--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়াৱহ দুৰ্ঘটনাই জোকাৰি গল উত্তৰাখণ্ডক। খন্তেকৰ ভিতৰতে সেয়ে বিয়াৰ  আনন্দ নিৰানন্দত পৰিণত হয়। বিয়াৰ পৰা বহু লোকে এখন গাড়ীৰে  ঘৰলৈ ৰাওনা  হৈছিল। কিন্তু শেষত তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে   ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় । বিবাহযাত্ৰীৰ  গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰাৰৰ ফলতে চাৰিগৰাকী লোক নিহত হয়।  ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। 

সোমবাৰে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনত আঠজন লোকে এখন  বিয়াৰ পৰা উভতি আহি আছিল। গাড়ীখনে এণ্ডোলি অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ২০০ মিটাৰ গভীৰ খাৱৈত বাগৰি  পৰে। ঘটনাস্থলীতে  চাৰিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়। 

স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এএছআই সুন্দৰ সিং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ তদাৰকী কৰিছে।   দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলে সংবাদ মাধ্যমককয় যে আহতসকলক স্থানীয় লোকৰ সহায়ত খাদৰ পৰা উদ্ধাৰ কৰা হৈছে।  মৃতদেহবোৰো উদ্ধাৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু