--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যৱনিকা পৰাৰ দিশে অগ্ৰসৰ হৈছে মহাৰাষ্ট্ৰৰ শাসকীয় শিৱসেনাৰ একনাথ সিন্দে গোট আৰু বিজেপিৰ মধুচন্দ্ৰিকা! শিৱসেনাত বিসম্বাদ তথা বিভাজনেৰে একনাথ সিন্দেৰ নেতৃত্বত বিজেপিৰ সংগ লোৱা বহুকেইগৰাকী নেতাৰ মোহভংগ ঘটিছে বিজেপিৰ প্ৰতি!

এই দাবী কৰা হৈছে শিৱসেনাৰ উদ্বৱ থাকৰে গোটৰ মুখপাত্ৰ সামনাত। এই দাবী অনুসৰি মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ নেতৃত্বত থকা শিৱসেনাৰ গোটটোৰ ২২ গৰাকী বিধায়ক আৰু ৯ গৰাকী লোকসভাৰ সাংসদ ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত অসন্তুষ্ট হৈ সিন্দে শিবিৰ এৰিব বিচাৰিছে।

শিৱসেনাৰ থাকৰে গোটৰ নেতা তথা সাংসদ বিনায়ক ৰাউতৰ ভাষ্য মতে, সিন্দে গোটৰ উক্ত বিধায়ক তথা সাংসদসকলে মূল দলৰ সৈতে যোগাযোগ কৰি আছে আৰু তেওঁলোকৰ সমষ্টিত কোনো উন্নয়ন হোৱা নাই বাবে সিন্দে নেতৃত্বাধীন গোটটো এৰিব বিচাৰিছে।

‘হম হি শিৱসেনা’ শ্লোগানেৰে সিন্দে গোটৰ অন্যতম প্ৰধান নেতা হিচাপে পৰিচিত হৈ পৰা দলৰ জ্যেষ্ঠ নেতা গজানন কীৰ্তিকাৰে বিজেপিৰ আচৰণক লৈ মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে বুলি সামনাই লগতে দাবী কৰিছে।

ৰাজ্যখনৰ শাসকীয় বিজেপি-শিৱসেনাৰ মিত্ৰতাত একোৱেই ঠিক নহয় বুলি ইংগিত দি কীৰ্তিকাৰে বিজেপিৰ বিৰুদ্ধে বৈষম্যৰ অভিযোগ উত্থাপন কৰে। তেওঁ কয়, ‘আমি ১৩ গৰাকী সাংসদ আৰু আমি এতিয়া এন ডি এৰ অংশ হৈছো।”

এই সাংসদসকলে প্ৰতিনিধিত্ব কৰা সমষ্টিসমূহৰ সৈতে জড়িত সমস্যাসমূহ অগ্ৰাধিকাৰ ভিত্তিত সমাধান হ’ব বুলি আশা কৰিছিল যদিও সম্প্ৰতি তেনেকুৱা হোৱা দেখা নাই বুলি ক্ষোভ প্ৰকাশ কৰিছে গজানন কীৰ্তিকাৰে।

কীৰ্তিকাৰৰ এই মন্তব্যৰ উদ্ধৃতি দি সামনাই কয় যে, আত্মসন্মান আৰু সন্মান টকাৰে কিনিব নোৱাৰি, সেয়া আকৌ এবাৰ প্ৰমাণিত হৈছে। কীৰ্তিকাৰে দাবী কৰে যে তেওঁৰ দলে ৰাজ্যৰ ২২খন লোকসভা আসনত প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰিব।

“ইয়াৰ অৰ্থ হ’ল তেওঁলোকে বিজেপিৰ পৰা আসন বিচাৰিছে। অৱশ্যে এই গোটক পাঁচ-সাতখন আসন দিবলৈও বিজেপি সাজু হোৱা নাই।”- সামনাই লগতে প্ৰতিবেদনত এইদৰে প্ৰকাশ কৰিছে।

যদি সামনাত প্ৰকাশিত এই প্ৰতিবেদন প্ৰকৃততেই সত্য হয়, তেতিয়া অনাগত সময়ছোৱাত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক দৃশ্যপট সলনি হোৱাৰ আশংকা স্বাভাৱিকতেই নুই কৰিব নোৱাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ