--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এক ভয়াৱহ দুৰ্ঘটনাই জোকাৰি গল উত্তৰাখণ্ডক। খন্তেকৰ ভিতৰতে সেয়ে বিয়াৰ  আনন্দ নিৰানন্দত পৰিণত হয়। বিয়াৰ পৰা বহু লোকে এখন গাড়ীৰে  ঘৰলৈ ৰাওনা  হৈছিল। কিন্তু শেষত তেওঁলোকৰ মাজৰে চাৰিগৰাকীয়ে   ঘৰ গৈ নাপালে।উত্তৰাখণ্ডৰ পিথোৰাগড়ত সংঘটিত এক দুৰ্ঘটনাত চাৰিজন লোক নিহত হয় । বিবাহযাত্ৰীৰ  গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা খাৱৈত পৰাৰৰ ফলতে চাৰিগৰাকী লোক নিহত হয়।  ঘটনাটোত আন চাৰিজন লোক আহত হৈছে। তেওঁলোকক চিকিৎসালয়ত চিকিৎসাধীন কৰোৱা হৈছে। 

সোমবাৰে উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখনত আঠজন লোকে এখন  বিয়াৰ পৰা উভতি আহি আছিল। গাড়ীখনে এণ্ডোলি অঞ্চলৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায় আৰু প্ৰায় ২০০ মিটাৰ গভীৰ খাৱৈত বাগৰি  পৰে। ঘটনাস্থলীতে  চাৰিজন লোকৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ পিছত ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (এছডিআৰএফ) ঘটনাস্থলীত উপস্থিত হয়। 

স্থানীয় লোকসকলেও তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহে । আহতসকলক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হৈছে। এএছআই সুন্দৰ সিং ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰৰ তদাৰকী কৰিছে।   দুৰ্যোগ সঁহাৰি বাহিনীৰ বিষয়াসকলে সংবাদ মাধ্যমককয় যে আহতসকলক স্থানীয় লোকৰ সহায়ত খাদৰ পৰা উদ্ধাৰ কৰা হৈছে।  মৃতদেহবোৰো উদ্ধাৰ কৰা হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ