--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুকুৰবাৰে নিশা ভয়ংকৰ ভূমিস্খলন হয়। এই ভয়ংকৰ ভূমিস্খলনত অসমৰ কমেও চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।  

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।  ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু হয়। শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল।

ভূমিস্খলনৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে শ্ৰমিক কেইজন জীৱন্তে সমাধিস্থ হয়। এতিয়ালৈকে মৃত শ্ৰমিক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল।

উল্লেখ্য যে, বিগত পাঁচদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ আছিল যাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল