--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মল্লযুঁজাৰুসকলৰ সমৰ্থনত ঠিয় হৈছে৷দিল্লীত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে সংহতিৰে কলকাতাত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ পদযাত্ৰাত যোগদান কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে আমি আমাৰ মল্লযুঁজাৰুসকলৰ বাবে গৌৰৱান্বিত। নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মল্লযোদ্ধাসকলে মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।


বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে ব্রীজ ভূষণক গ্ৰেপ্তাৰ কৰা নাই কাৰণ তেওঁ বিজেপিৰ নেতা৷ মমতাই কয় যে মল্লযুঁজাৰুসকল হৰিদ্বাৰলৈ যোৱাটো দেশৰ বাবে লজ্জাজনক, কিন্তু তথাপিও দোষীক গ্ৰেপ্তাৰ কৰা নহ’ল।


সাক্ষী মালিক, বজৰং পুনিয়া, বিনেশ ফোগাটকে ধৰি প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে মঙলবাৰে হৰিদ্বাৰৰ হৰ কি পৌৰীলৈ গৈ প্ৰতিবাদৰ অংশ হিচাপে গংগা নদীত পদক বিসৰ্জন দিবলৈ উদ্যত হয়৷ 

মমতা বেনাৰ্জীয়ে কয় যে ডব্লিউ এফ আইৰ পূৰ্ব মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীত টি এম চিয়ে প্ৰতিবাদ অব্যাহত ৰাখিব। মল্লযুঁজাৰুসকলৰ ন্যায়ৰ দাবীত ১ জুন বৃহস্পতিবাৰে কেণ্ডেল মাৰ্চ অনুষ্ঠিত কৰা হ’ব বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস