--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অসমৰ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত শুকুৰবাৰে নিশা ভয়ংকৰ ভূমিস্খলন হয়। এই ভয়ংকৰ ভূমিস্খলনত অসমৰ কমেও চাৰিজন শ্ৰমিকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।  

জানিব পৰা মতে, অৰুণাচল প্ৰদেশৰ আপাৰ ছিয়াং জিলাত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা।  ইংকিয়াং- টুটিং ৰোডৰ মচিং গাঁৱত হোৱা এক বৃহৎ ভূমিস্খলনৰ ফলত অসমৰ ৪ জন পথ নিৰ্মাণকৰ্মীৰ মৃত্যু হয়। শোকাৱহ ঘটনাটোত প্ৰাণ হেৰুওৱা শ্ৰমিক কেইজন পথ নিৰ্মাণৰ কামত নিয়োজিত হৈ আছিল।

ভূমিস্খলনৰ ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে শ্ৰমিক কেইজন জীৱন্তে সমাধিস্থ হয়। এতিয়ালৈকে মৃত শ্ৰমিক কেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই। ভূমিস্খলন হোৱাৰ সময়ত শ্ৰমিকসকলে পথৰ কাষৰ অস্থায়ী কেম্পত শুই আছিল।

উল্লেখ্য যে, বিগত পাঁচদিন ধৰি হৈ থকা নেৰা নেপেৰা বৰষুণৰ বাবেই এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। অঞ্চলটোত বিগত পাঁচ দিন ধৰি নেৰেনেপেৰা বৰষুণ হৈ আছিল যাৰ বাবে টুটিং অঞ্চলৰ বহিঃজগতৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ আছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে