--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অসম-মিজোৰাম সীমান্তত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। মিজো আৰক্ষী জোৱানৰ গুলীত প্ৰাণ গ’ল দুই সতীৰ্থৰ। ৫ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬:৪০ বজাত সংঘটিত হোৱা এক কৰুণ হত্যাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। সশস্ত্ৰ আৰক্ষী হাবিলদাৰ বিমলকান্তি চাকমাই তেওঁৰ দুজন সতীৰ্থ আৰক্ষীক গুলীয়াই হত্যা কৰে।

খবৰ অনুসৰি ঘটনাৰ সময়ত অভিযুক্ত আৰক্ষীগৰাকীয়ে অতিমাত্ৰাত মদ্যপান কৰি আছিল বুলি জানিব পৰা গৈছে।

নিহত আৰক্ষীকেইজন হাবিলদাৰ ইন্দ্ৰ কুমাৰ আৰু হাবিলদাৰ জে লালৰোহলুৱা বুলি জানিব পৰা গৈছে। এই আটাইকেইজনেই ২নং বেটেলিয়ন মিজোৰাম সশস্ত্ৰ আৰক্ষীৰ অন্তৰ্গত আৰু বৰ্তমান মিজোৰাম পক্ষৰ অসম-মিজোৰাম সীমান্তৰ বুৰচেপ এলেকাত কৰ্মৰত হৈ আছে।

লুংলেই জিলাৰ হাবিলদাৰ জে লালৰোহলুৱাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আনজন হাবিলদাৰ লংটলাই জিলাৰ ইন্দ্ৰ কুমাৰৰ মিজোৰামৰ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয়।

ইয়াৰ পিছতে গুলীচালনা কৰা হাবিলদাৰ বিমলকান্তি চাকমাক আটক কৰি অধিক তদন্তৰ বাবে আইজললৈ লৈ যোৱা হয়। ঘটনাটো মিজোৰামৰ বুৱাৰচেপ পেট্ৰ’ল পাম্পত সংঘটিত হৈছে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে।




 



FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু