--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিমিষতে থানবান হৈ গ’ল সকলো সপোন৷ শুকুৰবাবে কাশ্মীৰৰ ৰাজৌৰীত পাকিস্তানী সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত পাঁচ জন সেনা জোৱান ৰ ভিতৰৰে এজন আছিল সিদ্ধান্ত ছেত্ৰী৷ সিদ্ধান্তই মাত্ৰ যোৱা মাহত বিয়া কৰোৱাই পুনৰ কৰ্তব্যস্থলীলৈ উভতি গৈছিল৷ ন কইনাৰ গাৰ পৰা মাহ-হালধীৰ গোন্ধ নৌযাওতেই সিদ্ধান্ত ছেত্ৰীয়ে চিৰ দিনৰ বাবে চকু মুদিলে৷ 

ৰাজৌৰীত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত সৈনিকসকলৰ ভিতৰত পেৰাট্ৰুপাৰ সিদ্ধান্ত ছেত্ৰীৰ নামটো দেখি চমকি উঠিছিল বহুজনে৷ সিদ্ধান্তৰ পৰিয়াল আৰু বন্দু-বৰ্গই বিশ্বাস কৰিব পৰা নাছিল সেই খবৰটো৷ ভাৰতীয় সেনাৰ স্বহীদ সিদ্ধান্ই  ২০১৯ চনত সেনা বাহিনীত যোগদান কৰিছিল আৰু ২০২১ চনত পেৰা এছএফলৈ নিৰ্বাচিত হৈছিল।

শুকুৰবাৰে জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাৰ কান্দি বনাঞ্চলত সন্ত্ৰাসবাদীৰ আক্ৰমণত ৰাইফলমেন সিদ্ধান্ত ছেত্ৰীকে ধৰি পাঁচজন সেনা জোৱান নিহত হয়। ২৫ বছৰীয়া পেৰাট্ৰুপাৰ সিদ্ধান্ত ছেত্ৰীয়ে যোৱা মাহত  বিবাহ পাশত আৱদ্ধ হৈছিল। বিয়াৰ পিছত এপ্ৰিলমাহতহে তেওঁ কৰ্তব্যলৈ উভতি আহিছিল। সিদ্ধান্ত ছেত্ৰী মূলতঃ পশ্চিম বংগৰ দাৰ্জিলিং পুলবজাৰৰ বাসিন্দা আছিল। তেওঁক জম্মুত নিযুক্তি দিয়া হৈছিল।  তেওঁ ভাৰতীয় সেনাৰ  বহু অভিযানত অংশগ্ৰহণ কৰিছিল।

 বিয়াৰ পিছত  তেওঁ ১৪ এপ্ৰিলত জম্মুলৈ উভতি গৈছিল৷কালিৰ আক্ৰমণৰ ঘটনাটোত ছেত্ৰীৰ উপৰিও চাৰিজন শ্বহীদ হৈছে উত্তৰাখণ্ডৰ গেইৰচাইনৰ লেন্স নায়েক ৰুচিন সিং ৰাৱট, হিমাচল প্ৰদেশৰ কাংৰা জিলাৰ নায়েক অৰবিন্দ কুমাৰ, জম্মুৰ আখনুৰৰ হাবিলদাৰ নীলম সিং আৰু হিমাচল প্ৰদেশৰ চিৰমৌৰৰ পেৰাট্ৰুপাৰ প্ৰমোদ নেগী নিহত হয়। সামৰিক পৰম্পৰাৰ  শ্বহীদসকলৰ নশ্বৰ দেহৰ অন্তিম সংস্কাৰৰ বাবে তেওঁলোকৰ জন্মস্থানলৈ লৈ যোৱা হৈছে৷ আজি কেন্দ্ৰীয় প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে ৰাজৌৰীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়৷ ইপিনে আজি ৰাজৌৰীয়ে সেনাই এজন সন্ত্ৰাসবাদীক গুলীয়াই নিধন কৰে৷ 

 উল্লেখ্য ভাৰতীয় সেনাই শুকুৰবাৰে ৰাজৰীত সন্‌ৰাসবাদ  বিৰোধী অভিযান আৰম্ভ কৰিছিল। সেই সময়তে সন্ত্ৰাসবাদীয়ে বোমা  বিস্ফোৰণ ঘটোৱাত ঘটনাস্থলীত পাঁচজন  সৈনিকৰ মৃত্যু হয়। এই ঘটনাত এজন বিষয়াসহ চাৰি জোৱান  লোক আহত হয়।  কেইদিনমান আগতে সন্ত্ৰাসবাদীয়ে  সেনাৰ এখন ট্ৰাকত  বিস্ফোৰণ ঘটাই পাঁচজন সেনা জোৱানক  হত্যা কৰিছিল। 










FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে