--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ উন্নাও জিলাত ধৰ্ষণৰ বলি হোৱা এগৰাকী  ১৫ বছৰীয়া নাবালিকাই এটি  সন্তান জন্ম দিছে।নাবালিকাগৰাকীয়ে চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পুত্ৰ  সন্তানটি  জন্ম দিয়ে। চিকিৎসালয়খনে নিশ্চিত কৰিছে যে মাতৃ আৰু শিশু দুয়ো বৰ্তমান সুস্থ হৈ আছে।নাবালিকাগৰাকীক শুক্ৰবাৰে আবেলি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল।

কেঁচুৱাটো জন্ম হোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে সাংবাদিকক কয়  যে তেওঁলোকৰ ছোৱালীক ন মাহ আগতে তেওঁলোকৰ এলেকাত বাস কৰা এজন ১৭ বছৰীয়া লৰাই ধৰ্ষণ কৰিছিল। অভিযুক্তজন বৰ্তমান কিশোৰ কাৰাগাৰত বন্দী হৈ আছে। ভুক্তভোগীৰ পৰিয়ালে কয়  যে অভিযুক্তজনে নাবালিকাগৰাকীক ভাবুকি দিছিল তেওঁ ঘটনাটোৰ বিষয়ে   ঘৰৰ কাৰোবাক কয় তেন্তে তেওঁক পুনৰ ধৰ্ষণ কৰিব আৰু হত্যা কৰিব৷ নাবালিকাগৰাকীয়ে সেয়ে  ভয় খাইছিল আৰু ঘটনাটোৰ বিষয়ে কাকো কোৱা নাছিল। 

ইফালে সময় যোৱাৰ লগে লগে  নাবালিকাগৰাকীৰ দেহত  গৰ্ভধাৰণৰ চিন পৰিস্ফূট হ’বলৈ ধৰে৷ নাবালিকাগৰাকীৰ পৰিয়ালে  পাঁচ মাহ আগতে  গৰ্ভধাৰণৰ বিষয়ে জানিব পাৰিছিল ৷লগে লগে তেওঁক এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা হৈছিল৷ 

চিকিৎসা পৰীক্ষাৰ পিছত নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰাটো  নিশ্চিত কৰা হৈছিল। ইয়াৰ পিছত তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এই বিষয়ত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তজনক জিম্মাত লৈ লক্ষ্ণৌৰ কিশোৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) শশী শেখৰ সিঙে কয় যে পৰিয়ালটোৱে হত্যাৰ চেষ্টা চলোৱাৰ  এটা গোচৰো ৰুজু কৰিছে। ইতিমধ্যে মাতৃ আৰু শিশুৰ সুৰক্ষাৰ বাবে চিকিৎসালয়ত আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সিঙে সাংবাদিকক জানিবলৈ দিছে ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
নিতৌ চুৰিকাণ্ডৰে ৰাইজৰ নিদ্ৰা হৰণ কৰা কুখ্যাত চোৰৰ দলক গ্ৰেপ্তাৰ মঙলদৈ আৰক্ষীৰ
খালী পেটত কেঁচা নহৰু খালে নানা উপকাৰ পোৱা যায়! জানি লওক সৱিশেষ
অসমৰ যুৱকৰ থাইলেণ্ডত ৰহস্যজনক মৃত্যু
কৰিশ্মা নাথৰ দলক নিষিদ্ধ ঘোষণাৰ দাবী কলাগুৰুৰ পুত্ৰৰ
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল ৰিম্পী বুঢ়াগোহাঁই ; নিজ গাঁৱত উষ্ম আদৰণি খেলুৱৈ গৰাকীক
জ্যোতিচিত্ৰবনত অনুষ্ঠিত হৈছে আমাৰ ভূপেন দা ছিজন ৯ ৰ গুৱাহাটী অডিচন
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান