--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। অসম-মিজোৰাম সীমান্তত এক গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। মিজো আৰক্ষী জোৱানৰ গুলীত প্ৰাণ গ’ল দুই সতীৰ্থৰ। ৫ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬:৪০ বজাত সংঘটিত হোৱা এক কৰুণ হত্যাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। সশস্ত্ৰ আৰক্ষী হাবিলদাৰ বিমলকান্তি চাকমাই তেওঁৰ দুজন সতীৰ্থ আৰক্ষীক গুলীয়াই হত্যা কৰে।

খবৰ অনুসৰি ঘটনাৰ সময়ত অভিযুক্ত আৰক্ষীগৰাকীয়ে অতিমাত্ৰাত মদ্যপান কৰি আছিল বুলি জানিব পৰা গৈছে।

নিহত আৰক্ষীকেইজন হাবিলদাৰ ইন্দ্ৰ কুমাৰ আৰু হাবিলদাৰ জে লালৰোহলুৱা বুলি জানিব পৰা গৈছে। এই আটাইকেইজনেই ২নং বেটেলিয়ন মিজোৰাম সশস্ত্ৰ আৰক্ষীৰ অন্তৰ্গত আৰু বৰ্তমান মিজোৰাম পক্ষৰ অসম-মিজোৰাম সীমান্তৰ বুৰচেপ এলেকাত কৰ্মৰত হৈ আছে।

লুংলেই জিলাৰ হাবিলদাৰ জে লালৰোহলুৱাৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে আনজন হাবিলদাৰ লংটলাই জিলাৰ ইন্দ্ৰ কুমাৰৰ মিজোৰামৰ ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱাৰ পথত মৃত্যু হয়।

ইয়াৰ পিছতে গুলীচালনা কৰা হাবিলদাৰ বিমলকান্তি চাকমাক আটক কৰি অধিক তদন্তৰ বাবে আইজললৈ লৈ যোৱা হয়। ঘটনাটো মিজোৰামৰ বুৱাৰচেপ পেট্ৰ’ল পাম্পত সংঘটিত হৈছে। এই ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য অব্যাহত আছে।




 



FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক