্ৰেষ্ঠ একাদশক বাছি ল’বলৈ চেষ্টা কৰিম। দলটোত মেচ বিজয়ী লোক আছে। মই মোৰ প্ৰস্তুতি আৰম্ভ কৰিছো। মই এনে এটা দল গঢ়ি তুলিব বিচাৰো যিয়ে অহা বছৰ বিশ্ব মঞ্চত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব।’

ৱেষ্ট ইণ্ডিজে ভাৰতৰ বিৰুদ্ধে ৫ খন টি-২০ মেচ খেলিব। বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব এই ধাৰাবাহিকখন। অহা ৩ আগষ্টৰ পাছত ৬, ৮, ১২ আৰু ১৩ আগষ্টৰ খেল অনুষ্ঠিত হ’ব। ট্ৰিনিদাদত প্ৰথম টি-২০। পৰৱৰ্তী দুটা হ’ব গায়ানাত। শেষৰ দুখন মেচ আমেৰিকাৰ ফ্ল’ৰিডাত অনুষ্ঠিত হ’ব।

উল্লেখ্য যে অহা বছৰ কেৰিবিয়ান দ্বীপপুঞ্জ আৰু আমেৰিকাত অনুষ্ঠিত হ’ব টি-২০ বিশ্বকাপ। তাৰ আগতে ৱেষ্ট ইণ্ডিজে নিজৰ প্ৰস্তুতিৰ বাবে ভাৰতৰ সৈতে এই চিৰিজৰ পৰিকল্পনা কৰিছে।

ঘোষিত ৱেষ্ট ইণ্ডিজ দলটো: ৰভমেন পাৱেল (অধিনায়ক), কাইল মেয়াৰ্ছ (ভাইচ-অধিনায়ক), জনছন চাৰ্লছ, ৰষ্টন চেজ, শ্বিমৰন হেটমায়াৰ, জেছন হোল্ডাৰ, চাই হোপ, আকিল হুছেইন, আলজাৰী জোচেফ, ব্ৰেণ্ডন কিং, ওবেদ মেককয়, নিকোলাছ পুৰাণ, ৰোমাৰিয়া শ্বেফাৰ্ড , অডিন স্মিথ আৰু অ’চেন থমাছ।













FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক