--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাত পোহৰলৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। মৃত মাতৃৰ ছবি এখন লৈ কুম্ভমেলা পালেহি এজন বৃদ্ধ। এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত বৃদ্ধজনক গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলীত থিয় হৈ হয়তো পবিত্ৰ স্নানৰ বাবে সাজু হোৱা দেখা গৈছিল। ফটোখনৰ লগতে পোষ্টটোত কেপচন দিয়া হৈছিল, "এইটোৱে সঁচা প্ৰেম নহয়নে?"

এই ছবিখন কম সময়তে ভাইৰেল হৈ পৰিল আৰু মানুহে এই পুত্ৰৰ মাকৰ প্ৰতি থকা অপৰিসীম মৰমক সম্ভাষণ জনায়। ছ’চিয়েল মিডিয়াত বহু ব্যৱহাৰকাৰীয়ে চকুলো আৰু হাৰ্ট ইমোজি প্ৰেৰণ কৰে। এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, "এইটো আজিৰ সময়ত হেৰাই যোৱা প্ৰকৃত প্ৰেম।" আনহাতে আন এজনে কয়: "তেওঁৰ ধূসৰ চকুহালে মাকৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ বিষয়ে বহু কথাই কয়।" আন এজন ব্যক্তিয়ে লিখিছে, "এই পোষ্টটোৱে মোৰ দিনটো জীপাল কৰি তুলিলে।"

এই পোষ্টটোত এজন ব্যৱহাৰকাৰীয়ে কৈছিল যে তেওঁ নিজৰ ককাকৰ বাবেও একেধৰণৰ কাম কৰিছিল। তেওঁ লিখিছে, "মই মোৰ ককাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই তেওঁক বৈজনাথ ধামলৈ লৈ যাম, কিন্তু তেওঁৰ মৃত্যু হ'ল। তাৰ পিছত মই তেওঁৰ ফটোখন লগত লৈ মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ।" তেওঁ ক'লে, "এই প্ৰেমক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।"

মহা কুম্ভ মেলাত সমবেত হৈছে লাখ লাখ ভক্ত। ভক্তসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰক্ষীয়ে সাতটা ৰাউণ্ডৰ নিৰাপত্তা পৰিকল্পনা ৰূপায়ণ কৰিছে। মেলা এলেকাত যান-বাহনৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধাজ্ঞা । ইয়াৰ উপৰিও মেলা এলেকাত ২৭৫১ টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে, সংগমৰ দৰে গুৰুত্বপূৰ্ণ স্থান আৰু শিবিৰৰ ওচৰত এআই সক্ষম কেমেৰা স্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান