--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটালৈ লাখ লাখ ছাত্ৰ-ছাত্ৰীয়ে JEE-NEETৰ দৰে গুৰুত্বপূৰ্ণ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাবলৈ আহে ৷ কিন্তু শেহতীয়াকৈ কোটাত এটা চিন্তনীয় ধাৰা উত্থাপন হৈছে। কোটাত কোচিং কৰা ছাত্ৰ-ছাত্ৰীসকলে ড্ৰাগছৰ প্ৰতি আকৰ্ষিত হৈছে। কোচিং এলেকাত অৱস্থিত ব্লিংকিট কোম্পানীটোৰ ডেলিভাৰী বয়ৰ সৈতে জড়িত এটা গোচৰত আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে, য’ত অনলাইন ডেলিভাৰীৰ জৰিয়তে নাবালক ছাত্ৰ-ছাত্ৰীক ধূমপান আৰু মাদক সামগ্ৰী যোগান ধৰা হয়।

কুনহাড়ী আৰক্ষী থানাৰ বিষয়া অৰবিন্দ ভৰদ্বাজে কয় যে কোটা চহৰৰ কোচিং ইনষ্টিটিউট, স্কুল আৰু চিকিৎসালয়ৰ সমীপত ই-কমাৰ্চ ৱেবছাইটৰ জৰিয়তে ধূমপান, ড্ৰাগছৰ সামগ্ৰী আৰু দোকানীসকলে ড্ৰাগছ বিক্ৰী কৰাৰ অভিযোগ লাভ কৰা হৈছে। ইয়াৰ পিছত আৰক্ষীয়ে ‘অপাৰেচন নাছৱাৰ’ নামৰ অভিযান আৰম্ভ কৰে।

কোটা চহৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা দল গঠন কৰা হয়, কুনহাড়ী আৰক্ষী থানাৰ বিষয়া অৰবিন্দ ভৰদ্বাজকে ধৰি আৰক্ষী থানাৰ দলটোৱে কোচিঙৰ লেণ্ডমাৰ্ক এলেকাত নাবালক শিশুলৈ ধূমপান সামগ্ৰী যোগান ধৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে। সত্য প্ৰকাশ বুলি পৰিচয় দিয়া অভিযুক্তজনক ধূমপান আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে ৷ তেওঁ ব্লিংকিট কোম্পানীৰ ডেলিভাৰী বয় আছিল সত্য প্ৰকাশ ৷

ইতিমধ্যে কোটা আৰক্ষীয়ে কোম্পানীটোলৈ চিঠি লিখিছে -

কোটা চহৰৰ আৰক্ষী অধীক্ষক ডাঃ অমৃতা দুলহানে কয় যে কোচিং এলেকাত ব্লিংকিট কোম্পানীৰ এটা কাৰ্যালয় আছে, যাৰ প্ৰতিনিধিক পূৰ্বে কুনহাড়ী আৰক্ষী থানাই নাবালক ছাত্ৰ-ছাত্ৰীক ধূমপান আৰু মাদক সামগ্ৰী যোগান ধৰিব নালাগে বুলি সকীয়াই দিছিল। কোম্পানীটোৱে অনলাইন অৰ্ডাৰৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলক ধূমপান কৰা সামগ্ৰী যোগান ধৰিছিল। ব্লিংকিট কোম্পানীৰ লগত কিমান মানুহ জড়িত আৰু তেওঁলোকৰ ভূমিকা কি? এই সন্দৰ্ভতো তদন্ত চলি আছে। ইয়াত স্থাপন কৰা চিচিটিভিৰ ভিডিঅ’ৰ দ্বাৰা তদন্ত অব্যাহত আছে।

বিদ্যালয়, মহাবিদ্যালয়, কোচিং চেণ্টাৰ, চিকিৎসালয়ৰ ওচৰত যিকোনো ধৰণৰ মাদক দ্ৰব্য বিক্ৰী কৰাটো অপৰাধ। নাবালক শিশু আৰু ছাত্ৰ-ছাত্ৰীক ধূমপানৰ সামগ্ৰী প্ৰদান কৰাটো জে জে আইনৰ অধীনত অপৰাধ, যাৰ অধীনত বিক্ৰেতাক ৭ বছৰৰ কাৰাদণ্ড আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। মহানগৰীৰ নাগৰিক আৰু ছাত্র-ছাত্রীলৈ আহ্বান জনোৱা হৈছে যে যদি কোনো দোকানীয়ে নাবালক শিশুক মাদক দ্ৰব্য বা ধূমপান সামগ্ৰী যোগান ধৰে, তেন্তে তেওঁৰ ফটো তুলি আৰক্ষী নিয়ন্ত্ৰণ কক্ষক অৱগত কৰি আৰক্ষীক সহায় কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান