--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ মল্লযুঁজাৰুসকলৰ সমৰ্থনত ঠিয় হৈছে৷দিল্লীত প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলৰ সৈতে সংহতিৰে কলকাতাত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ পদযাত্ৰাত যোগদান কৰি পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে কয় যে আমি আমাৰ মল্লযুঁজাৰুসকলৰ বাবে গৌৰৱান্বিত। নাবালিকাকে ধৰি কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত মল্লযোদ্ধাসকলে মল্লযুঁজ ফেডাৰেচনৰ মুৰব্বী ব্রীজ ভূষণ শৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে।


বংগৰ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে ব্রীজ ভূষণক গ্ৰেপ্তাৰ কৰা নাই কাৰণ তেওঁ বিজেপিৰ নেতা৷ মমতাই কয় যে মল্লযুঁজাৰুসকল হৰিদ্বাৰলৈ যোৱাটো দেশৰ বাবে লজ্জাজনক, কিন্তু তথাপিও দোষীক গ্ৰেপ্তাৰ কৰা নহ’ল।


সাক্ষী মালিক, বজৰং পুনিয়া, বিনেশ ফোগাটকে ধৰি প্ৰতিবাদকাৰী মল্লযুঁজাৰুসকলে মঙলবাৰে হৰিদ্বাৰৰ হৰ কি পৌৰীলৈ গৈ প্ৰতিবাদৰ অংশ হিচাপে গংগা নদীত পদক বিসৰ্জন দিবলৈ উদ্যত হয়৷ 

মমতা বেনাৰ্জীয়ে কয় যে ডব্লিউ এফ আইৰ পূৰ্ব মুৰব্বীগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবীত টি এম চিয়ে প্ৰতিবাদ অব্যাহত ৰাখিব। মল্লযুঁজাৰুসকলৰ ন্যায়ৰ দাবীত ১ জুন বৃহস্পতিবাৰে কেণ্ডেল মাৰ্চ অনুষ্ঠিত কৰা হ’ব বুলিও কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা