--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ উন্নাও জিলাত ধৰ্ষণৰ বলি হোৱা এগৰাকী  ১৫ বছৰীয়া নাবালিকাই এটি  সন্তান জন্ম দিছে।নাবালিকাগৰাকীয়ে চৰকাৰী স্বাস্থ্য কেন্দ্ৰত পুত্ৰ  সন্তানটি  জন্ম দিয়ে। চিকিৎসালয়খনে নিশ্চিত কৰিছে যে মাতৃ আৰু শিশু দুয়ো বৰ্তমান সুস্থ হৈ আছে।নাবালিকাগৰাকীক শুক্ৰবাৰে আবেলি সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল।

কেঁচুৱাটো জন্ম হোৱাৰ পিছত ভুক্তভোগীৰ পৰিয়ালৰ সদস্যসকলে সাংবাদিকক কয়  যে তেওঁলোকৰ ছোৱালীক ন মাহ আগতে তেওঁলোকৰ এলেকাত বাস কৰা এজন ১৭ বছৰীয়া লৰাই ধৰ্ষণ কৰিছিল। অভিযুক্তজন বৰ্তমান কিশোৰ কাৰাগাৰত বন্দী হৈ আছে। ভুক্তভোগীৰ পৰিয়ালে কয়  যে অভিযুক্তজনে নাবালিকাগৰাকীক ভাবুকি দিছিল তেওঁ ঘটনাটোৰ বিষয়ে   ঘৰৰ কাৰোবাক কয় তেন্তে তেওঁক পুনৰ ধৰ্ষণ কৰিব আৰু হত্যা কৰিব৷ নাবালিকাগৰাকীয়ে সেয়ে  ভয় খাইছিল আৰু ঘটনাটোৰ বিষয়ে কাকো কোৱা নাছিল। 

ইফালে সময় যোৱাৰ লগে লগে  নাবালিকাগৰাকীৰ দেহত  গৰ্ভধাৰণৰ চিন পৰিস্ফূট হ’বলৈ ধৰে৷ নাবালিকাগৰাকীৰ পৰিয়ালে  পাঁচ মাহ আগতে  গৰ্ভধাৰণৰ বিষয়ে জানিব পাৰিছিল ৷লগে লগে তেওঁক এগৰাকী স্ত্ৰীৰোগ বিশেষজ্ঞৰ ওচৰলৈ লৈ যোৱা হৈছিল৷ 

চিকিৎসা পৰীক্ষাৰ পিছত নাবালিকাগৰাকীয়ে গৰ্ভধাৰণ কৰাটো  নিশ্চিত কৰা হৈছিল। ইয়াৰ পিছত তেওঁৰ পৰিয়ালে আৰক্ষীৰ ওচৰত এই বিষয়ত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে অভিযুক্তজনক জিম্মাত লৈ লক্ষ্ণৌৰ কিশোৰ কাৰাগাৰলৈ প্ৰেৰণ কৰে। অতিৰিক্ত আৰক্ষী অধীক্ষক (এএছপি) শশী শেখৰ সিঙে কয় যে পৰিয়ালটোৱে হত্যাৰ চেষ্টা চলোৱাৰ  এটা গোচৰো ৰুজু কৰিছে। ইতিমধ্যে মাতৃ আৰু শিশুৰ সুৰক্ষাৰ বাবে চিকিৎসালয়ত আৰক্ষী কৰ্মী মোতায়েন কৰা হৈছে। আৰক্ষীয়ে পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক সিঙে সাংবাদিকক জানিবলৈ দিছে ।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক