--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নিদাৰুণ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোগীৰাজ্য উত্তৰ প্ৰদেশত। পত্নী আৰু দুই সন্তানক হাতুৰিৰে  কোবাই হত্যা কৰাৰ  পিছত এজন চিকিৎসকলে আত্মহত্যা কৰাৰ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশকে।   চকু বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে কিয় এনে ভয়ংকৰ পন্থা বাছি ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।  আত্মহত্যা কৰা  চিকিৎসকগৰাকীয়ে ৰে’লৱেত চিকিৎসা বিষয়া হিচাপে কাম কৰি আছিল।

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে চিকিৎসকগৰাকীয়ে  আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ পত্নী আৰু দুই সন্তানক তেওঁৰ চৰকাৰী বাসভৱনতে হত্যা কৰিছিল। আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত সংঘটিত হৈছে। ডাঃ অৰুণ কুমাৰে লালগঞ্জ ৰে’লৱে কোচ কাৰখানাত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ হতাশাত ভুগি আছিল।  

পাৰিবাৰিক বিবাদৰ বাবেও ঘটনাটো ঘটিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। চুবুৰীয়াই প্ৰকাশ কৰা মতে  চিকিৎসকৰ  পৰিয়ালটোক শেষবাৰৰ বাবে দেওবাৰে ঘৰৰ বাহিৰত দেখা গৈছিল। এজন সহকৰ্মী চিকিৎসকগৰাকীৰ  ঘৰলৈ গৈছিল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল। তেওঁ খিৰিকীৰ মাজেৰে উঁকি মাৰি চাইছিল আৰু ভিতৰত  মৃতদেহবোৰ সিঁচৰতি হৈ পৰি থকা দেখা পাইছিল। লগে লগে আৰক্ষীক  খবৰ দিয়া হৈছিল।

আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি  চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে । এছ পি প্ৰিয়দৰ্শীয়ে কয়, "প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চিকিৎসকগৰাকীয়ে  প্ৰথমে তেওঁৰ পত্নী অৰ্চনা, পুত্ৰ আৰৱ আৰু কন্যা আদিভাক  বেজী দি  অচেতন কৰি লৈছিল। তাৰ পিছত  তেওঁলোকৰ মূৰত হাতুৰিৰে কোবাই  হত্যা কৰিছিল। অৱশেষত, তেওঁ আত্মহত্যা  কৰে। তেওঁ নিজৰ হাতৰ সিৰা কটাৰ লগতে চিপো লয়।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক