--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰয়াগৰাজত চলি থকা মহা কুম্ভ মেলাত পোহৰলৈ আহিছে এক হৃদয়স্পৰ্শী ঘটনা। মৃত মাতৃৰ ছবি এখন লৈ কুম্ভমেলা পালেহি এজন বৃদ্ধ। এই ফটোখন ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে, য’ত বৃদ্ধজনক গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলীত থিয় হৈ হয়তো পবিত্ৰ স্নানৰ বাবে সাজু হোৱা দেখা গৈছিল। ফটোখনৰ লগতে পোষ্টটোত কেপচন দিয়া হৈছিল, "এইটোৱে সঁচা প্ৰেম নহয়নে?"

এই ছবিখন কম সময়তে ভাইৰেল হৈ পৰিল আৰু মানুহে এই পুত্ৰৰ মাকৰ প্ৰতি থকা অপৰিসীম মৰমক সম্ভাষণ জনায়। ছ’চিয়েল মিডিয়াত বহু ব্যৱহাৰকাৰীয়ে চকুলো আৰু হাৰ্ট ইমোজি প্ৰেৰণ কৰে। এজন ব্যক্তিয়ে মন্তব্য কৰিছিল, "এইটো আজিৰ সময়ত হেৰাই যোৱা প্ৰকৃত প্ৰেম।" আনহাতে আন এজনে কয়: "তেওঁৰ ধূসৰ চকুহালে মাকৰ প্ৰতি থকা অপৰিসীম প্ৰেমৰ বিষয়ে বহু কথাই কয়।" আন এজন ব্যক্তিয়ে লিখিছে, "এই পোষ্টটোৱে মোৰ দিনটো জীপাল কৰি তুলিলে।"

এই পোষ্টটোত এজন ব্যৱহাৰকাৰীয়ে কৈছিল যে তেওঁ নিজৰ ককাকৰ বাবেও একেধৰণৰ কাম কৰিছিল। তেওঁ লিখিছে, "মই মোৰ ককাক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই তেওঁক বৈজনাথ ধামলৈ লৈ যাম, কিন্তু তেওঁৰ মৃত্যু হ'ল। তাৰ পিছত মই তেওঁৰ ফটোখন লগত লৈ মোৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলোঁ।" তেওঁ ক'লে, "এই প্ৰেমক মই শব্দৰে প্ৰকাশ কৰিব নোৱাৰো।"

মহা কুম্ভ মেলাত সমবেত হৈছে লাখ লাখ ভক্ত। ভক্তসকলৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰক্ষীয়ে সাতটা ৰাউণ্ডৰ নিৰাপত্তা পৰিকল্পনা ৰূপায়ণ কৰিছে। মেলা এলেকাত যান-বাহনৰ প্ৰৱেশ সম্পূৰ্ণ নিষেধাজ্ঞা । ইয়াৰ উপৰিও মেলা এলেকাত ২৭৫১ টা চিচিটিভি কেমেৰা স্থাপন কৰা হৈছে, সংগমৰ দৰে গুৰুত্বপূৰ্ণ স্থান আৰু শিবিৰৰ ওচৰত এআই সক্ষম কেমেৰা স্থাপন কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি