--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক নিদাৰুণ হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে যোগীৰাজ্য উত্তৰ প্ৰদেশত। পত্নী আৰু দুই সন্তানক হাতুৰিৰে  কোবাই হত্যা কৰাৰ  পিছত এজন চিকিৎসকলে আত্মহত্যা কৰাৰ ঘটনাই জোকাৰি গৈছে উত্তৰ প্ৰদেশৰ লগতে সমগ্ৰ দেশকে।   চকু বিশেষজ্ঞ চিকিৎসকগৰাকীয়ে কিয় এনে ভয়ংকৰ পন্থা বাছি ল’লে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।  আত্মহত্যা কৰা  চিকিৎসকগৰাকীয়ে ৰে’লৱেত চিকিৎসা বিষয়া হিচাপে কাম কৰি আছিল।

 আৰক্ষীয়ে প্ৰকাশ কৰা মতে চিকিৎসকগৰাকীয়ে  আত্মহত্যা কৰাৰ পূৰ্বে তেওঁৰ পত্নী আৰু দুই সন্তানক তেওঁৰ চৰকাৰী বাসভৱনতে হত্যা কৰিছিল। আৰক্ষীয়ে মৃতদেহকেইটা উদ্ধাৰ কৰি  মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।ঘটনাটো উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত সংঘটিত হৈছে। ডাঃ অৰুণ কুমাৰে লালগঞ্জ ৰে’লৱে কোচ কাৰখানাত চিকিৎসা বিষয়া হিচাপে কৰ্মৰত আছিল। আৰক্ষীয়ে প্ৰকাশ কৰা মতে তেওঁ হতাশাত ভুগি আছিল।  

পাৰিবাৰিক বিবাদৰ বাবেও ঘটনাটো ঘটিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছে। চুবুৰীয়াই প্ৰকাশ কৰা মতে  চিকিৎসকৰ  পৰিয়ালটোক শেষবাৰৰ বাবে দেওবাৰে ঘৰৰ বাহিৰত দেখা গৈছিল। এজন সহকৰ্মী চিকিৎসকগৰাকীৰ  ঘৰলৈ গৈছিল আৰু দুৱাৰখন ভিতৰৰ পৰা বন্ধ হৈ থকা দেখিছিল। তেওঁ খিৰিকীৰ মাজেৰে উঁকি মাৰি চাইছিল আৰু ভিতৰত  মৃতদেহবোৰ সিঁচৰতি হৈ পৰি থকা দেখা পাইছিল। লগে লগে আৰক্ষীক  খবৰ দিয়া হৈছিল।

আৰক্ষীয়ে ঘৰটোৰ দুৱাৰ ভাঙি  চাৰিজন লোকৰ মৃতদেহ উদ্ধাৰ কৰে । এছ পি প্ৰিয়দৰ্শীয়ে কয়, "প্ৰাথমিক অনুসন্ধানত প্ৰকাশ পাইছে যে চিকিৎসকগৰাকীয়ে  প্ৰথমে তেওঁৰ পত্নী অৰ্চনা, পুত্ৰ আৰৱ আৰু কন্যা আদিভাক  বেজী দি  অচেতন কৰি লৈছিল। তাৰ পিছত  তেওঁলোকৰ মূৰত হাতুৰিৰে কোবাই  হত্যা কৰিছিল। অৱশেষত, তেওঁ আত্মহত্যা  কৰে। তেওঁ নিজৰ হাতৰ সিৰা কটাৰ লগতে চিপো লয়।"


FOLLOW US F
POPULAR
FEATURE
TRENDY
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
২০ বছৰৰ পাছত ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ ; ভাৰতীয় অলিম্পিক এছ’চিয়েশ্যনে জনালে অনুমোদন
ডিব্ৰুগড়ত 'হৰ ঘৰ তিৰংগা অভিযান' ৰূপায়ণ কেন্দ্রীয় মন্ত্ৰী সোণোৱালৰ
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক