--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছত্তীশগড়ে হয়তো লাভ কৰিব প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী। মুখ্যমন্ত্ৰী পদৰ বাবে সঘনে নাম উচ্চাৰিত হৈছে  ৰেণুকা সিঙৰ।  অনুসূচীত জনজাতিৰ ৰেণুকা সিঙক বিজেপিয়ে মুখ্যমন্ত্ৰী চকীত বহুৱাব পাৰে বুলি ব্যাপক চৰ্চা চলিছে।  সম্প্ৰতি নৰে্দ্ৰ  মোদীৰ চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰেণুকা সিং  ছত্তীশগড়ৰ চাৰাগুজা অঞ্চলত অতি জনপ্ৰিয়।   এই ঠাই খন   আদিবাসী লোকেৰে পৰিপূৰ্ণ। ৰেণুকা সিঙে ২০২৩  চনৰ বিধানসভা নিৰ্বাচনৰ সময়ত বিজেপিৰ হৈ শক্তিশালী প্ৰচাৰ চলাইছিল।

ছত্তীশগড়ৰ কোৰিয়া জিলাৰ পোৰি বাচৰা গাঁৱত ৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা ৰেণুকা সিঙে  তেওঁৰ ৰাজনৈতিক যাত্ৰা ৰামনাজ নগৰ জিলা পঞ্চায়তৰ সদস্য হিচাপে আৰম্ভ কৰিছিল। তৃণমূল ৰাজনীতিৰ জৰিয়তে উত্থান ঘটা  সিঙে ৰামনাজ নগৰত বিজেপি মণ্ডলৰ সভানেত্ৰী  হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৩ চনত প্ৰেমনগৰ বিধানসভা আসনত তেওঁ  বিজয়ী হৈছিল।২০০৮ চনৰ ভিতৰত সিঙে মহিলা আৰু শিশু বিকাশ আৰু সমাজ কল্যাণ বিভাগত অন্তৰ্ভুক্তিৰে ৰমন সিং চৰকাৰৰ অংশ হৈ পৰিছিল।

 সাংসদঃ ২০১৯ চনত সিঙে বিজেপিক প্ৰতিনিধিত্ব কৰি চাৰাগুজা লোকসভা সমষ্টিৰ পৰা বিজয় লাভ কৰিছিল। বৰ্তমান, তেওঁ মোদী চৰকাৰত জনজাতীয় পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।  নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে ভূপেশ বাঘেলৰ নেতৃত্বত মহিলাসকলক অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছিল।  বিজেপিয়ে ক্ষমতালৈ আহিলে মহিলাৰ বিকাশক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল। প্ৰচাৰৰ সময়ত 'মাতাহাৰী বন্দনা' আঁচনিয়ে জনপ্ৰিয়তা লাভ  কৰিছিল। সেয়ে  নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰি   বিজেপিয়ে ৰেণুকা সিঙক মুখ্যমন্ত্ৰীৰ পদত বহুৱাব পাৰে বুলি বহুতে আলোচনা কৰিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ